১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ ২০২৪-২৫, গুৱাহাটীত প্ৰথম খেল অহা ২৯ ছেপ্টেম্বৰত

ইণ্ডিয়ান ছুপাৰ লীগকলৈ উৎসাহ বাঢ়িছে খেল অনুৰাগীৰ। একাদশ বৰ্ষত পদাৰ্পন কৰা ভাৰতীয় ফুটবলৰ গ্লেমাৰ লীগখনৰ উদ্বোধনী মেচত মুখামুখি হ’ব বিগত বৰ্ষৰ লীগৰ খিতাপ জয় কৰা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু চেম্পিয়ন ট্ৰফী লাভ কৰা মুম্বাই চিটী এফ চি৷

১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ ২০২৪-২৫, গুৱাহাটীত প্ৰথম খেল অহা ২৯ ছেপ্টেম্বৰত

১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫

Updated On: 

27 Aug 2024 18:33 PM

অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ ছিজন৷ একাদশ বৰ্ষত পদাৰ্পন কৰা ভাৰতীয় ফুটবলৰ গ্লেমাৰ লীগখনৰ উদ্বোধনী মেচত মুখামুখি হ’ব বিগত বৰ্ষৰ লীগৰ খিতাপ জয় কৰা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু চেম্পিয়ন ট্ৰফী লাভ কৰা মুম্বাই চিটী এফ চি৷

উল্লেখ্য যে আই এছ এলৰ উদ্বোধনী মেচখন কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত নিশা ৭.৩০ বজাত অনুষ্ঠিত হ’ব৷ পূৰ্বৰ দৰেই এইবাৰো আই এছ এলত দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷ প্ৰথমখন মেচ আবেলি পাঁচ বজাত আৰু দ্বিতীয়খন মেচ নিশা ৭.৩০ বজাত হ’ব৷

আজি ঘোষিত সূচী অনুসৰি ১৪ ছেপ্টেম্বৰতে ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আবেলি পাঁচ বজাত ওড়িছা এফ চিয়ে চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে খেলাৰ বিপৰীতে উক্তদিনা হ’বলগা দ্বিতীয়খন মেচত নিশা ৭.৩০ বজাত বেংগালুৰু এফ চিয়ে ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব৷

ইফালে, এইবাৰ একাদশ আই এছ এলৰ গুৱাহাটীত প্ৰথম মেচখন অহা ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ উক্ত দিনা নিশা ৭.৩০ বজাত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে খেলিব৷

অৱশ্যে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে লীগৰ প্ৰথম মেচখন অহা ১৬ ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত মহমেদান স্পৰ্টিঙৰ বিৰুদ্ধে খেলিব৷ স্মৰ্তব্য যে আই লীগৰ চেম্পিয়ন হিচাপে এইবাৰ আই এছ এলত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে মহমেদান স্পৰ্টিং দলে৷

নতুন দলৰ অন্তৰ্ভুক্তিৰ পাছত এইবাৰ একাদশ আই এছ এলত দলৰ সংখ্যা বৃদ্ধি হৈ তেৰটা হৈছে৷ ইফালে, হায়দৰাবাদ এফ চিৰ বিষয়টো সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সিদ্ধান্তৰ পাছতে নিশ্চিত হ’ব৷ আই এছ এলৰ সকলো মেচ জিঅ’ চিনেমা আৰু স্পৰ্টছ ১৮ ত পোনপটীয়াকৈ সম্প্ৰচাৰ হ’ব৷

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey