গৌতম গম্ভীৰৰ স্থানত নতুন নিযুক্তি! চৰ্চাত শ্ৰীলংকাৰ প্ৰাক্তন তাৰকাৰ নাম…

কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে গম্ভীৰে কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ পদ ত্যাগ কৰে। গম্ভীৰৰ বিদায়ৰ পিছত কলকাতাই স্বাভাৱিকতেই তেওঁৰ স্থানত আন এগৰাকী যোগ্য প্ৰাৰ্থীৰ সন্ধান চলাইছে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ প্ৰাক্তন তাৰকাক গম্ভীৰৰ স্থানত নিযুক্তিৰ চেষ্টা চলাইছে কলকাতাই।

গৌতম গম্ভীৰৰ স্থানত নতুন নিযুক্তি! চৰ্চাত শ্ৰীলংকাৰ প্ৰাক্তন তাৰকাৰ নাম…

গৌতম গম্ভীৰ

Published: 

06 Sep 2024 | 11:27 AM

আগন্তুক সংস্কৰণৰ আই পি এললৈ মাজত আৰু বহুদিন বাকী। তথাপি পিছে বিশ্বৰ ভিতৰতে ব্যয়বহুল এই ক্ৰিকেট লীগৰ চৰ্চা এতিয়াৰ পৰাই আৰম্ভ হৈছে। মূলতঃ প্ৰতিযোগিতাৰ পূৰ্বে হ’বলগা খেলুৱৈৰ মেগা নিলামৰ বাবেই আৰম্ভ হৈছে এই চৰ্চাৰ। খেলুৱৈৰ নিলামৰ লগতে ফ্ৰেন্সাইজিসমূহৰ প্ৰশিক্ষক কৰ্মচাৰীৰ সাল-সলনি বিষয়টোৱেও অনুৰাগীসকলৰ এই চৰ্চাত ঠাই পাইছে। শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছক লৈয়ো হৈছে আলোচনা। বিগত সংস্কৰণত দলটোৰ সৈতে মেণ্টৰ হিচাপে জড়িত আছিল গৌতম গম্ভীৰ আৰু আই পি এলৰ ইতিহাসত তৃতীয়বাৰৰ খিতাপ জয় কৰিছিল কলকাতাই।

কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে গম্ভীৰে কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ পদ ত্যাগ কৰে। গম্ভীৰৰ বিদায়ৰ পিছত কলকাতাই স্বাভাৱিকতেই তেওঁৰ স্থানত আন এগৰাকী যোগ্য প্ৰাৰ্থীৰ সন্ধান চলাইছে। শেহতীয়াকৈ কলকাতাৰ এই সন্ধানত যতি পৰিছে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা কুমাৰ ছাংগাকাৰাৰ ৰূপত গম্ভীৰৰ বিকল্প বিচাৰি পাইছে কলকাতাই।

এই প্ৰতিবেদন অনুসৰি কলকাতাত আগন্তুক ছিজনত ছাংগাকাৰাই গম্ভীৰৰ স্থানত দায়িত্ব লাভ কৰিব পাৰে। এই সন্দৰ্ভত ফ্ৰেন্সাইজিটোৱে ছাংগাকাৰাৰ সৈতে আলোচনা আৰম্ভ কৰিছে আৰু আগন্তুক কেইদিনমানৰ ভিতৰত এই বিষয়ে ঘোষণা কৰা হ’ব পাৰে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। উল্লেখ্য যে গত ২০২১ চনৰ পৰা আই পি এলৰ আন এটা ফ্ৰেন্সাইজি ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত হৈ আছে কুমাৰ ছাংগকৰা।

ৰাজস্থানৰ ক্ৰিকেট সঞ্চালকৰ দায়িত্বৰ লগতে মুখ্য প্ৰশিক্ষকৰ দায়িত্বতো আছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। কিন্তু শেহতীয়াকৈ ৰাজস্থানে ৰাহুল দ্ৰাবিড়ক দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। অৱশ্যে ৰাজস্থানে ছাংগাকাৰাক ফ্ৰেন্সাইজিটোৰ আন লীগৰ দলসমূহ পৰিচালনা কৰাৰ দায়িত্ব দিছিল। কিন্তু প্ৰকাশিত প্ৰতিবেদন মতে ছাংগাকাৰাই ফ্ৰেঞ্চাইজিটোৰ সৈতে সম্পৰ্ক অন্ত পেলোৱাৰ বিষয়ে চিন্তা কৰিছে।

যদি এয়া সঁচা হয়, তেতিয়া আগন্তুক ছিজনৰ পূৰ্বে কলকাতাৰ সৈতে জড়িত হোৱা দেখা যাব পাৰে ছাংগাকাৰাক। লক্ষণীয়ভাৱে মেণ্টৰ পদৰ লগতে কলকাতাই আন কেইটামান পদত নিযুক্তিৰ বাবেও যোগ্য প্ৰাৰ্থীৰ সন্ধান চলাই আছে। দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ চন্দ্ৰকান্ত পণ্ডিত দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে। একেদৰে ভৰত অৰুণ আছে দলটোৰ বলিং প্ৰশিক্ষকৰ দায়িত্বত।

আনহাতে গৌতম গম্ভীৰ, ৰিয়ান টেন দ’ছাটে আৰু অভিষেক নায়াৰৰ বিদায়ৰ পিছত মেণ্টৰ, ফিল্ডিং প্ৰশিক্ষক আৰু বেটিং প্ৰশিক্ষকৰ পদ খালী হৈ আছে। গতিকে আগন্তুক সংস্কৰণৰ পূৰ্বে এই আটাইকেইটা পদত নিযুক্তি দিব কলকাতাই। কিছুদিনৰ ভিতৰতে দলটোৱে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি আশা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...