বৰ্ষাপাৰাত এই দিনটোৰ পৰা প্ৰথমবাৰৰ বাবে হ’ব টেষ্ট, দেখা যাব ক্ৰিকেটত পূৰ্বে নোহোৱা দৃশ্য!

বৰ্ষাপাৰাই প্ৰথমবাৰৰ বাবে টেষ্ট মেচ আয়োজন কৰিব। অহা ২২ নৱেম্বৰৰ পৰা এই টেষ্টখন আৰম্ভ হ’ব। বৰ্ষাপাৰাত হ’বলগা এই মেচখনত এক ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। যদি এই পৰিৱৰ্তন ঘটে, তেতিয়াহ’লে টেষ্ট ক্ৰিকেটত পূৰ্বে নোহোৱা এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যাব বৰ্ষাপাৰাতে।

বৰ্ষাপাৰাত এই দিনটোৰ পৰা প্ৰথমবাৰৰ বাবে হ’ব টেষ্ট, দেখা যাব ক্ৰিকেটত পূৰ্বে নোহোৱা দৃশ্য!

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম

Published: 

30 Oct 2025 | 06:27 PM

সম্প্ৰতি অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দল এদিনীয়া শৃংখলাৰ পিছত এতিয়া ভাৰতে কেংগাৰু বাহিনীৰ বিৰুদ্ধে টি২০ শৃংখলাত অৱতীৰ্ণ হৈছে অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি ঘৰলৈ উভতাৰ পিছতে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব অহা ১৪ নৱেম্বৰৰ পৰা এই টেষ্ট শৃংখলা আৰম্ভ হ’ব শৃংখলাৰ প্ৰথমখন মেচ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আনহাতে গুৱহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট।

লক্ষণীয়ভাৱ বৰ্ষাপাৰাই প্ৰথমবাৰৰ বাবে টেষ্ট মেচ আয়োজন কৰিব অহা ২২ নৱেম্বৰৰ পৰা এই টেষ্টখন আৰম্ভ হ’ব। বৰ্ষাপাৰাত বলগা এই মেচখনত এক ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে যদি এই পৰিৱৰ্তন ঘটে, তেতিয়াহলে টেষ্ট ক্ৰিকেটত পূৰ্বে নোহোৱা এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যাব বৰ্ষাপাৰাতে

কি এই পৰিৱৰ্তন

টছ, দুপৰীয়াৰ আহাৰ, চাহ বিৰতি, ষ্টাম্প অৰ্থা দিনটোৰ খেলৰ অন্ত টেষ্টত এই ক্ৰমতে খেল আগবাঢ়ে পিছে বৰ্ষাপাৰাত বলগীয়া দ্বিতীয় টেষ্টত এই ক্ৰম সলনি হ’ব এই মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বেই চাহ বিৰতি হ’ব পাৰে। ভাৰতৰ টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখিবলৈ পোৱা যাব

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি প্ৰথমবাৰৰ বাবে খেলুৱৈসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহ বিৰতি ল’ব। এই অঞ্চলত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় পৰিৱৰ্তনৰ বাবে এই সিদ্ধান্ত লোৱা পাৰে। সেই অনুসৰি পুৱা ৯ বজাৰ পৰা ১১ বজালৈ প্ৰথম ছেচন, ইয়াৰ পিছত পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ চাহ বিৰতি হ’ব।

দ্বিতীয় ছেচন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজালৈ হব। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি ১:২০ বজাৰ পৰা ২:০০ বজালৈ হ’ব, আনহাতে তৃতীয় ছেচন দুপৰীয়া ২:০০ বজাৰ পৰা ৪:০০ বজালৈ হব। অৰ্থা বৰ্ষাপাৰাত বলগা ভাৰতদক্ষিণ আফ্ৰিকাৰ এই মেচখন পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ৪:০০ বজাত অন্ত পৰিব।

ভাৰতত সাধাৰণতে পুৱা ৯:৩০ বজাৰ পৰা টেষ্ট মেচ আৰম্ভ হয়ইয়াৰ পিছত পুৱা ১১:৩০ বজাৰ পৰা ১২:১০ বজালৈ আহাৰ গ্ৰহণৰ বিৰতি আৰু তাৰ পিছত দ্বিতীয় ছেচন আৰম্ভ হয়দুয়োটা দলে দুপৰীয়া ২:১০ৰ পৰা ২:৩০ বজালৈ ২০ মিনিটৰ চাহৰ বিৰতি লয়ইয়াৰ পিছতে বিয়লি ২:৩০ বজাৰ পৰা ৪:৩০ বজালৈ তৃতীয় ছেচন অনুষ্ঠিত হয়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...