প্ৰকাশ পালে IPL নিলামৰ চূড়ান্ত খেলুৱৈৰ তালিকাঃ কোনকেইগৰাকী খেলুৱৈ বাদ পৰিল, চাওক…

আই পি এলৰ আগন্তুক মেগা নিলামৰ বাবে আজি বিচিচিআইয়ে চূড়ান্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত নিলামৰ বাবে নাম পঞ্জীয়ন কৰা ১০০০ খেলুৱৈৰ নাম বাদ দিয়া হৈছে। আনহাতে মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম নিলামৰ বাবে চূড়ান্ত কৰা হৈছে। এক বিবৃতি যোগে বিচিচিআইয়ে চূড়ান্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে।

প্ৰকাশ পালে IPL নিলামৰ চূড়ান্ত খেলুৱৈৰ তালিকাঃ কোনকেইগৰাকী খেলুৱৈ বাদ পৰিল, চাওক...

অহা ২৫ আৰু ২৬ নৱেম্বৰত হ’ব নিলাম

Updated On: 

23 Nov 2024 12:27 PM

অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাহত অনুষ্ঠিত হ’ব আই পি এলৰ আগন্তুক ছিজনৰ বাবে খেলুৱৈৰ মেগা নিলাম। এই মেগা নিলামৰ বাবে আজি বিচিচিআইয়ে চূড়ান্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত নিলামৰ বাবে নাম পঞ্জীয়ন কৰা ১০০০ খেলুৱৈৰ নাম বাদ দিয়া হৈছে। আনহাতে মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম নিলামৰ বাবে চূড়ান্ত কৰা হৈছে। এক বিবৃতি যোগে বিচিচিআইয়ে চূড়ান্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। লক্ষণীয়ভাৱে নিলামৰ পৰা বাদ পৰা খেলুৱৈৰ তালিকাত আছে ইংলেণ্ডৰ জ’ফ্ৰা আৰ্চাৰ আৰু অষ্ট্ৰেলিয়াৰ কেমেৰুণ গ্ৰীণৰ দৰে তাৰকা খেলুৱৈ।

উল্লেখ্য যে নিলামত অংশ লোৱাৰ বাবে খেলুৱৈসকলে নিজৰ নাম পঞ্জীয়ন কৰে আৰু তাৰ পিছত ভিত্তি মূল্য অনুযায়ী তেওঁলোকক বাছনি কৰা হয়। এই বাছনি তালিকাৰ পৰাই আৰ্চাৰ, গ্ৰীণৰ দৰে খেলুৱৈক বাদ দিয়া হৈছে। তেওঁলোকৰ লগতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অমিত মিশ্ৰ, আমেৰিকান পেচাৰ সৌৰভ নেত্ৰৱালৰ নামো এই তালিকাৰ পৰা কৰ্তন কৰা হৈছে। অৰ্থাৎ আগন্তুক মেগা নিলামত দেখা নাযাব এইসকল খেলুৱৈৰ নাম।

ইংলেণ্ডৰ পেচ আক্ৰমণৰ প্ৰধান শক্তি জ’ফ্ৰা আৰ্চাৰৰ নাম এই তালিকাৰ পৰা বাদ পৰাক কেন্দ্ৰ কৰি ক্ৰিকেট অনুৰাগীৰ মাজত কিছু চৰ্চা আৰম্ভ হৈছে। তাৰকা পেচাৰগৰাকীয়ে বৰ্তমান ইংলেণ্ডৰ হৈ টি-২০ ক্ৰিকেটতো অংশ লৈছে। তুলনামূলকভাৱে উন্নত প্ৰদৰ্শনো দাঙি ধৰিছে আৰ্চাৰে। এনে পৰিস্থিতিত তেওঁৰ নাম এই তালিকাৰ পৰা বাদ পৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে। একেদৰে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্ৰীণৰ নাম বাদ পৰাক লৈয়ো চৰ্চা হোৱা দেখা গৈছে।

 

চাওক আই পি এল ২০২৫ৰ মেগা নিলাম সন্দৰ্ভত কিছু বিশেষ তথ্যঃ

আাগন্তুক মেগা নিলামৰ বাবে সৰ্বমুঠ ১৫৭৪ গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছিল, ইয়াৰে ১০০০ খেলুৱৈৰ নাম মূল তালিকাৰ পৰা বাদ পৰিছে।

এতিয়া মেগা নিলামত মুঠ ৫৭৪জন খেলুৱৰ নাম থাকিব। ইয়াৰে ৩৬৬ গৰাকী ভাৰতীয় খেলুৱৈ আৰু ২০৮ গৰাকী বিদেশী খেলুৱৈ। আনহাতে নিলামত ৩১৮ গৰাকী আনকেপড ভাৰতীয় খেলুৱৈ আৰু ১২ গৰাকী আনকেপড বিদেশী খেলুৱৈ থাকিব।

সহযোগী দেশৰ ৩ গৰাকী খেলুৱৈয়ে আই পি এলৰ খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে।

চূড়ান্ত তালিকাত ২ কোটি টকাৰ বেচ প্ৰাইজত ৮১ গৰাকী খেলুৱৈ, ১.৫০ কোটি টকাৰ শাখাত ২৭ গৰাকী, ১.২৫ কোটি টকাৰ শাখাত ১৮ গৰাকী আৰু ১ কোটি টকাৰ শাখাত ২৩ গৰাকী খেলুৱৈৰ নাম তালিকাভুক্ত কৰা হৈছে।

অৱশ্যে এই ৫৭৪ গৰাকী খেলুৱৈৰ ভিতৰত নিলামত সৰ্বাধিক ২০৪ গৰাকী খেলুৱৈহে ক্ৰয় কৰিব পাৰিব।

আই পি এল ২০২৫ৰ নিলামত সৰ্বকনিষ্ঠ খেলুৱৈগৰাকী হৈছে মাত্ৰ ১৪ বছৰ বয়সৰ বৈভৱ সূৰ্যবংশী। আনহাতে ৪২ বছৰ বয়সীয়া ইংলেণ্ডৰ প্ৰাক্তন তাৰকা জেমছ এণ্ডাৰছন হৈছে আটাইতকৈ বয়স্ক খেলুৱৈ।

Related Stories
অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!