ICC U19 World Cupৰ বাবে ভাৰতীয় দল ঘোষণা, কোনে কোনে স্থান পালে?

অহা বছৰৰ ১৫ জানুৱাৰীৰ পৰা জিম্বাবুৱে আৰু নামিবিয়াত আৰম্ভ হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ্বৰ পুৰুষৰ বিশ্বকাপ ৬ ফেব্ৰুৱাৰীলৈকে চলিব। চাৰিটা গ্ৰুপত বিভক্ত এই বিশ্বকাপত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছে। ৫ বাৰৰ চেম্পিয়ন টীম ইণ্ডিয়াক গ্ৰুপ Bত স্থান দিয়া হৈছে।

ICC U19 World Cupৰ বাবে ভাৰতীয় দল ঘোষণা, কোনে কোনে স্থান পালে?

১৯ অনুৰ্ধ্বৰ বিশ্বকাপ ২০২৬

Updated On: 

27 Dec 2025 | 09:50 PM

ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে অহা বছৰৰ টি-২০ বিশ্বকাপৰ বাবে। এই প্ৰতিযোগিতাখন ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব যদিও তাৰ পূৰ্বে আইচিচিৰ ১৯ অনুৰ্ধ্বৰ বিশ্বকাপ ২০২৬ অনুষ্ঠিত হোৱাৰ কথা। এই বিশ্বকাপৰ ভাৰতীয় দলটো এতিয়া ঘোষণা কৰা হৈছে। ২৭ ছেপ্টেম্বৰ শনিবাৰে বিচিচিআইয়ে এই প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া ভাৰতীয় দলৰ কথা ঘোষণা কৰে।

এই দলত ১৪ বছৰীয়া তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশীক অন্তৰ্ভুক্ত কৰা হৈছে। আয়ুষ ম্হাত্ৰেক পুনৰবাৰ অধিনায়কত্ব দিয়া হৈছে। অহা ১৫ জানুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে গ্ৰুপ মেচৰ জৰিয়তে টীম ইণ্ডিয়াই বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।

উল্লেখ্য যে, অহা বছৰৰ ১৫ জানুৱাৰীৰ পৰা জিম্বাবুৱে আৰু নামিবিয়াত আৰম্ভ হ’বলগীয়া ১৯ বছৰ অনুৰ্ধৰ পুৰুষৰ বিশ্বকাপ ৬ ফেব্ৰুৱাৰীলৈকে চলিব। চাৰিটা গ্ৰুপত বিভক্ত এই বিশ্বকাপত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছে। ৫ বাৰৰ চেম্পিয়ন টীম ইণ্ডিয়াক গ্ৰুপ Bত স্থান দিয়া হৈছে।

১৯ বছৰ অনুৰ্ধ্বৰ বিশ্বকাপৰ বাবে ভাৰতীয় দল

আয়ুষ ম্হাত্ৰে (অধিনায়ক), বিহান মালহোত্ৰা (উপ অধিনায়ক), বৈভৱ সূৰ্যবংশী, এৰন জৰ্জ, বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং, আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ ইনান, হেনিল পেটেল, দেৱেন্দ্ৰ দীপেশ, কিষান কুমাৰ সিং, আৰু উধৱ মোহন।

১৯ বছৰ অনুৰ্ধ্বৰ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ সূচী

১৫ জানুৱাৰী : ভাৰত বনাম আমেৰিকা, বুলাৱায়ো

১৭ জানুৱাৰী : ভাৰত বনাম বাংলাদেশ, বুলাৱায়ো

২৪ জানুৱাৰী : ভাৰত বনাম নিউজিলেণ্ড, বুলাৱায়ো

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব