আঘাত নেওচি প্ৰত্যাৱৰ্তন পণ্টৰ, উভতিয়েই হ’ল অধিনায়ক! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত দিব নেতৃত্ব

আঘাতৰ বাবে শেহতীয়া কিছুদিন ধৰি খেলৰ পৰা বাহিৰত আছে তাৰকা খেলুৱৈগৰাকী। ভাৰতীয় দলৰ বিগত ইংলেণ্ড ভ্ৰমণত খেলা টেষ্ট শৃংখলাৰ সময়ত ভৰিত আঘাত লাভ কৰিছিল পণ্টে। এতিয়া এই আঘাতৰ পৰা মুক্ত হৈ পণ্ট খেলপথাৰলৈ উভতিবলৈ সাজু হৈছে।

আঘাত নেওচি প্ৰত্যাৱৰ্তন পণ্টৰ, উভতিয়েই হ’ল অধিনায়ক! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত দিব নেতৃত্ব

ঋষভ পণ্ট

Published: 

21 Oct 2025 | 02:10 PM

সীমিত অভাৰৰ শৃংখলাৰ বাবে সম্প্ৰতি অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দল চলিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতে অৱশ্যে ভাৰতে পৰাজয় সহিবলগা হৈছে ভাৰতীয় দলৰ এনে প্ৰদৰ্শনৰ সময়তে দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে আহিছে এক সুখবৰ আঘাতমুক্ত হৈ পুনৰ খেলপথাৰলৈ উভতিবলৈ সাজু হৈছে তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্ট অহা নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে ঋষভ পণ্টে ঘটাইছে প্ৰত্যাৱৰ্তন কেৱল প্ৰত্যাৱৰ্তনেই নহয়, উভতিয়েই পণ্টে অধিনায়কৰ দায়িত্ব লাভ কৰিছে

আঘাতৰ বাবে শেহতীয়া কিছুদিন ধৰি খেলৰ পৰা বাহিৰত আছে তাৰকা খেলুৱৈগৰাকী ভাৰতীয় দলৰ বিগত ইংলেণ্ড ভ্ৰমণত খেলা টেষ্ট শৃংখলাৰ সময়ত ভৰিত আঘাত লাভ কৰিছিল পণ্টে এতিয়া এই আঘাতৰ পৰা মুক্ত হৈ পণ্ট খেলপথাৰলৈ উভতিবলৈ সাজু হৈছে। অৱশ্যে ছিনিয়ৰ দললৈ এতিয়াও উভতা নাই তাৰকা খেলুৱৈগৰাকী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইণ্ডিয়া এ দলে খেলিব দুখন চাৰিদিনীয়া ননঅফিচিয়েল মেচ এই মেচ দুখনত ইণ্ডিয়া এ দলক নেতৃত্ব প্ৰদান কৰিব ঋষভ পণ্টে। অৱশ্যে ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বলগীয়া চাৰিদিনীয়া এই মেচ দুখনৰ সময়সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

মূল দললৈও উভতিব পাৰে পণ্ট

উল্লেখ্য যে নৱেম্বৰত ভাৰত ভ্ৰমণ কৰিব দক্ষিণ আফ্ৰিকাই এই ভ্ৰমণত দক্ষিণ আফ্ৰিকাই দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু খন টি২০ মেচৰ শৃংখলা খেলিব ১৪ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই দ্বিপাক্ষিক শৃংখলাৰ প্ৰথমখন মেচ। তাৰ পূৰ্বে ইণ্ডিয়া এৰ বিৰুদ্ধে দুখন নন-অফিচিয়েল মেচ খেলিব দক্ষিণ আফ্ৰিকাই।

প্ৰটিয়াছ বাহিনীৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পণ্টে জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে বিচিচিআইয়ে এই টেষ্ট শৃংখলাৰ পূৰ্বে অনুশীলন হিচাপে পণ্টক ইণ্ডিয়া এ দলত অন্তৰ্ভুক্ত কৰা হৈছে লগতে তেওঁৰ কান্ধতে দিয়া হৈছে অধিনায়কৰ দায়িত্ব এতিয়া পণ্টৰ প্ৰত্যাৱৰ্তনৰ বাবে উদগ্ৰীৱ হৈ আছে সকলো অনুৰাগী

দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণৰ সূচী

ভাৰত ভ্ৰমণত দক্ষিণ আফ্ৰিকাই ১৪ নৱেম্বৰৰ পৰা কলকাতাত প্ৰথমখন টেষ্ট খেলিব তাৰ পিছত ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট। দুখন টেষ্ট শৃংখলাৰ পিছত তিনিখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব ক্ৰমে ৩০ নৱেম্বৰ, ৩ ডিচেম্বৰ, আৰু ৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই মেচকেইখন। ইয়াৰ পিছত ৯ ডিচেম্বৰৰ পৰা আৰম্ভ টি২০ শৃংখলা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব