টেষ্ট ক্ৰিকেটত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰিলে কোহলীয়েঃ ৰচিলে অভিলেখ…

নিউজিলেণ্ডৰ বিপক্ষে চলিত বাংগালুৰু টেষ্টৰ আজি তৃতীয় দিনা এক গুৰুত্বপূৰ্ণ অৰ্ধশতকীয় ইনিংছ খেলে বিৰাট কোহলীয়ে। এই ইনিংছটোৰে কোহলীয়ে টেষ্ট কেৰিয়াৰত অতিক্ৰম কৰে ৯০০০ ৰানৰ সীমা। আজি ভাৰতৰ দ্বিতীয় ইনিংছত ৭০ ৰানৰ ইনিংছটোৰ সময়ত ৫৩ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে টেষ্টত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

টেষ্ট ক্ৰিকেটত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰিলে কোহলীয়েঃ ৰচিলে অভিলেখ…

কোহলীৰ আন এক কৃতিত্ব

Published: 

18 Oct 2024 | 07:42 PM

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ এগৰাকী শ্ৰেষ্ঠতম খেলুৱৈ হিচাপে সততে উচ্চাৰিত হয় ভাৰতীয় তাৰকা বিৰাট কোহলীৰ নাম। এই অসামান্য স্বীকৃতি লাভৰ দৌৰত কোহলীয়ে নিজৰ প্ৰদৰ্শনেৰে বুটলিছে যোগ্যতা। ২২ গজৰ জগতত ধাৰাবাহিকভাৱে হাতত বেট লৈ ৰানৰ বৰষুণ তোলা কোহলীয়ে প্ৰতিনিয়ত স্পৰ্শ কৰিছে কোনো মাইলষ্ট’ন। ৰচিছে ইটোৰ পিছত সিটোকৈ ৰেক’ৰ্ড। ৰানৰ এই ক্ষুধাৰ বাবেই অনুৰাগীৰ মাজত তেওঁ এতিয়া পৰিচিত ‘কিং কোহলী’ অভিধাৰে। এইবাৰ কোহলীয়ে নিজ কেৰিয়াৰত স্পৰ্শ কৰিছে আন এক ঈৰ্ষণীয় মাইলষ্ট’ন।

নিউজিলেণ্ডৰ বিপক্ষে চলিত বাংগালুৰু টেষ্টৰ আজি তৃতীয় দিনা এক গুৰুত্বপূৰ্ণ অৰ্ধশতকীয় ইনিংছ খেলে বিৰাট কোহলীয়ে। এই ইনিংছটোৰে কোহলীয়ে টেষ্ট কেৰিয়াৰত অতিক্ৰম কৰে ৯০০০ ৰানৰ সীমা। আজি ভাৰতৰ দ্বিতীয় ইনিংছত ৭০ ৰানৰ ইনিংছটোৰ সময়ত ৫৩ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে টেষ্টত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰে। এইপৰ্যন্ত বিৰাট কোহলীয়ে ১৯৭টা টেষ্ট ইনিংছত ৯০০০ ৰান সংগ্ৰহ কৰিছে।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সংগ্ৰহ কৰা চতুৰ্থজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। ইতিমধ্যে কোহলীৰ পূৰ্বে সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ে এই কৃতিত্বঅৰ্জন কৰিছে। অৱশ্যে এই প্ৰাক্তন তাৰকা খেলুৱৈসকলৰ তুলনাত ৯০০০ ৰানৰ সংখ্যা স্পৰ্শ কৰিবলৈ কিছু সময় লয় বিৰাট কোহলীয়ে। দ্ৰাবিড়ে ১৭৬ ইনিংছত ৯০০০ টেষ্ট ৰাণ সম্পূৰ্ণ কৰি কৰিছিল।

আনহাতে শচীন তেণ্ডুলকাৰে ১৭৯ ইনিংছত আৰু গাভাস্কাৰে ১৯২ ইনিংছত ৯০০০ টেষ্ট ৰাণ সম্পূৰ্ণ কৰে। নিজ টেষ্ট কেৰিয়াৰত বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ২০৪২ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ নামত আছে ১৯৯১ ৰান। একেদৰে দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও তেওঁ এক হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে।

লক্ষণীয়ভাৱে টেষ্ট ক্ৰিকেটত ইনিংছৰ হিচাপত দ্ৰুততম ৯০০০ ৰান সংগ্ৰহৰ বিশ্ব অভিলেখ আছে শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা কুমাৰ ছাংগাকাৰাৰ নামত। শ্ৰীলংকা ক্ৰিকেটৰ কিংবদন্তি তাৰকাগৰাকীয়ে মাত্ৰ ১৭২ ইনিংছত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে ষ্টিভ’ স্মিথে ১৭৪ ইনিংছত ৯০০০ টেষ্ট ৰাণ সম্পূৰ্ণ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে তৃতীয় স্থানত আছে ৰাহুল দ্ৰাবিড়।

ইফালে আজিৰ ইনিংছটোৰ সময়ত কোহলীয়ে আন এক ভাৰতীয় ৰেকৰ্ড নিজৰ নামত লিপিবদ্ধ কৰে। বেটিং ক্ৰমৰ ৩ নং স্থানত বেটিং কৰি ১৫০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। এইপৰ্যন্ত কেৱল ৰিকী পণ্টিং, ছাংগাকাৰা আৰু কেন উইলিয়ামছনেহে এই কৃতিত্ব অৰ্জন কৰিছে।

ইফালে টেষ্টত ৯০০০ ৰান, এদিনীয়াত ১০০০ ৰান আৰু টি-২০ত ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ একমাত্ৰ বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। ইয়াৰ বাহিৰেও সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহৰ ক্ষেত্ৰত বৰ্তমানৰ খেলুৱৈসকলৰ ভিতৰত বিৰাট কোহলী তৃতীয় স্থানত আছে। এই তালিকাত তেওঁৰ সন্মুখত আছে কেৱল জো ৰুট আৰু ষ্টিভ স্মিথ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...