পুৰুষ বুলি অপমানঃ ঘৃণা বিয়পোৱা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ ইমান খেলিফৰ

তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে পৰাজয় গ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি কেতবোৰ মন্তব্য কৰিছিল। এনেবোৰ কাৰণতে বিভিন্নজনে ইমান খেলিফক পুৰুষ বুলি ট্ৰল কৰিছিল।

পুৰুষ বুলি অপমানঃ ঘৃণা বিয়পোৱা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ ইমান খেলিফৰ

ইমান খেলিফ

Updated On: 

11 Aug 2024 | 04:18 PM

পেৰিছ অলিম্পিক- ২০২৪ ৰ চৰ্চিত বিষয়সমূহৰ ভিতৰত অন্যতম এটা বিষয় ইমান খেলিফৰ বিতৰ্ক। আলজেৰিয়াৰ বক্সাৰ ইমান খেলিফে লিংগ সম্পৰ্কীয় বিবাদত সোমাই পৰাৰ লগে লগে যথেষ্ঠ সমালোচনা আৰু অপমানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইমান খেলিফে ইটালীৰ বক্লাৰ এঞ্জেলা কেৰনিকক ইমানেই প্ৰহাৰ কৰিছিল যে মাত্ৰ ৪৬ ছেকেণ্ডৰ ভিতৰত এই খেল শেষ হৈছিল। মাত্ৰ ৪৬ ছেকেণ্ডত খেলত জয়লাভ কৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত ইমান খেলিফ বিৰোধী এক ঢৌ দেখা গৈছিল। ‘

তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে পৰাজয় গ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি কেতবোৰ মন্তব্য কৰিছিল। এনেবোৰ কাৰণতে বিভিন্নজনে ইমান খেলিফক পুৰুষ বুলি ট্ৰল কৰিছিল। এই সকলোবোৰ সমালোচনাৰ মাজতে ইমান খেলিফ ফাইনেলত প্ৰৱেশ কৰি চীনৰ বক্সাৰ তথা বিশ্ব চেম্পিয়ন ইয়াং লিউক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।  এতিয়া ইমান খেলিফে তেওঁক লৈ কৰা মন্তব্যসমূহৰ বিৰুদ্ধে মুখ খুলিছে। যিসকলে তেওঁৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে সেইসকলৰ বিৰুদ্ধে তেওঁ ল’ব ব্যৱস্থা।

ইমান খেলিফে ছ’চিয়েল মিডিয়াত তেওঁক গালি-গালাজ আৰু ট্ৰ’ল কৰা সকলৰ বিৰুদ্ধে আইনী অভিযোগ দাখিল কৰিছে। এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি খেলিফে নিজৰ লিংগ সন্দৰ্ভত ঘৃণনীয় মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে। খেলুৱৈগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে যিসমূহ মন্তব্য কৰিছে সেয়া নৈতিকভাৱে ভুল। তেওঁ বিশ্ববাসীৰ ধাৰণা সলনি কৰিব বিচাৰে বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। স্বৰ্ণ জয় কৰি খেলিফে কয় যে অলিম্পিক চেম্পিয়ন হোৱা আৰু স্বৰ্ণ পদক লাভ কৰাতো  তেওঁৰ ৮ বছৰৰ সপোন আছিল, যিটো এতিয়া পূৰণ হৈছে। তেওঁৱো আন মহিলাৰ দৰে।

উল্লেখ্য যে, ২০২৩ চনৰ পৰা ইমান খেলিফৰ বিৰুদ্ধে পুৰুষ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। যাৰ বাবে তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে (আই বি এ) অযোগ্য ঘোষণা কৰিছিল। ২০২৩ চনত তেওঁক অযোগ্য ঘোষণা কৰাৰ পিছত আই বি এয়ে জনাইছিল যে ডি এন এ পৰীক্ষাৰ সময়ত খেলিফৰ শৰীৰত এক্স,ৱাই ক্ৰম’জম পোৱা যায়, যি কেৱল পুৰুষৰ ক্ষেত্ৰত পোৱা যায়। আই বি এয়ে খেলিফৰ শৰীৰত অত্যধিক পৰিমাণৰ টেষ্টষ্টেৰন থকাৰ কথাও উল্লেখ কৰিছিল। আনহাতে খেলিফে আই বি এৰ সিদ্ধান্তক ডাঙৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল। আনকি পেৰিছ অলিম্পিকৰ সময়তো তেওঁ জৈৱিক পুৰুষ বুলি কৰা ট্ৰলৰ সন্মুখীন হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...