Women’s World Cup 2025: কাইলৈ ছেমিত ভাৰত-অষ্ট্ৰেলিয়াঃ বৰষুণে বাধা দিলে কোনে খেলিব ফাইনেল? চাওক প্ৰতিযোগিতাৰ নিয়ম
প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতীয় দল সন্মুখীন হ’ব শক্তিশালী অষ্ট্ৰেলিয়াৰ। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। পিছে ছেমি ফাইনেল মেচখনত যদি বৰষুণ হয়, তেতিয়া কি হ’ব পৰিস্থিতি?

মহিলা বিশ্বকাপৰ ছেমিত ভাৰত-অষ্ট্ৰেলিয়া
প্ৰথমবাৰৰ বাবে খিতাপত চুম্বন দিয়াৰ লক্ষ্যৰে এইবাৰ মহিলা এদিনীয়া বিশ্বকাপত অৱতীৰ্ণ হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে সুদৃঢ় আৰম্ভণি ঘটাইছিল যদিও মাজভাগতে সন্মুখীন হৈছিল অথন্তৰৰ। একেলগে তিনিখনকৈ মেচত পৰাজয়ৰ পিছত অৱশেষত নিউজিলেণ্ডক পৰাস্ত কৰি অৱশ্যে ভাৰতে ছেমিৰ পথ প্ৰশস্ত কৰে। এতিয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতীয় দল সন্মুখীন হ’ব শক্তিশালী অষ্ট্ৰেলিয়াৰ।
নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। এই খেলপথাৰতে দেওবাৰে নিশা বৰষুণৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত লীগ পৰ্যায়ৰ মেচখন পৰিত্যক্ত ঘোষণা কৰা হৈছিল। লীগ পৰ্যায়ৰ মেচখন বাতিল হ’লেও অৱশ্যে ভাৰতীয় দলৰ ছেমি ফাইনেলৰ পথত কোনো প্ৰভাৱ পৰা নাছিল। পিছে এতিয়া ছেমি ফাইনেলতো যদি বৰষুণ হয়, তেতিয়া কি হ’ব পৰিস্থিতি?
বৰষুণ হ’লে কি হ’ব ফলাফল?
অহা ৩০ অক্টোবৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব এই ছেমি ফাইনেল মেচখন। এই দিনটোত নৱী মুম্বাইৰ বতৰৰ পৰিস্থিতি বিবেচনা কৰিলে বৰষুণৰ সম্ভাৱনা ২০ শতাংশ দেখা গৈছে। অৱশ্যে প্ৰতিযোগিতাৰ সূচী অনুসৰি ছেমি ফাইনেলৰ বাবে এদিনৰ ৰিজাৰ্ভ ডে’ ৰখা হৈছে। গতিকে ৩০ অক্টোবৰত বৰষুণৰ বাবে খেল বন্ধ হ’লে এই ৰিজাৰ্ভ ডে’ত খেল অনুষ্ঠিত হ’ব।
ৰিজাৰ্ভ ডে’তো বৰষুণ হ’লে কিদৰে লোৱা হ’ব সিদ্ধান্ত?
কিন্তু যদিহে ৰিজাৰ্ভ ডে’তো বৰষুৰ বাবে মেচখনৰ ফলাফল নোলায়, তেতিয়া পইণ্ট তালিকাত সৰ্বাধিক পইণ্ট পোৱা দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব। আৰু এনে পৰিস্থিতিৰ সৃষ্টি হ’লে ভাৰতৰ বিশ্বকাপ জয়ৰ স্বপ্ন চূৰ্ণ হ’ব। ভাৰতে লীগ পৰ্যায়ত মাত্ৰ ৭ পইণ্টলাভ কৰাৰ বিপৰীতে ১৩ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছিল অষ্ট্ৰেলিয়া। এইদৰে বৰষুণ হ’লে ফাইনেলত প্ৰৱেশ কৰিব অষ্ট্ৰেলিয়া।
লীগ পৰ্যায়ত ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শন
চলিত বিশ্বকাপত এইপৰ্যন্ত অপৰাজিত দল অষ্ট্ৰেলিয়া। লীগ পৰ্যায়ত এখনো মেচত পৰাস্ত নোহোৱা অষ্ট্ৰেলিয়াই ৭খন মেচ খেলি ৬খনত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল। ইফালে বৰষুণৰ বাবে ভাৰতীয় দলৰ বাংলাদেশৰ বিপক্ষে মেচ পৰিত্যক্ত হৈছিল। ভাৰতে ৭ খন মেচৰ ভিতৰত ৩ খনত জয়ী হোৱাৰ বিপৰীতে ৩ খনত পৰাজয়ৰ সন্মুখীন হয়।