শ্ৰীলংকালৈ ৰাওনা ভাৰতীয় দলঃ ‘অভিষেক’ৰ বাবে সাজু ৰিয়ানসহ সাত তাৰকা

শেহতীয়াকৈ জিম্বাবুৱে ভ্ৰমণত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৰিয়ানে অৱশ্যে শৃংখলাটোত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়। এই ব্যৰ্থতাৰ পিছত ৰিয়ানে ভাৰতীয় দলত পুনৰ স্থান লাভৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব বুলি ভবা হৈছিল যদিও বিচিচিআয়ে ৰিয়ানৰ ওপৰত আস্থা প্ৰকাশ কৰি শ্ৰীলংকা ভ্ৰমণৰ বাবে এদিনীয়া আৰু টি-২০ দুয়োটা দলতে স্থান দিয়ে।

শ্ৰীলংকালৈ ৰাওনা ভাৰতীয় দলঃ ‘অভিষেক’ৰ বাবে সাজু ৰিয়ানসহ সাত তাৰকা

শ্ৰীলংকাত অভিষেক ঘটিব পাৰে ৰিয়ানৰ

Published: 

22 Jul 2024 | 04:27 PM

দ্বিপাক্ষিত টি-২০ শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে আজি শ্ৰীলংকা অভিমুখে ৰাওনা হৈছে ১৫ জনীয়া ভাৰতীয় দল। মুম্বাইৰ পৰা কলম্বোলৈ বিমানেৰে ৰাওনা হৈছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটো। অহা ২৭ জুলাইৰ পৰা ঘৰুৱা দলটোৰ বিপক্ষে ভাৰতীয় দল তিনিখনীয়া মেচৰ টি-২০ শৃংখলাটোত অৱতীৰ্ণ হ’ব। এই শৃংখলাটোৰ পিছতে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাতো অংশ ল’ব ভাৰতে। লক্ষণীয়ভাৱে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰা সাতজন খেলুৱৈয়ে এইবাৰ প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ মাটিত খেলিব। অসমৰ তাৰকা ৰিয়ান পৰাগো আছে এই জনীয়া ক্ৰিকেটাৰসকলৰ তালিকাত।

শেহতীয়াকৈ জিম্বাবুৱে ভ্ৰমণত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল যুৱ প্ৰতিভা ৰিয়ানে। অৱশ্যে শৃংখলাটোত মাত্ৰ ২খন মেচতহে ৰিয়ানে বেটিঙৰ সুবিধা লাভ কৰিছিল আৰু এই দুয়োখন মেচতে তেওঁ আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়। নিজৰ অভিষেক মেচত ৩টা বলত মাত্ৰ ২ ৰাণ সংগ্ৰহ আউট হৈছিল ৰিয়ান।

আনহাতে শৃংখলাৰ অন্তিমখন মেচত ৰিয়ানে আন এক সুযোগ লাভ কৰে। মেচখনত ৰিয়ানে চেমচনৰ সৈতে এক গুৰুত্বপূৰ্ণ যুটী গঢ়ি তোলে যদিও ব্যক্তিগতভাৱে এক দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হয় আৰু ২৪ বলত ২২ ৰাণ সংগ্ৰহ কৰি আউট হয়। এই ব্যৰ্থতাৰ পিছত ৰিয়ানে ভাৰতীয় দলত পুনৰ স্থান লাভৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব বুলি ভবা হৈছিল।

কিন্তু বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে ৰিয়ানৰ ওপৰত আস্থা প্ৰকাশ কৰি শ্ৰীলংকা ভ্ৰমণৰ বাবে এদিনীয়া আৰু টি-২০ দুয়োটা দলতে স্থান দিয়ে। টি-২০ত ইতিমধ্যে জাতীয় দলৰ হৈ অভিষেক ঘটোৱা ৰিয়ানে এতিয়া এদিনীয়াতো অভিষেকৰ সুযোগৰ বাবে অপেক্ষা কৰিব। লগতে টি-২০ শৃংখলাৰ জৰিয়তেই শ্ৰীলংকাত অভিষেক ঘটাবলৈ সাজু হৈছে ৰিয়ান।

আশ্চৰ্যকৰভাৱে শ্ৰীলংকাত অভিষেকৰ বাবে সাজু হোৱা এই সাত তাৰকাৰ মাজৰ এগৰাকী খেলুৱৈয়ে ৬ বছৰ পূৰ্বেই ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাইছিল। কিন্তু কেৰিয়াৰত এইপৰ্যন্ত তেওঁ শ্ৰীলংকাত কোনো মেচত অংশ লোৱা নাই। এইবাৰ অৱশ্যে সেই সুযোগ লাভ কৰিছে খেলুৱৈগৰাকীয়ে।

ভাৰতৰ এই খেলুৱৈজন হৈছে খলিল আহমেদ। বাওঁহতীয়া পেচাৰ খলিলে ২০১৮ চনতেই কেৰিয়াৰৰ প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। অৱশ্যে ইয়াৰ পাছত ভাৰতীয় দলত স্থায়ীত্ব লাভ কৰাত বিফল হৈছিল খলিল। আনহাতে যুৱ অপেনাৰ যশস্বী জয়ছৱালেও শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্টীয় মেচত অংশ ল’ব।

যশস্বীৰ লগতে বাওঁহতীয়া আক্ৰমণাত্মক বেটাৰ ৰিংকু সিং, অলৰাউণ্ডাৰ শিৱম ডুবে, পেচাৰ অৰ্শদীপ সিং আৰু স্পিনাৰ ৰবি বিষ্ণৈৰো শ্ৰীংকাত এয়া প্ৰথম শৃংখলা হ’ব। ভাৰতীয় ক্ৰিকেটত নিজৰ স্থান সুৰক্ষিত কৰাৰ বাবে এই খেলুৱৈকেইজনে শ্ৰীলংকাৰ বিপক্ষে শৃংখলাতে সঠিক এক সুযোগ লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...