এছিয়া কাপত হ’বনে ভাৰত পাকিস্তানৰ মেচ! ক্ৰীড়া মন্ত্ৰালয়ে ওৰ পেলালে সকলো চৰ্চা, ক’লে এইদৰে

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছিল। এক কথাত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক কেন্দ্ৰ কৰি ক্ৰিকেটপ্ৰেমীৰ মাজত আছিল সন্দেহৰ কলীয়া ডাৱৰ।

এছিয়া কাপত হ’বনে ভাৰত পাকিস্তানৰ মেচ! ক্ৰীড়া মন্ত্ৰালয়ে ওৰ পেলালে সকলো চৰ্চা, ক’লে এইদৰে

এছিয়া কাপত হ’বনে ভাৰত-পাক মেচ!

Updated On: 

21 Aug 2025 | 07:16 PM

অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যেই ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা। বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনক কেন্দ্ৰ কৰি অধিক চৰ্চা পৰিলক্ষিত হৈছে। পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু তাৰ পিছত ভাৰতে চলোৱা অপাৰেচন সেন্দূৰে দুয়ো দেশৰ মাজৰ সম্পৰ্ক পূৰ্বতকৈ অধিক তিক্ত কৰি তুলিছিল। দুয়ো দেশৰ এই ৰাজনৈতিক সম্পৰ্কৰ প্ৰভাৱ পৰিছিল ক্ৰীড়াক্ষেত্ৰতো।

এনে পৰিস্থিতিতে এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছিল। এক কথাত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক কেন্দ্ৰ কৰি ক্ৰিকেটপ্ৰেমীৰ মাজত আছিল সন্দেহৰ কলীয়া ডাৱৰ।

অৱশেষত এই সকলো সন্দেহ তথা চৰ্চাৰ ওৰ পেলাইছে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে। অহা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা মেচখনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে দিছে সেউজ সংকেত। PTIৰ প্ৰতিবেদন অনুসৰি ভাৰত-পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত নহ’ব যদিও বহুদেশীয় প্ৰতিযোগিতাত দুয়ো দলৰ মাজত মেচ বন্ধ নহয় বুলি ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে।

 

ক্ৰীড়া মন্ত্ৰালয়ৰ মতে ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে কোনো দ্বিপাক্ষিক শৃংখলা খেলিব নোৱাৰিব। লগতে ভাৰতীয় দলটো কোনো প্ৰতিযোগিতা বা মেচৰ বাবে পাকিস্তানলৈ নাযায়। সমান্তৰালকৈ পাকিস্তানী ক্ৰিকেট দলকো ভাৰতত খেলিবলৈ দিয়া নহ’ব। মন্ত্ৰালয়ে স্পষ্টকৈ কৈছে, ভাৰতীয় ক্ৰিকেট দলক এছিয়া কাপ খেলিবলৈ আমি বাধা নিদিওঁ, কাৰণ ই বহুজাতিক প্ৰতিযোগিতা।

ক্ৰীড়া মন্ত্ৰালয়ৰ এই নীতি কেৱল ক্ৰিকেটৰ ক্ষেত্ৰতহে যে প্ৰযোজ্য হ’ব, এনে নহয়। আন আন ক্ৰীড়াও এই নীতিৰ অন্তৰ্ভুক্ত হ’ব। অৰ্থাৎ এতিয়া কোনো পাকিস্তানী খেলুৱৈয়ে কোনো প্ৰতিযোগিতাৰ বাবে ভাৰতলৈ আহিব নোৱাৰিব আৰু কোনো ভাৰতীয় খেলুৱৈয়েও পাকিস্তানৰ মাটিত ভৰি নিদিয়ে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুয়োটা দল বা খেলুৱৈয়ে পৰস্পৰৰ লগত খেলা দেখা যাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...