উল্লেখনীয় অগ্ৰগতি বৰুণ চক্ৰৱৰ্তীৰ, ICC T20 Rankings ৰ শীৰ্ষ ১০ টা স্থানত আছে এই কেইজন ভাৰতীয় ক্ৰিকেটাৰ…সবিশেষ চাওক

শেহতীয়াকৈ আইচিচিয়ে প্ৰকাশ কৰিছে টি-২০ বলাৰৰ ৰেংকিং । এই ৰেংকিঙত ২৫ জনকৈ খেলুৱৈক অতিক্ৰম কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰুণ চক্ৰৱৰ্তীয়ে । আৰু কোন কোন আছে চাওক...

উল্লেখনীয় অগ্ৰগতি বৰুণ চক্ৰৱৰ্তীৰ, ICC T20 Rankings ৰ শীৰ্ষ ১০ টা স্থানত আছে এই কেইজন ভাৰতীয় ক্ৰিকেটাৰ...সবিশেষ চাওক

বৰুণ চক্ৰৱৰ্তী

Published: 

29 Jan 2025 | 04:59 PM

ভাৰতীয় ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তীয়ে ক্ৰিকেট কেৰিয়াৰত উল্লেখ্যযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ আইচিচিয়ে প্ৰকাশ কৰিছে টি-২০ বলাৰৰ ৰেংকিং । এই ৰেংকিঙত ২৫ জনকৈ খেলুৱৈক অতিক্ৰম কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰুণ চক্ৰৱৰ্তীয়ে । টি-২০ ফৰ্মেটৰ শীৰ্ষ ৫ জন বলাৰৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰাটো বৰুণ চক্ৰৱৰ্তীৰ ক্ৰিকেট কেৰিয়াৰ উল্লেখযোগ্য় অগ্ৰগতি বুলি ক’ব লাগিব ।

শেহতীয়া আই চি চি টি-২০ ৰেংকিঙত ৬৭৯ ৰেটিং পইণ্টেৰে ৫ নম্বৰ স্থানত আছে বৰুণ চক্ৰৱৰ্তী। যদি ৰেংকিঙৰ শীৰ্ষ দহটা স্থান চোৱা যায় তেতিয়া আইচিচিৰ টি-২০ বলাৰৰ ৰেংকিঙত আৰ্শ্বদীপ সিং আৰু ৰবি বিষ্ণইৰ নামো তাত দেখা পাব । নৱম স্থানত আছে আৰ্শদীপ সিং। আনহাতে আইচিচিৰ শেহতীয়া ৰেংকিঙত ১০ নম্বৰ স্থানত আছে ৰবি বিষ্ণই।

টি-২০ বলাৰৰ বাবে আইচিচিৰ নতুন ৰেংকিঙত ইংলেণ্ডৰ আদিল ৰছিদ প্ৰথম স্থানত আছে। স্পিনাৰ আদিল ৰছিদৰ ৰেটিং পইণ্ট হৈছে ৭১৮। আনহাতে, ৱেষ্ট ইণ্ডিজৰ আকিল হুছেইন ৭০৭ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত লাভ কৰা শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগাই ৬৯৮ ৰেটিং পইণ্ট লাভ কৰিছে। আনহাতে অষ্ট্ৰেলিয়াৰ এডাম জাম্পাই ৬৯৪ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত আছে। অৰ্থাৎ সামগ্ৰিকভাৱে চালে টি-২০ বলাৰৰ আই চি চি ৰেংকিঙত স্পিনাৰে আধিপত্য বিস্তাৰ কৰে।

ইফালে আইচিচিৰ টি-২০ বেটছমেনৰ ৰেংকিঙত তৃতীয় স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হৈছে তিলক বাৰ্মা। অল ৰাউণ্ডাৰ ৰেংকিঙত এক নম্বৰ স্থানত আছে হাৰ্দিক পাণ্ডিয়া। ৮৩২ ৰেটিং পইণ্টেৰে দ্বিতীয় বেটছমেন হিচাপে স্থান লাভ কৰিছে তিলক বাৰ্মা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...