আত্মবিশ্বাস নে অহংকাৰ! দুবাৰ পৰাস্ত হোৱাৰ পিছতো ফাইনেলৰ পূৰ্বে পাক অধিনায়কে কৰিলে এনে মন্তব্য

পাক অধিনায়কগৰাকীয়ে এই আত্মবিশ্বাসী মন্তব্য কৰিলেও অৱশ্যে দুয়ো দলৰ মাজৰ শেহতীয়া প্ৰতিদ্বন্দিতাৰ দিশলৈ লক্ষ্য কৰিলে ভাৰতৰে জয়ৰ সম্ভাৱনা অধিক। যদি জয়ী হয়, এয়া হ’ব ভাৰতীয় দলৰ নৱম এছিয়া কাপ খিতাপ।

আত্মবিশ্বাস নে অহংকাৰ! দুবাৰ পৰাস্ত হোৱাৰ পিছতো ফাইনেলৰ পূৰ্বে পাক অধিনায়কে কৰিলে এনে মন্তব্য

কাইলৈ এছিয়া কাপৰ ফাইনেল

Published: 

27 Sep 2025 | 03:36 PM

দেওবাৰে অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ বহু চৰ্চিত ফাইনেল এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ভাৰত আৰু পাকিস্তানৰ মেচক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল প্ৰাৰম্ভিক অৱস্থাত পাকিস্তানৰ বিপক্ষে ভাৰতীয় দলে মেচ খেলাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ ইয়াৰ পিছতে প্ৰতিযোগিতাত দুয়ো দলৰ মাজত হোৱা প্ৰথমখন মেচতো হেণ্ডচেক বিতৰ্কই ব্যাপক চৰ্চা লাভ কৰিছিল আনহাতে ছুপাৰ পৰ্যায়তো দুয়ো দলৰ খেলুৱৈৰ মাজত মৌখিক কাজিয়াৰ সূত্ৰপাত হয়

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই দেখা দিছিল এই সম্ভাৱনা এতিয়া হৈ পৰিল বাস্তৱ গ্ৰুপ আৰু ছুপাৰ পৰ্যায়ৰ পিছত কাইলৈ দুয়োটা দল এছিয়া কাপ ২০২৫ৰ ফাইনেলত মুখামুখি ইতিপূৰ্বৰ দুয়োখন মেচত জয়ৰ পিছত ফাইনেলতো আত্মবিশ্বাসী হৈ উঠিছে ভাৰতীয় দল

ফাইনেলৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ অধিনায়কদ্বয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাই ফাইনেলৰ প্ৰাকক্ষণত প্ৰবল আত্মবিশ্বাসৰ ইঙ্গিতৰ দিয়াৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে দলীয় শক্তিৰ প্ৰসঙ্গ দাঙি ধৰিছে ফাইনেলৰ পূৰ্বে অৱশ্যে ভাৰতপাকি অধিনায়কদ্বয়ৰ মাজত হোৱা নাই কোনো সংবাদ মেল

কালি ছুপাৰ ৪ পৰ্যায়ৰ অন্তিমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰাৰ পাছত সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ বিৰুদ্ধে ফাইনেল সন্দৰ্ভত নিজ মতামত প্ৰকাশ কৰে। ফাইনেলত প্ৰৱেশ কৰি সুখী বুলি উল্লেখ কৰি সূৰ্যই লগতে দলৰ প্ৰতিজন খেলুৱৈয়ে নিৰ্ভয়ে খেলাৰ ক্ষেত্ৰত এক স্পষ্ট বাৰ্তা আছে বুলি দৃঢ়তাৰে কয়।

তেওঁলোকে জানে মই কি বিচাৰোঁ আৰু তেওঁলোকে কি কৰিব লাগিব। মোৰ পৰিকল্পনা কেনেকৈ কাৰ্যকৰী কৰিব লাগে তেওঁলোকে জানে।”- দলীয় সতীৰ্থৰ ওপৰত আস্থা প্ৰকাশেৰে এইদৰে কয় সূৰ্যকুমাৰ যাদৱে ইতিপূৰ্বে সূৰ্যই পাকিস্তানৰ সৈতে এতিয়া আৰু কোনো প্ৰতিদ্বন্দ্বিতা নাই বুলি মন্তব্য কৰি দলীয় শক্তিৰো স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল।

ইফালে পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘায়ো এছিয়া কাপৰ ফাইনেল সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছিল। ফাইনেল মেচখনক লৈ তেওঁ অতিশয় উৎসাহিত বুলিও উল্লেখ কৰে। “আমি এতিয়া কি কৰিব লাগে জানো। আমি যিকোনো দলক পৰাস্ত কৰিবলৈ সক্ষম। আৰু দেওবাৰে আমি ঠিক সেয়াই কৰিবলৈ চেষ্টা কৰিম।”এই মন্তব্য পাক অধিনায়কগৰাকীৰ

পাক অধিনায়কগৰাকীয়ে এই আত্মবিশ্বাসী মন্তব্য কৰিলেও অৱশ্যে দুয়ো দলৰ মাজৰ শেহতীয়া প্ৰতিদ্বন্দিতাৰ দিশলৈ লক্ষ্য কৰিলে ভাৰতৰে জয়ৰ সম্ভাৱনা অধিক যদি জয়ী হয়, এয়া ভাৰতীয় দলৰ নৱম এছিয়া কাপ খিতাপ লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত মুখামুখি ভাৰত আৰু পাকিস্তান

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...