গুৱাহাটীৰ টেষ্টত কোনে ল’ব শুভমন গিলৰ স্থান? BCCI-এ দিলে এই খবৰ…

টীম ইণ্ডিয়াৰ টেষ্ট অধিনায়ক শুভমন গিলৰ সন্দৰ্ভত বিচিচিআইয়ে এক বৃহৎ আপডেট প্ৰদান কৰিছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই উল্লেখ কৰে যে গিল দ্ৰুতগতিত সুস্থ হৈ উঠিছে আৰু টীম ইণ্ডিয়াৰ সৈতে গুৱাহাটীলৈ যাত্ৰা কৰিব।

গুৱাহাটীৰ টেষ্টত কোনে লব শুভমন গিলৰ স্থান? BCCI-এ দিলে এই খবৰ...

শুভমন গিল

Published: 

19 Nov 2025 | 03:09 PM

শুভমন গিলৰ ডিঙিত হোৱা আঘাত সন্দৰ্ভত আহিছে এক ডাঙৰ আপডেট। ভাৰতীয় টেষ্টৰ অধিনায়কগৰাকী দ্ৰুতগতিত সুস্থ হৈ উঠিছে আৰু দলৰ সৈতে গুৱাহাটীলৈ যাত্ৰা কৰিব বুলি বিচিচিআইয়ে সংবাদ মাধ্যমক অৱগত কৰে। ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত দ্বিতীয়খন টেষ্ট খেলিব ভাৰতে।  দলৰ সৈতে গিলেও গুৱাহাটীলৈ যাত্ৰা কৰিব। অৱশ্যে গিলৰ অংশগ্ৰহণৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই উল্লেখ কৰে যে, মেচৰ আগদিনা ২১ নৱেম্বৰত গিলৰ অংশগ্ৰহণ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।

শুভমন গিলৰ ডিঙিত আঘাত

কলকাতা টেষ্টৰ সময়ত বেটিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় শুভমন গিল। ডিঙিত আঘাত পোৱাৰ বাবে গিলক চিকিৎসালয়লৈ লৈ যোৱা হয়। গিলক এদিন আই চি ইউত ৰখা হৈছিল যদিও পিছদিনা তেওঁক ডিচচাৰ্জ দিয়া হয়। বিচিচিআইৰ চিকিৎসা দলে এতিয়া তেওঁক নিৰীক্ষণ কৰি আছে, আৰু শেষ মুহূৰ্তত তেওঁৰ অংশগ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব।

শুভমন গিলৰ ঠাইত কোনে ল’ব?

প্ৰশ্ন হয়, যদি শুভমন গিলে খেলিব নোৱাৰে তেন্তে তেওঁৰ ঠাইত কোনে খেলিব? কলকাতাৰ ইডেন গাৰ্ডেনত পৰাজয়ৰ পিছতে অনুশীলন কৰিছিল টীম ইণ্ডিয়াই। মঙলবাৰে অনুশীলনৰ পিছত ছাই সুদৰ্শনে গিলৰ ঠাইত সুযোগ পোৱাৰ সম্ভাৱনা আছে যেন লাগে। অৱশ্যে নীতিশ কুমাৰ ৰেড্ডীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। যদি সুদৰ্শনক সুযোগ দিয়া হয় তেন্তে দলটো বাওঁহাতৰ বেটছমেনেৰে ভৰি পৰিব। যাৰ সুযোগ ল’ব পাৰে দক্ষিণ আফ্ৰিকাৰ দলটোৱে। নীতিশ ৰেড্ডীৰ ফৰ্ম ভাল নহয় যদিও গৌতম গম্ভীৰ কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যণীয়।

এই শৃংখলাৰ প্ৰথমখন টেষ্টত পৰাস্ত হৈছে ভাৰতীয় দল। কলকাতাত ৩০ ৰানৰ পৰাজয়ৰ সন্মুখীন হ’ল ভাৰত। দক্ষিণ আফ্ৰিকাৰ স্পিনাৰৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনসকল ব্যৰ্থ হয়। ছিৰিজত ০-১ গ’লত পিছ পৰি আছে টীম ইণ্ডিয়া, যদি গুৱাহাটীত কোনো ভুল হয় তেতিয়া কেৱল ছিৰিজ হেৰাই যোৱাই নহয় দল পৰিচালনাও তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লাগিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব