আজি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে অন্তিম মেচঃ শৃংখলা জয় কৰিব পাৰিবনে ভাৰতে!

জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত টি-২০ শৃংখলাৰ অন্তিমখন মেচ। চাৰিখনীয়া মেচৰ এই শৃংখলাটোত ইতিমধ্যে ভাৰতীয় দলে লাভ কৰিছে ২-১ ব্যৱধানৰ অগ্ৰগতি। এনে অৱস্থাত শৃংখলা হেৰুওৱাৰ শংকা নাই ভাৰতীয় দলৰ। মেচখনত জয়ী হ’লেই ভাৰতীয় দলে এক বিশেষ অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিব।

আজি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে অন্তিম মেচঃ শৃংখলা জয় কৰিব পাৰিবনে ভাৰতে!

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ চতুৰ্থ টি-২০

Published: 

15 Nov 2024 | 06:29 PM

টি-২০ বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেট দলে ক্ৰিকেটৰ এই চমু ফৰ্মেটত অব্যাহত ৰাখিছে দুৰ্দমনীয় প্ৰদৰ্শন। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলিত টি-২০ শৃংখলাতো ভাৰতীয় দলৰ এই ধাৰা পৰিলক্ষিত হৈছে। চাৰিখনীয়া মেচৰ এই শৃংখলাটোত ইতিমধ্যে ভাৰতীয় দলে লাভ কৰিছে ২-১ ব্যৱধানৰ অগ্ৰগতি। এনে অৱস্থাত শৃংখলা হেৰুওৱাৰ শংকা নাই ভাৰতীয় দলৰ। গতিকে শৃংখলা জয়ৰ লক্ষ্যৰে আজি প্ৰটিয়াছ বাহিনীৰ বিপক্ষে শৃংখলাৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন মেন ইন ব্লু।

কিছু সময় পিছতে জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। মেচখনত জয়ী হ’লেই ভাৰতীয় দলে এক বিশেষ অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিব। ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাত সপ্তমবাৰৰ বাবে টি-২০ শৃংখলাত অৱতীৰ্ণ হৈছে। এই সময়ছোৱাত ভাৰতীয় দলে মাত্ৰ এবাৰহে শৃংখলাত পৰাস্ত হৈছে। এইবাৰো ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে শৃংখলা পৰাস্ত নোহোৱাটো নিশ্চিত হৈছে।

যদিহে দক্ষিণ আফ্ৰিকাই আজিৰ মেচখনত জয়লাভ কৰে তেন্তে ড্ৰ’ ৰূপে শৃংখলাৰ অন্ত পৰিব। আনহাতে যদি জোহান্সবাৰ্গতো আজি ভাৰতীয় দলে জয়লাভ কৰে তেন্তে ৩-১ ব্যৱধানত শৃংখলা জয় কৰিব। ইয়াৰ লগে লগে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত প্ৰথমবাৰৰ বাবে কোনো এটা দলে ৩ খন মেচত জয়লাভ কৰিব।

এই পৰ্যন্ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩০ খন টি-২০ মেচ অনুষ্ঠিত হৈছে।  ইয়াৰ ভিতৰত ভাৰতীয় দলে ১৭খন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১২খন মেচত জয়লাভ কৰিছে। আনহাতে এখন মেচ অনিৰ্ণায়ক ৰূপে সামৰণি পৰিছে। অৰ্থাৎ টি-২০ত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ভাৰতীয় দলৰ প্ৰদৰ্শন তুলনামূলকভাৱে সন্তোষজনক।

ইফালে আজি মেচ অনুষ্ঠিত হ’বলগীয়া জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত ভাৰতীয় দলে এইপৰ্যন্ত মুঠ ৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। ইয়াৰে ৪খন মেচত জয়ী হোৱাৰ বিপৰীতে দুখন মেচত পৰাস্ত হৈছে ভাৰতীয় দল। আজি এই ব্যৱধান অধিক উন্নত কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব সূৰ্য বাহিনী। অৱশ্যে এইক্ষেত্ৰত ভাৰতীয় দল প্ৰত্যাহ্বানৰ যে সন্মুখীন হ’ব সেয়া নিশ্চিত।

শৃংখলাৰ প্ৰথমখন মেচত এক দৰ্শনীয় শতকীয় ইনিংছ খেলি ভাৰতীয় দলৰ অপেনাৰ সঞ্জু চেমচনে অভিলেখ সৃষ্টি কৰিছিল যদিও বিগত দুখন মেচত কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হৈছে। আজি দলৰ জয় নিশ্চিত কৰিবলৈ হ’লে চেমচনৰ্বেটত ৰান অহাটো অত্যন্ত প্ৰয়োজনীয় হ’ব। অধিনায়ক সূৰ্যয়ো এই শৃংখলাত দাঙি ধৰিব পৰা নাই স্বভাৱসিদ্ধ প্ৰদৰ্শন। আজি সূৰ্যৰ প্ৰদৰ্শনো হ’ব লক্ষণীয়।

প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও তৃতীয় মেচত বিস্ফোৰক বেটিঙেৰে অৰ্ধশতকীয় ইনিংছ খেলা অভিষেক শৰ্মাই আজি তেওঁৰ ওপৰত থকা আস্থা প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। অৱশ্যে বলিং বিভাগত ভাৰতীয় দলৰ প্ৰদৰ্শন বিশেষ চিন্তনীয় নহয়। বিশেষকৈ তৃতীয় মেচত ৰান খৰচ কৰিলেও সামগ্ৰিকভাৱে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ প্ৰদৰ্শন এই শৃংখলাত অত্যন্ত প্ৰশংসনীয়। আজিৰ মেচখনতো ভাৰতীয় দলে তৃতীয় মেচৰ প্লেয়িং ইলেভেনৰ সৈতে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই অধিক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...