Champions Trophy 2025 : আজি সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান, জয়ৰ সম্ভাৱনা কাৰ বেছি ?

দিনৰ ২.৩০ বজাৰ লগে লগে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচখন । এই মেচখনক লৈ ক্ৰিকটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা ।

Champions Trophy 2025 : আজি সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান, জয়ৰ সম্ভাৱনা কাৰ বেছি ?

ভাৰত বনাম পাকিস্তান

Published: 

23 Feb 2025 | 10:01 AM

আজি টেম্পিয়ন ট্ৰফীৰ ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখন অনুষ্ঠিত হ’ব। এই মেচখনক লৈ ক্ৰিকটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা দেখা গৈছে । দিনৰ ২.৩০ বজাৰ লগে লগে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন । উল্লেখ্য যে,২০১৭ চনত চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে অভিযান আৰম্ভ কৰিছিল । ফাইনেলতো প্ৰতিদ্বন্দ্বী আছিল পাকিস্তান। প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত পাকিস্তানক পৰাস্ত কৰাৰ পিছতো ফাইনেলত দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলটো।

২০১৭ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ ৰানাৰ্ছ আপ আছিল ভাৰত। চেম্পিয়নছ ট্ৰফীৰ মঞ্চত আকৌ সমুখ সমৰত ভাৰত-পাকিস্তান । এইবাৰ অৱশ্যে ফাইনেল বা প্ৰথম মেচ নহয়। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিছে। ইফালে, নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হৈছে পাকিস্তান ।

অৱশ্যে চৰ্চা হৈছে চেম্পিয়নছ ট্ৰফীত ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ অভিলেখ সম্প্ৰতি আয়োজক দলৰ সপক্ষে। চেম্পিয়নছ ট্ৰফীত পাকিস্তানে ভাৰতক ৩ বাৰ পৰাস্ত কৰাৰ বিপৰীতে টিম ইণ্ডিয়াই মাত্ৰ ২ বাৰহে জয়লাভ কৰিছে। কিন্তু ডুবাইত খেলাৰ কথা আহিলে ইয়াত টিম ইণ্ডিয়াৰ জয়ৰ সম্ভাৱনা অধিক থাকে। ডুবাইৰ খেলপথাৰত দুয়োটা দলৰ মাজত ২ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল আৰু ভাৰতে দুয়োখন খেলতে সহজেই জয়লাভ কৰিছিল। ২০১৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে এই ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত এদিনীয়া মেচ।

ভাৰত সম্ভাৱ্য একাদশ : ৰোহিত শৰ্মা, শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, অক্ষৰ পেটেল, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ/বৰুণ চক্ৰৱৰ্তী, মহম্মদ ছামী, হৰ্ষিত ৰানা/আৰ্ষদীপ সিং।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব