IND vs BAN: কানপুৰ টেষ্টৰ পূৰ্বে ডাঙৰ অসুবিধাৰ সন্মুখীন হৈছে BCCI…

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া অন্তিমখন টেষ্ট মেচ অহা ২৭ ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’ব। কিন্তু, তাৰ আগতে উত্তৰ প্ৰদেশৰ PWD য়ে ডাঙৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ পি ডব্লিউ ডিয়ে কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামৰ এটা ষ্টেণ্ড দুৰ্বল বুলি অনুমান কৰি দৰ্শকৰ বাবে বিপজ্জনক বুলি জাননী জাৰি কৰিছে।

IND vs BAN: কানপুৰ টেষ্টৰ পূৰ্বে ডাঙৰ অসুবিধাৰ সন্মুখীন হৈছে BCCI...

কানপুৰত ভাৰত-বাংলাদেশৰ দ্বিতীয় টেষ্ট মেচ

Published: 

25 Sep 2024 16:45 PM

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ষ্টেট শৃংখলাৰ দ্বিতীয়, তথা অন্তিমখন টেষ্ট মেচ অহা ২৭ ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’ব। কিন্তু, তাৰ আগতে উত্তৰ প্ৰদেশৰ PWD য়ে ডাঙৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ পি ডব্লিউ ডিয়ে কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামৰ এটা ষ্টেণ্ড দুৰ্বল বুলি অনুমান কৰি দৰ্শকৰ বাবে বিপজ্জনক বুলি জাননী জাৰি কৰিছে।

কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামক লৈ উত্তৰ প্ৰদেশৰ পি ডব্লিউ ডিয়ে যিটো ষ্টেণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে সেয়া হৈছে বেলকনি চি। পি ডব্লিউ ডিয়ে এই জাননী জাৰি কৰাৰ পাছতে বেলকনি চিৰ টিকট বিক্ৰী বাতিল কৰা হৈছে । UPCA(Uttar Pradesh Cricket Association)ৰ চিইঅ’ অংকিত চেটাৰ্জীয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনাইছে যে, ‘পিডব্লিউডিয়ে কিছু উদ্বেগ প্ৰকাশ কৰিছে । তেওঁলোকৰ জাননী পাছতে আমি বেলকনি চিৰ সকলো টিকট বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’

তেওঁ আৰু কয় যে, সেই ষ্টেণ্ডত মাত্ৰ ১৭০০ টিকট বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে । আনহাতে বেলকনি চিত ৪৮০০ দৰ্শক বহিব পাৰে । লগতে বেলকনি চিৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলিও তেওঁ জানিবলৈ দিছে ।

পি ডব্লিউ ডিৰ বিষয়াসকলৰ মতে, যদি বেলকনি চিত দৰ্শকৰ ভিৰ বেছি হয়, তেন্তে বৃহৎ দুৰ্ঘটনাৰ সম্ভাৱনা থাকিব। পি ডব্লিউ ডিৰ হৈ মঙলবাৰে অৰ্থাৎ ২৪ ছেপ্টেম্বৰত অভিযন্তাৰ এটা দল ষ্টেডিয়ামৰ বেলকনি চিলৈ গৈ ৬ ঘণ্টা সময় ধৰি পৰ্যবেক্ষণ কৰে । ইয়াৰ পাছতে তেওঁলোকে উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাক বিষয়টোৰ সন্দৰ্ভত অৱগত কৰে । তেওঁলোকে ইউপিচিএক কয় যে, খেলৰ দিনটোত ষ্টেডিয়ামৰ সেই অংশটো বন্ধ কৰি ৰাখিব লাগে যাতে কোনো ধৰণৰ ডাঙৰ দুৰ্ঘটনা নহয়।

পি ডব্লিউ ডিৰ এজন অভিযন্তাৰ উদ্ধৃতি দি ইণ্ডিয়ান এক্সপ্ৰেছত লিখিছে যে, ৫০জনতকৈ অধিক ক্ৰিকেট অনুৰাগীৰ ওজন বহন কৰাৰ ক্ষমতা এই ষ্টেণ্ডত নাই। এই ষ্টেডিয়ামখন মেৰামতিৰ প্ৰয়োজন আছে ।

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...