বাৰে বাৰে হাৰিও হোৱা নাই শিক্ষা! টি-২০ বিশ্বকাপৰ প্ৰাকক্ষণত ভাৰতক এনে প্ৰত্যাহ্বান পাকিস্তানৰ
বিগত সময়ছোৱাত এছিয়া কাপত হোৱা বিতৰ্কই যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু এতিয়া অহা মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপতো একেই পৰিস্থিতিৰই সম্ভাৱনা দেখা গৈছে। ভাৰত আৰু পাকিস্তানৰ বিশ্বকাপৰ মেচখনৰ পূৰ্বেই পাকিস্তানৰ পক্ষৰ পৰা আহিছে প্ৰত্যাহ্বান।

হাৰিও শিক্ষা হোৱা নাই পাকিস্তানৰ!
২২ গজত ভাৰত-পাকিস্তানৰ প্ৰতিদ্বন্দিতা মানেই অনন্য উন্মাদনা। এই উন্মাদনাই খেলপথাৰৰ সীমা অতিক্ৰমি স্পৰ্শ কৰে সকলোকে। দেখা যায় বাকযুদ্ধ। এয়া এক স্বাভাৱিক দৃশ্য। আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকক্ষণতো এনে এক দৃশ্যই দেখা গৈছে। ভাৰত-পাকিস্তানৰ মাজত ৰাজনৈতিক সম্পৰ্কত এতিয়া বহু দূৰত্ব। তাৰ মাজতে ২২ গজত অব্যাহত আছে দুয়ো দেশৰ যুঁজ। অৱশ্যে শেহতীয়া সময়ছোৱাত ক্ৰিকেটৰ পথাৰতো দুয়োখন দেশৰ মাজৰ তিক্ততা স্পষ্টকৈ দেখা গৈছে।
বিগত সময়ছোৱাত এছিয়া কাপত হোৱা বিতৰ্কই যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু এতিয়া অহা মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপতো একেই পৰিস্থিতিৰই সম্ভাৱনা দেখা গৈছে। ভাৰত আৰু পাকিস্তানৰ বিশ্বকাপৰ মেচখনৰ পূৰ্বেই পাকিস্তানৰ তাৰকা পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদীয়ে ভাৰতীয় দলক মুকলি প্ৰত্যাহ্বান জনাইছে।
কি ক’লে শ্বাহিন আফ্ৰিদীয়ে
অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত টি-২০ বিশ্বকাপ আৰম্ভ হ’ব। এই বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে পাকিস্তান। প্ৰতিযোগিতাত নিজৰ সকলো মেচ শ্ৰীলংকাত খেলিব দলটোৱে। সেই অনুসৰি, ভাৰত আৰু পাকিস্তানৰ মেচখনো শ্ৰীলংকাত অনুষ্ঠিত হ’ব। অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত এই হাই-ভল্টেজ মেচখন অনুষ্ঠিত হ’ব।
২০২৫ চনৰ এছিয়া কাপৰ ফাইনেলৰ পিছত ভাৰত-পাকিস্তানৰ এয়া হ’ব প্ৰথম মুখামুখি। এই মেচখনক লৈ ভাৰতক আক্ৰমণ কৰি শ্বাহিন আফ্ৰিদীয়ে শেহতীয়াকৈ কয়, “সীমান্তৰ সিপাৰে থকাসকলে ক্ৰীড়া মনোভাৱ উলংঘা কৰিছে। কিন্তু আমাৰ কাম ক্ৰিকেট খেলা আৰু আমাৰ লক্ষ্য তাৰ ওপৰতে আছে। আমি তেওঁলোকক খেলপথাৰতে উচিত প্ৰত্যুত্তৰ দিম।”
ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অভিলেখ
শ্বাহিন আফ্ৰিদীয়ে খেলপথাৰত প্ৰত্যুত্তৰ দিয়াৰ কথা কৈছে যদিও টি-২০ ক্ৰিকেটৰ ইতিহাস ভাৰতৰ পক্ষতহে আছে। পৰিসংখ্যা অনুসৰি দুয়োটা দল টি-২০ ফৰ্মেটত মুঠ ১৬ বাৰ মুখামুখি হৈছে। ভাৰতে ইয়াৰ ১২ খনত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে মাত্ৰ ৩ বাৰহে জয়ৰ মুখ দেখিছে। আনহাতে এখন মেচ টাই ৰূপে সামৰণি পৰিছে।
টি-২০ বিশ্বকাপত দুয়োটা দলৰ মাজত ৮ খন মেচ হৈছে। ইয়াৰে ৭ খনতে জয়ী হৈছে ভাৰত। আনহাতে ২০২২ৰ টি-২০ বিশ্বকাপত মাত্ৰ এখন মেচত জয়ী হৈছিল পাকিস্তান। শেহতীয়াকৈ দুয়ো দলৰ মাজত হোৱা মুখামুখিতো ভাৰতে ধাৰাবাহিকভাৱে ৫ খন মেচত জয়লাভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত আফ্ৰিদীৰ এই হুংকাৰ কিমান ফলপ্ৰসূ হ’ব, সেয়া ১৫ ফেব্ৰুৱাৰীতহে জানিব পৰা যাব।