IND vs AUS: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ভাৰতৰ, অক্ষত হৈ ৰ’ল এই অভিলেখ…
India vs Australia: ইয়াৰ লগে লগে টীম ইণ্ডিয়াই পাঁচখনীয়া মেচৰ শৃংখলা ২-১ৰ ব্যৱধানত জয়লাভ কৰি অষ্ট্ৰেলিয়াত কেতিয়াও টি-২০ শৃংখলাত পৰাস্ত নোহোৱাৰ অভিলেখ অব্যাহত ৰাখে। কেৱল এয়াই নহয় ২০২৩ চনৰ পৰা টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই টিম ইণ্ডিয়াই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ভাৰতৰ...
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-১ৰ ব্যৱধানত জয়লাভ কৰে ভাৰতে। ব্রিজবেনত অনুষ্ঠিত হোৱা ছিৰিজৰ অন্তিমখন মেচ বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। ইয়াৰ লগে লগে ড্ৰ’ কৰাৰ সুযোগ হেৰুৱাই অষ্ট্ৰেলিয়াই। এইদৰে টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াত পঞ্চমবাৰৰ বাবে টি-২০ শৃংখলাত জয়লাভ কৰে। শৃংখলাৰ প্ৰথমখন মেটো বৰষুণৰ বাবে বাতিল হৈছিল। দুয়োখন মেচতে টীম ইণ্ডিয়াই প্ৰথমে বেটিং কৰিছিল।
৮ নৱেম্বৰ শনিবাৰে ব্রিজবেনত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্ছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছত বাউণ্ডেৰী বৰষুণেৰে টীম ইণ্ডিয়াৰ হৈ বিস্ফোৰক আৰম্ভণি কৰে শুভমন গিলে। এই সময়ছোৱাত গিলে এটা অভাৰত চাৰিটা বাউণ্ডেৰী মাৰে। ইফালে অভিষেক শৰ্মাক এই সময়ছোৱাত দুবাৰকা প্ৰাণদান লাভ কৰে আৰু ইয়াৰ সুযোগত আগ্ৰাসীভাৱে বেটিং আগবঢ়ায়।
কিন্তু টীম ইণ্ডিয়াই ৫০ ৰানৰ সীমা অতিক্ৰম কৰাৰ লগে লগে বেয়া বতৰৰ বাবে খেলখন বন্ধ হৈ পৰে। ব্রিজবেনত বিজুলী আৰু ধুমুহাই সকলো খেলুৱৈকে পেভিলিয়নলৈ উভতি যাবলৈ বাধ্য কৰাইছিল৷ এই সময়লৈকে টীম ইণ্ডিয়াৰ স্ক’ৰ আছিল ৪.৫ অভাৰত ৫২ ৰান, কোনো উইকেট হেৰুৱাবলগীয়া হোৱা নাছিল। কিন্তু কিছু সময়ৰ পিছতে বৰষুণ আৰম্ভ হয়। প্ৰায় দুঘণ্টা অপেক্ষা কৰাৰ পিছত আম্পায়াৰসকলে মেচ বাতিল কৰাৰ সিদ্ধান্ত লয়। শুভমন গিলে ১৬টা বলত ২৯ ৰান আৰু অভিষেক শৰ্মাই ১৩টা বলত ২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।
ইয়াৰ লগে লগে টীম ইণ্ডিয়াই পাঁচখনীয়া মেচৰ শৃংখলা ২-১ৰ ব্যৱধানত জয়লাভ কৰি অষ্ট্ৰেলিয়াত কেতিয়াও টি-২০ শৃংখলাত পৰাস্ত নোহোৱাৰ অভিলেখ অব্যাহত ৰাখে। কেৱল এয়াই নহয় ২০২৩ চনৰ পৰা টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই টিম ইণ্ডিয়াই।এই সময়ছোৱাত টিম ইণ্ডিয়াই ৯খন দ্বিপাক্ষিক শৃংখলা জয় কৰাৰ বিপৰীতে এখন ড্ৰ’ হৈছিল। ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ আৰু এছিয়া কাপৰ খিতাপ লাভ কৰে। এই শৃংখলাৰ পিছত ভাৰতীয় দলটোৱে জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে পোনপটীয়াকৈ টি-২০ ফৰ্মেটলৈ ঘূৰি আহিব।