ইতিহাসত প্ৰথমবাৰৰ বাবে এনে কৃতিত্ব ৰচিলে ভাৰতে, অষ্ট্ৰেলিয়া-ইংলেণ্ডৰ সৈতে একে তালিকাত পালে স্থান
চলিত শৃংখলাটোত ২২৪ ৰানৰ এই স্ক’ৰ ভাৰতৰ সৰ্বনিম্ন স্ক’ৰ যদিও এই ইনিংছৰ সময়তে ভাৰতীয় দলে টেষ্ট ইতিহাসত এক বিৰল কৃতিত্ব অৰ্জন কৰিছে। এই কৃতিত্বৰে ভাৰতীয় দলে ক্ৰিকেট জগতৰ দুই শক্তি অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ সৈতে এক অভিজাত তালিকাত যোগ দিছে।

ইতিহাস ৰচিলে ভাৰতীয় দলে
পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল। এই শৃংখলাৰ পঞ্চম তথা অন্তিম মেচখন যোৱা ৩১ জুলাইৰ পৰা লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত হৈছে। দ্বিতীয় দিনাৰ অন্তলৈ এই মেচখন যথেষ্ট ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। এই শৃংখলাত ভাৰতীয় দল ১–২ ব্যৱধানত পিছ পৰি আছে। এনে পৰিস্থিতিত শৃংখলাত সমতা স্থাপন কৰিবলৈ এই মেচখনত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব। পিছে অভেল টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় দলে সকলো উইকেট হেৰুৱাই ২২৪ ৰানতে ইনিংছ সামৰে। গতিকে অভেলত জয়ৰ বাবে ভাৰতীয় দলে এতিয়া যথেষ্ট পৰিশ্ৰম কৰিব লাগিব।
চলিত এই শৃংখলাটোত ২২৪ ৰানৰ এই স্ক’ৰ ভাৰতৰ সৰ্বনিম্ন স্ক’ৰ যদিও এই ইনিংছৰ সময়তে ভাৰতীয় দলে টেষ্ট ইতিহাসত এক বিৰল কৃতিত্ব অৰ্জন কৰিছে। এই কৃতিত্বৰে ভাৰতীয় দলে ক্ৰিকেট জগতৰ দুই শক্তি অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ সৈতে এক অভিজাত তালিকাত যোগ দিছে। পিছে ভাৰতীয় দলে অভেলত এনে কি অভিলেখ ৰচিলে?
অভেল টেষ্টৰ প্ৰথম ইনিংছৰ ২২৪ ৰানৰ লগতে দ্বিতীয় দিনাৰ অন্ত পৰালৈ ভাৰতে দ্বিতীয় ইনিংছত ৭৫ ৰান সংগ্ৰহ কৰিছে। এইদৰে চলিত এই শৃংখলাত ভাৰতৰ মুঠ সংগৃহীত ৰান ৩৪৮৮ লৈ বৃদ্ধি পাইছে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে কোনো এক টেষ্ট শৃংখলাত ৩৪০০ৰো অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বে ভাৰতে ১৯৭৮-৭৯ চনত সুনীল গাভাস্কাৰৰ নেতৃত্বত ঘৰুৱা ভূমিত খেলা ছয়খন মেচৰ এক টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সৰ্বাধিক মুঠ ৩২৭০ ৰান সংগ্ৰহ কৰিছিল। সেই ঘৰুৱা শৃংখলাত গাভাস্কাৰে ভাৰতীয় দলৰ হৈ ছখন মেচত মুঠ ৭৩২ ৰান সংগ্ৰহ কৰিছিল। ইতিমধ্যে গাভাস্কাৰৰ এই ৰেকৰ্ড ভংগ কৰি অধিনায়ক শুভমন গিলে চলিত শৃংখলাত ৭৪৩ ৰান সংগ্ৰহ কৰিছে।
উল্লেখ্য যে এতিয়ালৈকে সংগৃহীত মুঠ ৰানৰ ভিতৰত ১০১৪ ৰান ভাৰতীয় দলে এডবাষ্টন টেষ্টত সংগ্ৰহ কৰিছিল। ২ জুলাইৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হোৱা এডজবাষ্টন টেষ্টত অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছৰ দ্বিশতক আৰু দ্বিতীয় ইনিংছৰ শতকীয় ইনিংছৰ সহায়েৰে সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰিছিল।
লক্ষণীয়ভাৱে টেষ্ট ইতিহাসত ভাৰতৰ পূৰ্বে অষ্ট্ৰেলিয়া দলে ৬ বাৰ আৰু ইংলেণ্ডে ৪ বাৰ কোনো এক টেষ্ট ইতিহাসত ৩৪০০ ৰানৰ সীমা অতিক্ৰম কৰিছে। এইক্ষেত্ৰত অষ্ট্ৰেলিয়া দল আছে শীৰ্ষত। ১৯৮৯ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত ৬ খন মেচৰ টেষ্ট শৃংখলাত অভিলেখ ৩৮৩৭ ৰান সংগ্ৰহ কৰিছিল।