গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন, তিনিটা শাখাৰ ফাইনেল সমাপ্ত

অসম বেডমিণ্টন সন্থাৰ উদ্যোগত গুৱাহাটীৰ আৰ জি ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাখন পূৰ্ণগতিত চলি আছে৷ ২৪ খন জিলাৰ প্ৰায় ৬৫০ গৰাকী খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনৰ ন, ১১ আৰু ১৩ বছৰ অনূধ্বৰ্ শাখাৰ ল’ৰা-ছোৱালীৰ এককৰ ফাইনেল মেচসমুহ সমাপ্ত হৈছে৷

গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন, তিনিটা শাখাৰ ফাইনেল সমাপ্ত

গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন

Published: 

16 Aug 2024 22:29 PM

সেই অনুসৰি ন বছৰ অনূধ্বৰ্ শাখাৰ ল’ৰাৰ খিতাপ লখিমপুৰৰ ময়ুৰ নিৰ্বান কাশ্যপে লাভ কৰাৰ বিপৰীতে ডিগৱৈৰ এৰিক পলাশ দত্ত ৰানাৰ্ছআপ তথা লখিমপুৰৰ ময়ুৰজ্যোতি দাস আৰু নিশান্ত বৰা তৃতীয় হয়৷ আনহাতে, ন বছৰ অনূধ্বৰ্ শাখাৰ ছোৱালীৰ খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ নন্দিকা সোণোৱালে৷ তিনিচুকীয়াৰ ঈক্ষিকা ঠাকুৰীয়া ৰানাৰ্ছ আপ তথা লখিমপুৰৰ সুপ্ৰিয়া পাৱে আৰু ডিব্ৰুগড়ৰ অংগনা প্ৰীয়ম ডেকাই তৃতীয় স্থান অৰ্জন কৰে৷

ইফালে, ১১ বছৰ অনূধ্বৰ ল’ৰাৰ একক শাখাৰ খিতাপ লাভ কৰিছে শিৱসাগৰৰ মহম্মদ আয়ান হুছেইনে৷ লখিমপুৰৰ ডিম্বল হাজৰিকা ৰানাৰ্ছ আপ তথা শিৱসাগৰৰ আশ্বৰাদ ট’চিৰ ইছলাম আৰু লখিমপুৰৰ প্ৰজ্ঞান মিলি তৃতীয় হয়৷ আনহাতে, ১১ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত শিৱসাগৰৰ আদিশ্ৰী বুঢ়াগোহায়ে খিতাপ লাভ কৰিছে৷ গুৱাহাটীৰ তনভী প্ৰধান ৰানাৰ্ছআপ তথা গোলাঘাটৰ ডিন চাংফা বাইলুং আৰু যোৰহাটৰ অভিৰুচি শইকীয়া তৃতীয় হয়৷

ইফালে, ১৩ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত শিৱসাগৰৰ বেদাগনি গগৈয়ে খিতাপ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ হয় শিৱসাগৰৰে বৃষ্টিৰ্ণা ৰাজখোৱা৷ গুৱাহাটীৰ বাৰ্ণিকা কাশ্যপ আৰু শিৱসাগৰৰ ৰুদ্ৰানি গগৈ তৃতীয় হয়৷

উল্লেখ্য যে প্ৰতিযোগিতাত ইতিমধ্যে মিক্সড দলীয় শাখাৰ খিতাপ লাভ কৰিছে কামৰূপ জিলাই৷ ফাইনেলত কামৰূপে শিৱসাগৰক পৰাস্ত কৰে৷ ইফালে, তৃতীয় স্থানত থাকি ব্ৰঞ্জ লাভ কৰে গুৱাহাটী আৰু ডিব্ৰুগড়ে৷

ইফালে, দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসম বেডমিণ্টন সন্থাই আয়োজন কৰা সাত বছৰ অনূৰ্ধৰ প্ৰতিযোগিতাত চেম্পিয়ন হয় শিলচৰৰ শিবাংশ শ্বৱ৷ আনহাতে, ডিগৱৈৰ ত্ৰিনয়ন বৰফুকন দ্বিতীয় আৰু গুৱাহাটীৰ লোকেছ বৰকাকতি আৰু যোৰহাটৰ জিয়াশু কাশ্যপ তৃতীয় হৈছে৷ কাইলৈ প্ৰতিযোগিতাখন সামৰণি পৰিব৷

খেল কিয় গুৰুত্বপূৰ্ণ?

যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে। খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।

খেলৰ মহত্ব

বিভিন্ন সময়ত ৰাজ্যত বহুতো খেল ধেমালি অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলৰ বিকাশৰ বাবে আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা প্ৰত্যেক জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়। খেলত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ’ল খেল-ধেমালি জৰুৰী। ই হ’ল শিশুৰ নিজৰ কাৰণেই উপভোগ্য আৰু নিজৰ দ্বাৰাই পুৰস্কৃতৰ থলী। সেয়েহে খেলা-ধূলাই শিশুক সন্তোষ প্ৰদান কৰে। খেলা-ধূলাত শিশুৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হয়।

Related Stories
Morning News: সমাজ-ৰাজনীতিৰ পৰা ক্ৰীড়ালৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
নিজকে কিয় ইমান শাস্তি দিলে পণ্টে! ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ মাজতে পোহৰলৈ এনে তথ্য
এয়া অপ্ৰয়োজনীয়! ‘ছমাৰছল্ট চেলিব্ৰেশ্যন’ক লৈ পণ্টৰ প্ৰত্যাৱৰ্তনৰ আঁৰৰ নায়কজনেই দিলে এই পৰামৰ্শ
এটা মাত্ৰ ইনষ্টাগ্ৰাম পোষ্টৰ বাবে কোহলীয়ে কিমান ধন লাভ কৰে জানেনে! শুনিলে আচৰিত হ’ব আপুনি
ভাৰত-ইংলেণ্ডৰ টেষ্ট মেচৰ মাজতে বেয়া খবৰ! কিংবদন্তি খেলুৱৈৰ মৃত্যু, অৰ্জন কৰিছিল ৮৬টা শতক, ৪১,০০০ ৰো অধিক ৰান…
প্ৰৱঞ্চনা, শাৰীৰিক-মানসিক হাৰাশাস্তি…RCBৰ তাৰকা খেলুৱৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল মহিলাৰ
মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...