ভাৰতীয় ক্ৰিকেট দলে লাভ কৰিব নতুন প্ৰশিক্ষক, কোনে লাভ কৰিব দায়িত্ব?

ভাৰতীয় মহিলা ক্ৰিকেট দলে লাভ কৰিব নতুন প্ৰশিক্ষক। মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ ৰ পাছতে ষ্ট্ৰেনথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক লাভ কৰিব দলটোয়ে। নিকোলাচ লীক এই দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে।

ভাৰতীয় ক্ৰিকেট দলে লাভ কৰিব নতুন প্ৰশিক্ষক, কোনে লাভ কৰিব দায়িত্ব?

মহিলা ক্ৰিকেট দল

Published: 

02 Jan 2026 10:27 AM

ভাৰতীয় মহিলা ক্ৰিকেট দল সন্দৰ্ভত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ড (BCCI)য়ে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। শীঘ্ৰেই দলটোৱে লাভ কৰিব নতুন ষ্ট্ৰেনথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক (strength and conditioning coach ) লাভ কৰিব। মহিলা প্ৰিমিয়াৰ লীগ (WPL 2026)ৰ পাছত এই নিযুক্তি দিয়া হ’ব পাৰে। এই ভূমিকা এজন ইংৰাজ প্ৰবীন প্ৰাক্তন খেলুৱৈয়ে চম্ভালিব। WPL 2026 ৰ পিছত ভাৰতীয় মহিলা দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব। এই সময়তে দলটোৱে নতুন প্ৰশিক্ষক লাভ কৰিব।

লাভ কৰিব নতুন প্ৰশিক্ষক

BCCI য়ে ইংলেণ্ডৰ নিকোলাচ লীকক দলটোৰ ষ্ট্ৰেনথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৬ চনৰ ডব্লিউ পি এল শেষ হোৱাৰ লগে লগে তেওঁ দলত যোগদান কৰিব। এইবাৰ ৯ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ৫ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব WPL 2026।  ইয়াৰ পাছতে দলটো অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব, য’ত ১৫ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈকে বিভিন্ন ফৰ্মেটত শৃংখলা অনুষ্ঠিত হ’ব।

নিকোলচ লীৰ অভিজ্ঞতা

ক্ৰিকেট আৰু এলীট স্পোৰ্টছৰ অভিজ্ঞতা আছে। ১৩ খন খেলত ৪৯০ ৰান সংগ্ৰহ কৰা তেওঁ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। শেহতীয়াকৈ তেওঁ UAE ৰ আই এল টি২০ লীগত গল্ফ জয়ন্টছ দলৰ সৈতে কাম কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০২৪ চনৰ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ডিচেম্বৰলৈকে আফগানিস্তান ক্ৰিকেট দলৰ শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২০২০ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডত শাৰীৰিক প্ৰদৰ্শনৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২০১৬ চনৰ অক্টোবৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে শ্ৰীলংকাৰ পুৰুষ দলৰ সৈতেও কাৰ্যনিৰ্বাহ কৰিছিল।

ঘৰুৱা পৰ্যায়ত লীয়ে ২০১২ চনৰ মাৰ্চৰ পৰা ২০১৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে ছাচেক্স কাউন্টি ক্ৰিকেট ক্লাবত মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰিছিল, আৰু তাৰ পূৰ্বে ২০১০ চনৰ জানুৱাৰীৰ পৰা ২০১২ চনৰ মাৰ্চলৈকে সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰিছিল। তথ্য অনুসৰি,  তেওঁ এংলিয়া ৰাস্কিন বিশ্ববিদ্যালয়ৰ স্নাতক।

 

অন্য খবৰ পঢ়ক- চৰকাৰী বন্ধৰ তালিকা ২০২৬: নতুন বছৰত কোনটো মাহত কিমান দিন বন্ধ…

শীতকালত নিয়মিত খাওক মাত্ৰ এই ৫টা ফল, আপোনাৰ লিভাৰ হৈ থাকিব সুস্থ
মানুহক দৰিদ্ৰ কৰে এই ৫টা অভ্যাসে, গৰুড় পুৰাণত আছে সকলো...
ব্লাড চুগাৰৰ সমস্যা আছে নেকি? শীতকালত নাখাব এইসমূহ খাদ্য...
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?