কাইলৈ আই পি এলৰ মেগা নিলামঃ কোন দলৰ হাতত আছে কিমান ধন, চাওক সবিশেষ

চৌদি আৰৱৰ জেদ্দাহ চহৰত দেওবাৰ আৰু সোমবাৰে আই পি এলৰ মেগা নিলাম অনুষ্ঠিত হ’ব। প্ৰতিটো দলে ১২০ কোটি টকাৰ নিলাম পাৰ্চ লাভ কৰিছিল যদিও ইয়াৰে কিছু অংশ ইতিমধ্যেই খেলুৱৈৰ ৰিটেনচনৰ বাবে ব্যয় কৰিছে। এতিয়া কাইলৈৰ নিলামৰ বাবে ফ্ৰেন্সাইজিসমূহৰ হাতত কিমান ধন জমা আছে চাওঁ আহক।

কাইলৈ আই পি এলৰ মেগা নিলামঃ কোন দলৰ হাতত আছে কিমান ধন, চাওক সবিশেষ

কাইলৈৰ পৰা আই পি এলৰ মেগা নিলাম

Published: 

23 Nov 2024 21:13 PM

কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত মেগা নিলাম। চৌদি আৰৱৰ জেদ্দাহ চহৰত দেওবাৰ আৰু সোমবাৰে এই নিলাম অনুষ্ঠিত হ’ব। আই পি এলৰ এই নিলামক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশেষত দেওবাৰ আৰু সোমবাৰে ক্ৰিকেটপ্ৰেমীৰ এই দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পৰিব। এই দুটা দিনত ক্ৰিকেট বিশ্বৰ বহু তাৰকা খেলুৱৈৰ লগতে অখ্যাত বহু খেলুৱৈৰো ভাগ্য উদয় হ’ব। নিলামত প্ৰধানকৈ ঋষভ পণ্ট, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, জ’ছ বাটলাৰ, আদি খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

উল্লেখ্য যে এইবাৰ নিলামৰ বিচিচিআইয়ে ফ্ৰেঞ্চাইজিসমূহৰ সুবিধা হোৱাকৈ নিলামৰ পাৰ্চ বৃদ্ধি কৰিছিল। সেই অনুসাৰে প্ৰতিটো দলে ১২০ কোটি টকা ধন নিলামত ব্যয় কৰিব পাৰিব। অৱশ্যে ফ্ৰেঞ্চাইজিসমূহ এই নিলাম পাৰ্চৰে কিছু অংশ ইতিমধ্যেই খেলুৱৈৰ ৰিটেনচনৰ বাবে ব্যয় কৰিছে। গতিকে আগন্তুক নিলামৰ বাবে দলকেইটাৰ বাজেট কিছু হ্ৰাস পাইছে। চাওঁ আহক কোনটো দলৰ হাতত এতিয়া কিমান ধন জমা আছে-

পঞ্জাৱ কিংছঃ এইবাৰ সৰ্বাধিক ধন হাতত লৈ নিলামৰ বাবে সাজু হৈছে পঞ্জাৱ কিংছ। ফ্ৰেন্সাজিটোৱে ইতিমধ্যে মাত্ৰ দুগৰাকী খেলুৱৈক ৰিটেইন কৰিছিল আৰু ইয়াৰ বাবে মাত্ৰ ৯.৫০ কোটি টকা ব্যয় কৰিছিল। সলটোৰ হাতত এতিয়াও ১১০.৫০ কোটি টকা জমা আছে।

ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুঃ পঞ্জাৱৰ পিছতে সৰ্বাধিক ধন থকা দলটো হৈছে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু। ৩৭ কোটি টকা ব্যয়েৰে ৩ জন খেলুৱৈ ৰিটেইন কৰা ফ্ৰেন্সাইজিটোৰ হাতত জমা আছে ৮৩ কোটি টকা।

দিল্লী কেপিটেলছঃ ঋষভ পণ্টসহ বহুকেইগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈক মুকলি কৰি দিয়া দিল্লীয়ে মাত্ৰ ৪ জন খেলুৱৈক ৰিটেইন কৰিছিল। এতিয়া নিলামৰ বাবে দলটোৰ হাতত আছে ৭৩ কোটি টকা।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ দিল্লীৰ দৰে লক্ষ্ণৌৱেও অধিনায়ক কে এল ৰাহুলক এইবাৰ মুকলি কৰি দি্ছে। অৱশ্যে দলটোৱে গুৰুত্বপূৰ্ণ ৫ জন খেলুৱৈক ৰিটেইন কৰিছে। ইয়াৰ পিছত দলটোৰ হাতত ৬৯ কোটি টকা জমা আছে।

গুজৰাট টাইটানছঃ ২০২২ চনৰ চেম্পিয়ন গুজৰাটে ৫গৰাকী খেলুৱৈক ৰিটেইন কৰিছে। আগন্তুক নিলামত ফ্ৰেঞ্চাইজিটো ৬৯ কোটি টকাৰ বাজেটেৰে অৱতীৰ্ণ হ’ব।

চেন্নাই ছুপাৰ কিংছঃ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে এম এছ ধোনীকে ধৰি ৫ গৰাকী খেলুৱৈক ৰিটেইন কৰিছে। এতিয়া দলটোৰ হাতত জমা আছে ৫৫ কোটি টকা।

কলকাতা নাইট ৰাইডাৰ্ছঃ ডিফেণ্ডিং চেম্পিয়ন কলকাতাই আশ্চৰ্যকৰভাৱে মুকলি কৰি দিয়ে দলৰ খিতাপজয়ী অধিনায়ক শ্ৰেয়স আয়াৰক। ৬ গৰাকী খেলুৱৈক ৰিটেইন কৰা দলটোৰ হাতত আছে ৫১ কোটি টকা।

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ছানৰাইজাৰ্ছেও আগন্তুক ছিজনৰ বাবে ৬ গৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈক ৰিটেইন কৰিছিল। নিলামৰ বাবে এতিয়া দলটোৰ হাতত আছে ৪৫ কোটি টকা।

মুম্বাই ইণ্ডিয়ানছঃ আই পি এলৰ ইতিহাসৰ শ্ৰেষ্ঠতম ফ্ৰেন্সাইজি মুম্বাই ইণ্ডিয়ানছক লৈ এইবাৰ যথেষ্ট আলোচনা হৈছিল। ৰোহিত শৰ্মাৰ সম্ভাৱ্য দলত্যাগ সন্দৰ্ভত বহু চৰ্চা চলিছিল। পিছে এনে চৰ্চাৰ অন্ত পেলাই দলটোৱে ৰোহিত, পাণ্ডিয়া, বুমৰাহ, সূৰ্য আৰু তিলকক ৰিটেইন কৰে। দলটোৰ হাতত আছে মুঠ ৪৫ কোটি টকা।

ৰাজস্থান ৰয়েলছঃ নিলামত আটাইতকৈ কম পৰিমাণৰ ধন লৈ অৱতীৰ্ন হ’ব ৰাজস্থান ৰয়েলছ। ৬ গৰাকী খেলুৱৈক ৰিটেইন কৰি ৰখা দলটোৰ হাতত আছে এতিয়া মাত্ৰ ৪১ কোটি টকা।

Related Stories
মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু, লাভ কৰিব বিশেষ কৃপা!
ৰ’দৰ পৰা ভিতৰলৈ আহি এনে কাম কৰা মানেই হ’ব পাৰে বিঘিনি, এতিয়াই জানি ল’লে পাব পৰিত্ৰাণ
প্ৰস্ৰাৱত ফেন, তেজ, দুৰ্গন্ধ...আওকাণ নকৰিব এই লক্ষণ, কি ৰোগ?
আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ যুঁজত সাৰথি হৈ পৰিব এই ৫ বিধ খাদ্য, লাভ কৰিব অনন্য উপকাৰিতা