Asia Cup 2025 IND vs PAK Final: আজি এছিয়া কাপৰ ফাইনেলঃ সমুখত পাকিস্তান, ‘হেট্ৰিক’ অৰ্জন কৰিবনে অপ্ৰতিৰোধ্য ভাৰতে?

India vs Pakistan, Asia Cup 2025 Final: এছিয়া কাপ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিযোগিতাৰ সূচী অনুসাৰে ভাৰত আৰু পাকিস্তান তিনিবাৰ মুখামুখি হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছিল। ইতিমধ্যে দুয়োটা দলেই চলিত প্ৰতিযোগিতাত দুবাৰ পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈছে। এতিয়া সম্ভাৱনাৰ দৰেই আজি তৃতীয় তথা চূড়ান্ত মেচখনত অৱতীৰ্ণ হ’ব দল দুটা।

Asia Cup 2025 IND vs PAK Final: আজি এছিয়া কাপৰ ফাইনেলঃ সমুখত পাকিস্তান, ‘হেট্ৰিক’ অৰ্জন কৰিবনে অপ্ৰতিৰোধ্য ভাৰতে?

এছিয়া কাপৰ ফাইনেলত আজি ভাৰত-পাকিস্তান

Published: 

28 Sep 2025 | 04:06 PM

প্ৰাৰম্ভিক বাদ-বিবাদ তথা বিতৰ্কৰ অন্তত আজি ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰতীক্ষিত এছিয়া কাপ ২০২৫ৰ ফাইনেল। আজি সন্ধিয়া ৮ বজাৰ পৰা ডুবাইত আৰম্ভ হ’ব এই ফাইনেল মেচখন। দুই চুবুৰীয়া ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব এই খিতাপ যুঁজত। সাধাৰণতেই ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট মেচ বুলিলে সমগ্ৰ ক্ৰিকেট বিশ্বত এক বিশেষ উন্মাদনা দেখা যায়। দুয়ো দেশৰ ক্ৰিকেট অনুৰাগীসকলক এই মেচৰ উন্মাদনাই বাৰুকৈয়ে স্পৰ্শ কৰে।

কিন্তু এইবাৰ এছিয়া কাপত এইক্ষেত্ৰত দেখা গৈছে কিছু ব্যক্তিক্ৰম। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত হোৱা অপাৰেচন সেন্দূৰ তথা যুদ্ধসদৃশ পৰিস্থিতিৰ ফলশ্ৰুতিত এই প্ৰতিযোগিতাত ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে অংশ ল’ব নালাগে বুলি দেশৰ অধিকাংশ লোকেই মত প্ৰকাশ কৰিছিল। পিছে কেন্দ্ৰৰ সেউজ সংকেত লাভৰ পিছত নিশ্চিত হৈ পৰিছিল ভাৰক-পাক মেচ।

এছিয়া কাপ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিযোগিতাৰ সূচী অনুসাৰে ভাৰত আৰু পাকিস্তান তিনিবাৰ মুখামুখি হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছিল। ইতিমধ্যে দুয়োটা দলেই চলিত প্ৰতিযোগিতাত দুবাৰ পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈছে। এই দুয়োবাৰৰ মুখামুখিতে সহজে জয়ী হৈছে ভাৰতীয় দল। এতিয়া সম্ভাৱনাৰ দৰেই আজি তৃতীয় তথা চূড়ান্ত মেচখনত অৱতীৰ্ণ হ’ব দল দুটা।

গ্ৰুপ পৰ্যায় আৰু ছুপাৰ-৪ পৰ্যায়ত ভাৰতে পাকিস্তানক সহজে পৰাস্ত কৰি স্বাভাৱিকতেই আজি আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দল। কিন্তু ফাইনেলত পাকিস্তানক সহজে লোৱাৰ ভুল ভাৰতীয় দলে নিশ্চয় নকৰিব। শক্তি তথা প্ৰদৰ্শনৰ দিশৰ পৰা অৱশ্যে ভাৰতীয় দল আজিও দাবীদাৰ হিচাপেই ফাইনেলত নামিব। ইতিমধ্যে অধিনায়ক সূৰ্যয়ো দলীয় শক্তিৰ স্পষ্ট বাৰ্তা দিছে।

যদি আজি ভাৰতীয় দল জয়ী হয়, এয়া হ’ব ভাৰতৰ নৱম এছিয়া কাপ খিতাপ। এইপৰ্যন্ত ৮ বাৰ খিতাপ জয়েৰে ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত আটাইতকৈ সফল দল। আনহাতে পাকিস্তানে এইপৰ্যন্ত প্ৰতিযোগিতাত মাত্ৰ দুবাৰহে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। লক্ষণীয়ভাৱে এছিয়া কাপৰ এইবাৰ ১৭তম সংস্কৰণ আৰু এই দীঘলীয়া সময়ত এইবাৰ প্ৰথম ফাইনেলত সন্মুখীন হ’ব ভাৰত আৰু পাকিস্তান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব