India Women vs Pakistan Women: পুনৰ ২২ গজৰ যুঁজত ভাৰত-পাকিস্তানঃ কেতিয়া, কিদৰে চাব পাৰিব এই মেচ?

Ind W vs Pak W World Cup Match Live Streaming: এদিনীয়া বিশ্বকাপত পাকিস্তানৰ হাতত কেতিয়াও পৰাস্ত হোৱা নাই ভাৰতীয় মহিলা দল। কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত এই ইতিহাস পুনৰাবৃত্তি কৰিবলৈ চেষ্টা কৰিব হৰমনপ্ৰীত বাহিনীয়ে। সামগ্ৰিকভাৱে এই পৰ্যন্ত ভাৰত আৰু পাকিস্তানী মহিলা দলৰ মাজত ১১খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে। সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি এই আটাইকেইখন মেচতে ভাৰতীয় দলে জয়লাভ কৰিছে।

India Women vs Pakistan Women: পুনৰ ২২ গজৰ যুঁজত ভাৰত-পাকিস্তানঃ কেতিয়া, কিদৰে চাব পাৰিব এই মেচ?

মহিলা বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ

Updated On: 

04 Oct 2025 09:53 AM

মাত্ৰ কেইটামান দিন পূৰ্বে অন্ত পৰিছে এছিয়া কাপ ২০২৫ চন প্ৰতিযোগিতাখনৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতীয় দলে নৱমবাৰৰ বাবে খিতাপ জয় কৰে। কেৱল ফাইনেলতে নহয়, এছিয়া কাপত মুঠ বাৰ মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান এই তিনিওখন মেচতে ভাৰতে জয়লাভ কৰি পাকিস্তানৰ ওপৰত আধিপত্য বিস্তাৰ কৰে এতিয়া পুনৰ এবাৰ ক্ৰিকেট যুঁজত মুখামুখি দুই চুবুৰীয়া দেশৰ দল এছিয়া কাপত পাকিস্তানৰ শক্তি বিধ্বস্ত কৰিছিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলে এইবাৰ একেই লক্ষ্যৰে সাজু হৈছে ভাৰতীয় মহিলা দল

চলিত মহিলা এদিনীয়া বিশ্বকাপৰ ষষ্ঠখন মেচত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। এই মেচখন শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব। এদিনীয়া বিশ্বকাপত পাকিস্তানৰ হাতত কেতিয়াও পৰাস্ত হোৱা নাই ভাৰতীয় মহিলা দল। কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত এই ইতিহাস পুনৰাবৃত্তি কৰিবলৈ চেষ্টা কৰিব হৰমনপ্ৰীত বাহিনীয়ে।

এই পৰ্যন্ত ভাৰত আৰু পাকিস্তানী মহিলা দলৰ মাজত ১১খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি এই আটাইকেইখন মেচতে ভাৰতীয় দলে জয়লাভ কৰিছে। বিশ্বকাপতো দুয়োটা দল চাৰিবাৰকৈ মুখামুখি হৈছে আৰু এই মেচকেইখনতো জয়লাভ কৰিছে ভাৰতীয় দলে।

IND vs PAK: কেতিয়া হ মেচ?

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মহিলা এদিনীয়া বিশ্বকাপৰ ষষ্ঠখন মেচ ৫ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব। বিয়লি ৩:০০ বজাৰ পৰা আৰম্ভ হ’ব মেচ।

কোনখন খেলপথাৰত অনুষ্ঠিত হ’ব মেচ?

ভাৰত আৰু পাকিস্তানৰ এই মেচখন কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

চাব পাৰিব লাইভ সম্প্ৰচাৰ

মহিলা বিশ্বকাপ সম্প্ৰচাৰৰ অধিকাৰ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ হাতত আছে। অনুৰাগীয়ে টেলিভিচনত ষ্টাৰ স্পৰ্টছৰ পৃথক চেনেল Star Sports 1/HD and Star Sports Hindi/HD এই মেচখন চাব পাৰিব। আনহাতে মোবাইলত JIO Hotstar এপ বা ৱেবছাইটত চাব পাৰিব মেচখনৰ লাইভ সম্প্ৰচাৰ।

গুপ্তাংগৰ অত্যধিক দুৰ্গন্ধ ওলায় নেকি? এই ঘৰুৱা উপায়েৰে কৰক দূৰ
ডেংগুৰ কোনটো তিনিটা লক্ষণক আওকাণ কৰা উচিত নহয়?
দেৱী লক্ষ্মীৰ বাহন, সপোনত ফেঁচা দেখাটো কিহৰ ইংগিত জানেনে?
হঠাতে ৰক্তচাপ বৃদ্ধি, এই তিনিটা লক্ষণে দেখা দিলে সাৱধান হওক