অন্যায়ৰ আশ্ৰয় লৈ শৃংখলা জয় ভাৰতৰ! অসন্তুষ্ট বাটলাৰসহ ইংৰাজ বাহিনী

শুকুৰবাৰে ইংলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ পুনেত অনুষ্ঠিত হোৱা চতুৰ্থখন মেচত ৰোমাঞ্চকৰ জয়েৰে ভাৰতে জয়ৰ ব্যৱধান ৩-১লৈ বৃদ্ধি কৰে আৰু এইদৰে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা নিজৰ দখললৈ আনে। পিছে পুনেত ভাৰতীয় দলৰ জয়ৰ পিছতে ক্ৰিকেট বিশ্বত এক নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে।

অন্যায়ৰ আশ্ৰয় লৈ শৃংখলা জয় ভাৰতৰ! অসন্তুষ্ট বাটলাৰসহ ইংৰাজ বাহিনী

ভাৰতীয় দলৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন বাটলাৰৰ

Updated On: 

01 Feb 2025 | 07:16 AM

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলা হস্তগত কৰিছে ভাৰতীয় দলে। শুকুৰবাৰে পুনেত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থখন মেচত ৰোমাঞ্চকৰ জয়েৰে ভাৰতে জয়ৰ ব্যৱধান ৩-১লৈ বৃদ্ধি কৰে আৰু এইদৰে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা নিজৰ দখললৈ আনে। পিছে পুনেত ভাৰতীয় দলৰ জয়ৰ পিছতে ক্ৰিকেট বিশ্বত এক নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে। ভাৰতীয় দলৰ এক সিদ্ধান্তৰ ওপৰত আঙুলি উঠাইছে ক্ৰিকেট বিশেষজ্ঞসকলে। এই সিদ্ধান্ত সন্দৰ্ভত ইংলেণ্ডৰ অধিনায়ক জ’ছ বাটলাৰে মুকলিকৈয়ে প্ৰকাশ কৰিছে বিষোদগাৰ। কেৱল সিমানেই নহয়, মেচখনত ভাৰতে এই সিদ্ধান্তৰ দ্বাৰা অন্যায়ৰ আশ্ৰয় লোৱা বুলিও অভিযোগ উঠিছে।

এই সমগ্ৰ বিতৰ্কৰ মূল কাৰণ হৈ পৰিছে পুনেত ভাৰতে কৰা ক’নকাচন চাবষ্টিটিউট। শুকুৰবাৰে মেচখনত প্ৰাৰম্ভিক অৱস্থাতে সঘনে উইকেত পতনৰ পিছত সমস্যাত পৰিছিল ভাৰতীয় দল। কিন্তু এই সংকটৰ সময়ত দলৰ ত্ৰাণকৰ্তাৰ ৰূপত ক্ৰীজলৈ আহিছিল শিৱম ডুবে আৰু এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে তেওঁ ভাৰতীয় দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাৰ লগতে এক শক্তিশালী স্থিতিও প্ৰদান কৰিছিল।

পিছে ইনিংছৰ অন্তিমটো অভাৰত বেটিং কৰি থকাৰ সময়তে এটা বলে ডুবেৰ হেলমেটত আঘাত কৰে। ইনিংছৰ সমাপ্তিৰ পিছত খেলপথাৰৰ পৰা বাহিৰলৈ ওলাই আহি ডুবেই মূৰ ঘূৰোৱা বুলি উল্লেখ কৰে আৰু ইয়াৰ পিছতে ভাৰতীয় দলে তেওঁৰ স্থানত ক’নকাচন চাবষ্টিটিউট হিচাপে হৰ্ষিত ৰাণাক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তত মেচ ৰেফাৰীৰ অনুমতি লাভ কৰাৰ পিছত ডুবেৰ স্থানত খেলপথাৰত প্ৰৱেশ কৰে হৰ্ষিত ৰাণাই।

উল্লেখ্য যে এইদৰে ক’নকাচন চাবষ্টিটিউট হিচাপেই হৰ্ষিত ৰাণাই ভাৰতীয় দলৰ হৈ টি-২০ত অভিষেক ঘটায়। অভিষেক মেচখনতে তেওঁ ৪ অভাৰত ৩৩ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে আৰু ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়। পিছে ক’নকাচন চাবষ্টিটিউট হিচাপে হৰ্ষিত ৰাণাৰ অন্তৰ্ভুক্তিয়ে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে। এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন তোলে ইংলেণ্ড দলে। দলৰ অধিনায়ক বাটলাৰে এই ক’নকাচন চাবষ্টিটিউট সন্দৰ্ভত স্পষ্টকৈ প্ৰশ্ন তুলিছে।

ভাৰতীয় দলে পুনে টি-২০ত ব্যৱহাৰ কৰা ক’নকাচন চাবষ্টিটিউট সঠিক নাছিল বুলি বাটলাৰে মন্তব্য কৰে আৰু তেওঁ পোনপটীয়াকৈ মেচ ৰেফাৰীৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। মেচৰ সমাপ্তিৰ পিছতে সংবাদমেলত অংশ লৈ বাটলাৰে ক’নকাচন চাবষ্টিটিউট ৰ বিতৰ্ক সন্দৰ্ভত মুকলিকৈয়ে অসন্তুষ্টি প্ৰকাশ কৰে। কেৱল বাটলাৰেই নহয়, আন বহুকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞয়ো এই বিষয়ত সহমত প্ৰকাশ কৰা নাই।

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’গান আৰু এলাষ্টায়াৰ কুক, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান জনপ্ৰিয় ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰায়ো এই সিদ্ধান্ত সন্দৰ্ভত সহমত প্ৰকাশ কৰা নাই। উল্লেখ্য ক’নকাচন চাবষ্টিটিউট নিয়মৰ অধীনত এটা দলে আঘাতপ্ৰাপ্ত খেলুৱৈজনৰ দৰে হুবহু আন এজন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব পাৰে। কিন্তু কালি ভাৰতীয় দলে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত ক’নকাচন চাবষ্টিটিউটৰ নিয়ম ভংগৰ অভিযোগ উঠিছে।

আঘাতপ্ৰাপ্ত শিৱম ডুবে এগৰাকী বেটিং অলৰাউণ্ডাৰ হোৱাৰ পৰিৱৰ্তে তেওঁৰ স্থানত ক’নকাচন চাবষ্টিটিউট হিচাপে অন্তৰ্ভুক্ত হৰ্ষিত ৰাণা এগৰাকী বলিং অলৰাউণ্ডাৰ। তেনে পৰিস্থিতিত দুয়োৰে বলিঙৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এনে কাৰণতে ভাৰতীয় দলৰ সিদ্ধান্ত সন্দৰ্ভত বিতৰ্কৰ সূত্ৰপাত হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...