ডুবাইত আজি পুনৰ ভাৰত-পাকিস্তানঃ গৌৰৱময় দৌৰ অক্ষুণ্ণ ৰাখিব পাৰিবনে সূৰ্য বাহিনীয়ে?

কিন্তু ইয়াৰ পিছতো যোৱা ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ বিপক্ষে গ্ৰুপ মেচ খেলিছিল ভাৰতে। এই সময়তো দেশৰ অধিকাংশ লোকেই ক্ষোভ প্ৰদৰ্শন কৰি মেচ বয়কট ঘোষণা কৰিছিল। উক্ত মেচখনত ভাৰতীয় দল সহজেই জয়ী হৈছিল। মেচখনত টছৰ সময়ত তথা মেচ সম্পূৰ্ণ হোৱাৰ পিছতো অধিনায়ক সূৰ্যকুমাৰ যাদৱসহ ভাৰতীয় দলৰ খেলুৱৈসকলে কৰমৰ্দন নকৰাকৈ খেলপথাৰ এৰিছিল।

ডুবাইত আজি পুনৰ ভাৰত-পাকিস্তানঃ গৌৰৱময় দৌৰ অক্ষুণ্ণ ৰাখিব পাৰিবনে সূৰ্য বাহিনীয়ে?

আজি পুনৰ ভাৰত-পাক মেচ

Published: 

21 Sep 2025 | 06:33 PM

এছিয়া কাপ ২০২৫ত ইতিমধ্যে অন্ত পৰিছে গ্ৰুপ পৰ্যায়ৰ মেচ দুয়োটা গ্ৰুপত শীৰ্ষ দুটা স্থানত থকাৰ সূত্ৰে ক্ৰমে ভাৰত, পাকিস্তান আৰু শ্ৰীলংকা, বাংলাদেশে ছুপাৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে আজি ছুপাৰ পৰ্যায়ত ভাৰতে খেলিব প্ৰথমখন মেচ এই প্ৰথম মেচখনত ভাৰতীয় দলৰ প্ৰতিদ্বন্দী পাকিস্তান চলিত এই প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা পাকিস্তানৰ বিপক্ষে ভাৰতীয় দলৰ মেচক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ভাৰতীয় দলে পাকিস্তানৰ সৈতে কোনো মেচ খেলিব নালাগে বুলি সকলোৱে মত প্ৰকাশ কৰিছিল কিন্তু ইয়াৰ পিছতো যোৱা ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ বিপক্ষে গ্ৰুপ মেচ খেলিছিল ভাৰতে এই সময়তো দেশৰ অধিকাংশ লোকেই ক্ষোভ প্ৰদৰ্শন কৰি মেচ বয়কট ঘোষণা কৰিছিল

উক্ত মেচখনত ভাৰতীয় দল সহজেই জয়ী হৈছিল মেচখনত টছৰ সময়ত তথা মেচ সম্পূৰ্ণ হোৱাৰ পিছতো অধিনায়ক সূৰ্যকুমাৰ যাদৱসহ ভাৰতীয় দলৰ খেলুৱৈসকলে কৰমৰ্দন নকৰাকৈ খেলপথাৰ এৰিছিল ইয়াৰ পিছতে অধিনায়ক সূৰ্যই দিছিল কিছু বিশেষ বক্তব্য ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কিছু বিতৰ্ক

এনে বিতৰ্কৰ পিছত পুনৰ এবাৰ খেলপথাৰত মুখামুখি ভাৰত আৰু পাকিস্তান আজি বজাৰ লগে লগে ডুবাইত আৰম্ভ এই মেচখন প্ৰথম মেচত জয় তথা জয়ৰ পিছত অধিনায়ক সূৰ্যৰ মন্তব্যৰ পিছত ভাৰতীয় দলৰ সমুখত এতিয়া আজিৰ মেচখন এক কথাত বিশেষ হৈ পৰিছে স্বাভাৱিকতেই জয়ৰ ধাৰা অব্যাহত ৰাখি ভাৰতে এই মেচখনতো জয়ৰ চেষ্টা চলাব

আজিৰ এই মেচখনত ভাৰতীয় দলৰ মূল একাদশৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব শেহতীয়া ওমানৰ বিপক্ষে মেচখনত যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীক জিৰণি দিয়া হৈছিল তেওঁলোকৰ স্থানত অৰ্শদীপ আৰু হৰ্ষিত ৰাণাই মূল একাদশত স্থান পাইছিল কিন্তু পাকিস্তানৰ বিপক্ষে মেচত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা দলটিত পৰিৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা আছে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...