Women’s Hockey Asia Cup 2025: দুৰন্ত প্ৰদৰ্শনেৰে অভিযান আৰম্ভ ভাৰতৰঃ ১১-০ গ’লত বিধ্বস্ত প্ৰতিপক্ষ থাইলেণ্ড

অভিজ্ঞ গ’লৰক্ষক সবিতা আৰু ড্ৰেগ ফ্লিকাৰ আৰু তাৰকা ফৰৱাৰ্ড দীপিকাৰ আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বাবে বিপদত পৰিছিল ভাৰতীয় দল। কিন্তু মুমতাজ খান, উদিতা আৰু বিউটি ডুং ডুঙৰ উজ্জ্বীৱিত প্ৰদৰ্শনৰ সহায়ত ভাৰতীয় দলে প্ৰতিযোগিতাত আশানুৰূপ আৰম্ভণি ঘটাবলৈ সক্ষম হৈছে।

Women’s Hockey Asia Cup 2025: দুৰন্ত প্ৰদৰ্শনেৰে অভিযান আৰম্ভ ভাৰতৰঃ ১১-০ গ’লত বিধ্বস্ত প্ৰতিপক্ষ থাইলেণ্ড

এছিয়া কাপত শক্তিশালী আৰম্ভণি ভাৰতৰ

Updated On: 

05 Sep 2025 | 04:17 PM

বিহাৰৰ ৰাজগীৰত চলি থকা পুৰুষ হকী এছিয়া কাপ ২০২৫ত এইপৰ্যন্ত ভাৰতীয় দলে দাঙি ধৰিছে শক্তিশালী প্ৰদৰ্শন হৰমনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় দলে ধাৰাবাহিকতা প্ৰদৰ্শন কৰি খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে পৰিগণিত হৈছে পুৰুষ হকী দলৰ এই প্ৰদৰ্শনৰ বিপৰীতে ভাৰতীয় মহিলা হকী দলেও দেখুৱাইছে চমক চীনত আৰম্ভ হোৱা মহিলা হকী এছিয়া কাপ ২০২৫ত ভাৰতীয় মহিলা হকী দলে চমকপ্ৰদ আৰম্ভণি ঘটাইছে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলতে থাইলেণ্ডক ১১-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতীয় দলে।

হাংঝৌৰ গংছু কেনেল স্প’ৰ্টছ পাৰ্ক হকী ফিল্ডত অনুষ্ঠিত মেচখনৰ আৰম্ভণিৰ পৰাই ভাৰতে আগ্ৰাসী খেল প্ৰদৰ্শন কৰে আৰু সম্পূৰ্ণ একপক্ষীয়ভাৱে থাইলেণ্ডক পৰাস্ত কৰে। থাইলেণ্ড নিম্ন ৰেংকিঙিৰ দল লেও এছিয়া কাপৰ প্ৰথমখন মেচতে ভাৰতৰ এই আগ্ৰাসী জয়ে বিশেষ গুৰুত্ব বহন কৰিছে

অভিজ্ঞ গ’লৰক্ষক সবিতা আৰু ড্ৰেগ ফ্লিকাৰ আৰু তাৰকা ফৰৱাৰ্ড দীপিকাৰ আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বাবে বিপদত পৰিছিল ভাৰতীয় দল। কিন্তু মুমতাজ খান, উদিতা আৰু বিউটি ডুং ডুঙৰ উজ্জ্বীৱিত প্ৰদৰ্শনৰ সহায়ত ভাৰতীয় দলে প্ৰতিযোগিতাত আশানুৰূপ আৰম্ভণি ঘটাবলৈ সক্ষম হৈছে

ভাৰতৰ হৈ মেচখনত মুমতাজ খান, উদিতা আৰু বিউটিয়ে দুটাকৈ গ’ল স্ক কৰাৰ বিপৰীতে সংগীতা কুমাৰী, নৱনীত কৌৰ, লালৰেমছিয়ামী, শৰ্মিলা দেৱী আৰু ৰুতুজা পিছালে এটাকৈ গ’ল স্ক কৰে। মেচৰ প্ৰথমাৰ্ধতে ভাৰতে ৫-০ গ’লত অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত দ্বিতীয়ার্ধত ভাৰতৰ আক্রমণ তীব্ৰতৰ হৈ পৰে আৰু ১১টা গ’ল স্ক কৰি বিধ্বস্ত কৰে থাইলেণ্ডক৷

উল্লেখ্য যে ভাৰতীয় দলে ডিফেণ্ডিং চেম্পিয়ন জাপান, থাইলেণ্ড আৰু ছিংগাপুৰৰ পুল বিত স্থান পাইছে ইয়াৰ বিপৰীতে পুল এত আছে আয়োজক চীন, কোৰিয়া, মালয়েছিয়া আৰু চাইনিজ টাইপেই। ৫ ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত থাইলেণ্ডৰ পিছত এতিয়া শনিবাৰে জাপান আৰু ৮ ছেপ্টেম্বৰত ছিংগাপুৰৰ বিৰুদ্ধে খেলিব ভাৰতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...