India Squad for T20 World Cup 2026: টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা, শুভমন গিল-জিতেশ শৰ্মা বাহিৰ, দলত অন্তৰ্ভুক্ত ঈশান কিষাণ আৰু ৰিংকু সিং
India Squad for T20 World Cup 2026: টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। ১৫জন খেলুৱৈৰে গঠিত আৰু সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খেলিবলগীয়া এই দলটো মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত চূড়ান্ত কৰা হয়।

ভাৰতীয় ক্ৰিকেট দল
অহা বৰ্ষৰ টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। ২০ ডিচেম্বৰত মুম্বাইস্থিত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ সভাপতিত্বত ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়, য’ত সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ২০২৬ চনৰ টি-২০ বিশ্বকাপত খেলিবলগীয়া ১৫ গৰাকী খেলুৱৈৰ নাম চূড়ান্ত কৰা হয়।
দলটোৰ সন্দৰ্ভত আটাইতকৈ ডাঙৰ খবৰটো আছিল শুভমন গিল বাহিৰ হোৱাটো। গিলৰ ঠাইত দললৈ ঘূৰি আহিছে ঈশান কিষাণ। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে টিম ইণ্ডিয়াৰ খেলুৱৈৰ নাম ঘোষণা কৰে।
সহঃঅধিনায়ককে ধৰি টি-২০ বিশ্বকাপৰ দলত কি পৰিৱৰ্তন হৈছে?
শুভমন গিলক বাদ দিয়াৰ পিছতে অক্ষৰ পেটেলক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দলৰ সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ঈশান কিষাণৰ সৈতে দললৈ ঘূৰি আহিছে ৰিংকু সিঙো। ৰিংকু সিং টি-২০ এছিয়া কাপত টিম ইণ্ডিয়াৰ অংশ আছিল যদিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ দিয়া হৈছিল। উইকেটকীপাৰ বেটছমেন জিতেশ শৰ্মাকো বাদ দিয়া হৈছে টি-২০ বিশ্বকাপ ২০২৬ৰ দলৰ পৰা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত জিতেশ শৰ্মা দলটোৰ অংশ আছিল।
টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে টিম ইণ্ডিয়াৰ পেচ এটেকত নেতৃত্ব দিব যশপ্ৰীত বুমৰাহে। বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে স্পিন এটেকৰ দায়িত্ব কান্ধত ল’ব। ইয়াৰ উপৰিও হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেক টিম ইণ্ডিয়াত অল ৰাউণ্ডাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।
ভাৰতীয় দল ঘোষণা
শক্তিশালী প্ৰদৰ্শন কৰা খেলুৱৈসকলৰ সুযোগ লাভ
টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে নিৰ্বাচিত হোৱা অধিকাংশ খেলুৱৈয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল। ফলত নিৰ্বাচকসকলে তেওঁলোকক বিশ্বকাপৰ দলত ৰখাৰ সিদ্ধান্ত লৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ চাৰিখন মেচত ১৮৭ ৰান সংগ্ৰহ কৰি দলটোৰ সৰ্বোচ্চ স্ক’ৰাৰ আছিল তিলক বাৰ্মা।
তেওঁৰ পিছতে হাৰ্দিক পাণ্ডিয়াই ১৮৬ৰ ওপৰৰ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকৰে তিনিটা ইনিংছত ১৪২ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বৰুণ চক্ৰৱৰ্তীয়েও ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। ৪ খন মেচত সৰ্বাধিক ১০ টা উইকেট দখল কৰি ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল বৰুণ।
কিয় পুনৰ টিম ইণ্ডিয়ালৈ উভতি আহিল ঈশান কিষাণ?
ঈশান কিষাণে টি-২০ বিশ্বকাপ দললৈ ঘূৰি অহাৰ কাৰণ আছিল চৈয়দ মুস্তাক আলী ট্ৰফীত তেওঁৰ প্ৰদৰ্শন। তেওঁৰ অধিনায়কত্বত ঝাৰখণ্ডে তেওঁলোকৰ প্ৰথমটো চৈয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ দখল কৰিছিল, সেই ঘৰুৱা টি-২০ প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান, ছয় আৰু শতক অৰ্জন কৰিছিল ঈশানে। তেওঁৰ বেটিং দক্ষতাৰ বাবে ঝাৰখণ্ডে প্ৰথমটো চৈয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
সমগ্ৰ প্ৰতিযোগিতাখনত ১০খন মেচত ৫০০ ৰো অধিক ৰান সংগ্ৰহ কৰে ঈশান কিষাণে। ইফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত শুভমন গিলে তিনিটা ইনিংছত মাত্ৰ ৩২ ৰানহে কৰিবলৈ সক্ষম হয়।
টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলটো
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটৰক্ষক), ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, অক্ষৰ পেটেল (সহঃ অধিনায়ক), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰানা, অৰ্শদ্বীপ সিং, ৰিংকু সিং।