নিউজিলেণ্ডৰ বিপক্ষে তৃতীয় টেষ্টত নাথাকিব বুমৰাহ! হ’ব নেকি হোৱাইট ৱাছ…

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ চলিত টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিমখন টেষ্ট। ইতিমধ্যে প্ৰথম দুখন টেষ্টত পৰাজয়েৰে শৃংখলা হেৰুৱাইছে ভাৰতে। গতিকে হোৱাইট ৱাছ ৰোধৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৃষ্টিকোণৰ পৰা মুম্বাই টেষ্ট ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। পিছে গুৰুত্বপূৰ্ণ মুম্বাই টেষ্টত দলত নাথাকিব যশপ্ৰীত বুমৰাহ।

নিউজিলেণ্ডৰ বিপক্ষে তৃতীয় টেষ্টত নাথাকিব বুমৰাহ! হ’ব নেকি হোৱাইট ৱাছ…

মুম্বাই টেষ্টত নেখেলে বুমৰাহে!

Published: 

31 Oct 2024 17:27 PM

নিউজিলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টত পৰাজয়েৰে শৃংখলা হেৰুৱাইছে ভাৰতে। এইদৰে ঘৰৰ মাটিত ১২ বছৰৰ মূৰত কোনো টেষ্ট শৃংখলা হেৰুৱালে ভাৰতে। ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিপক্ষে এই পৰাজয় ভাৰতীয় দলৰ বাবে অত্যন্ত হতাশাজনক হৈ পৰিছে। কাইলৈৰ পৰা মুম্বাইৰ ৱাংখেড়েৰ ষ্টেডিয়ামত কিৱি বাহিনীৰ বিপক্ষে এই শৃংখলাৰ তৃতীয়খন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। প্ৰথম দুখন মেচত পৰাজয়েৰে শৃংখলা হেৰুওৱাৰ পিছত এতিয়া কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া মুম্বাই টেষ্টত ভাৰতীয় দলৰ জয় অতি প্ৰয়োজনীয় হৈ পৰিছে।

এফালে হোৱাইট ৱাছৰ আশংকা আৰু আনফালে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান হেৰুওৱাৰ আশংকাত থকা ভাৰতীয় দলৰ বাবে মুম্বাই টেষ্টত জয় হ’ব অতি গুৰুত্বপূৰ্ণ। গতিকে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া মুম্বাই টেষ্টত প্ৰবল আত্মবিশ্বাস আৰু পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব লাগিব ভাৰতীয় দল। কিন্তু তাৰ পূৰ্বে আজি পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। কিৱিৰ বিপক্ষে এই অন্তিম টেষ্টখনত দলত নাথাকিব দলৰ পেচ আক্ৰমণৰ মূল কাণ্ডাৰী যশপ্ৰীত বুমৰাহ।

প্ৰকাশিত খবৰ অনুসৰি তৃতীয় তথা অন্তিম টেষ্টত বুমৰাহক জিৰণি দিয়া হৈছে। অধিনায়ক ৰোহিত শৰ্মা আৰু দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সন্মতিৰ পিছত বুমৰাহে ইতিমধ্যে এৰিছে ভাৰতীয় শিবিৰ। অৰ্থাৎ বুমৰাহ অবিহনেই মুম্বাই টেষ্টত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। অৱশ্যে দলৰ অধিনায়ক, প্ৰশিক্ষকসহ সমগ্ৰ টীম মেনেজমেণ্টে বুমৰাহক তৃতীয় টেষ্টত জিৰণি দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

অহা ১০ নৱেম্বৰত আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব পাৰে। অষ্ট্ৰেলিয়াৰ বিপক্ষে এই গুৰুত্বপূৰ্ণ শৃংখলাত যাতে বুমৰাহ ফিট হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰোহিত আৰু গম্ভীৰে বুমৰাহক সম্পূৰ্ণ জিৰণি দিব বিচাৰে। সূত্ৰ অনুসৰি বাংগালুৰু টেষ্টৰ পিছতে বুমৰাহক জিৰণি দিয়াৰ পৰিকল্পনা আছিল। কিন্তু বাংগালুৰুৰ এই প্ৰথমখন মেচত পৰাস্ত হোৱাৰ বাবে পুনে টেষ্টতো বুমৰাহক দলত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য হৈছিল টীম মেনেজমেণ্ট।

পুনে টেষ্টত ভাৰতীয় দল বুমৰাহ আৰু আকাশ দীপৰ পেচ যুটিৰ লগতে তিনিজন স্পিনাৰসহ অৱতীৰ্ণ হৈছিল। মুম্বাই্ৰ পিটছো পুনেৰ দৰে স্পীন সহায়ক হোৱাৰ সম্ভাৱনা আছে আৰু এনে পৰিস্থিতিত ভাৰতে মুম্বাইতো দুই পেচাৰ আৰু তিনিগৰাকী স্পিনাৰ লৈয়ে নামিব পাৰে। গতিকে বুমৰাহৰ অনুপস্থিতিত তেওঁৰ স্থানত মহম্মদ চিৰাজক দেখা যাব পাৰে। এতিয়া মুম্বাই টেষ্টত বুমৰাহ অবিহনে ভাৰতীয় দলে হোৱাইট ৱাছ ৰোধ কৰিব পাৰিবনে সেয়া হ’ব লক্ষণীয়।

বমি বমি লাগিছে? এই তিনিটা ঘৰুৱা খাদ্যেই দিব তৎক্ষণাত সকাহ
পুৱা খালী পেটত চাহ খায় নেকি? সাৱধান! সন্মুখীন হ’ব পাৰে ভাবিব নোৱাৰা সমস্যাৰ
ডাকঘৰে দিছে লাখপতি হোৱাৰ সুযোগ ! এই আঁচনিত দৈনিক ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ
ডায়েবেটিছৰ সমস্যাত সকাহ দিয়ে পাকঘৰৰ ৫ বিধ সহজ মছলাই, জানিবলৈ চাওক এতিয়াই
দেৱাল লেখন অভিযানত মুখ্যমন্ত্ৰী
সমষ্টিত দমকল পুতিলে সাংসদ ৰকিবুল হুচেইনে...
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিনে ন্যায় নাপায়ঃ ৰকিবুল
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা