আইচিচিৰ বৈঠকত নোলাল চেম্পিয়নছ ট্ৰফীৰ সমাধান! এই দিনটোত লোৱা হ’ব সিদ্ধান্ত…

আইচিচি চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনিশ্চয়তা দূৰ কৰাৰ উদ্দেশ্যে আজি আইচিচিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। বিচিচিআই আৰু পিচিবিকে ধৰি সকলো ব’ৰ্ডৰ সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰিছিল যদিও এই বৈঠকত কোনো সমাধান নোলাল। এতিয়া এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে পুনৰ বৈঠক অনুষ্ঠিত হ’ব।

আইচিচিৰ বৈঠকত নোলাল চেম্পিয়নছ ট্ৰফীৰ সমাধান! এই দিনটোত লোৱা হ’ব সিদ্ধান্ত…

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত কেতিয়া লোৱা হ’ব সিদ্ধান্ত

Published: 

29 Nov 2024 | 07:04 PM

অহা বৰ্ষৰ আৰম্ভণিৰ ফালে অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি বিচিচিআই আৰু পিচিবিৰ মাজত চলি থকা সংঘাত নিৰাময়ৰ লগতে প্ৰতিযোগিতাখনৰ বাবে সমাধান সূত্ৰ উলিওৱাৰ উদ্দেশ্যে আজি অনুষ্ঠিত হৈছিল আইচিচিৰ এখন বৈঠক। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি)কে ধৰি সকলো ব’ৰ্ডৰ সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি আশা কৰা হৈছিল।

আইচিচিৰ এই বৈঠকত চেম্পিয়নছ ট্ৰফী কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব, প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেলৰ ব্যৱস্থা কৰা হ’ব নে সমগ্ৰ প্ৰতিযোগিতাখন কেৱল পাকিস্তানত অনুষ্ঠিত হ’ব সেই বিষয়ে  সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি চৰ্চা চলিছিল। কিন্তু আই চি চিৰ বৈঠকৰ পাছতো এই প্ৰতিযোগিতা সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। প্ৰকাশিত খবৰ অনুসৰি এই বৈঠক এতিয়া পিছুৱাই দিয়া হৈছে।

ভাৰত চুবুৰীয়া পাকিস্তানে আগন্তুক এই প্ৰতিযোগিতাখন আয়োজনৰ স্বত্ব লাভ কৰিছে। কিন্তু নিৰাপত্তাজনিত কাৰণত বিচিচিআইয়ে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছৰ পৰাই প্ৰতিযোগিতাখন কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব সেই লৈ বিতৰ্ক চলি আছে। এনে বিতৰ্কৰ অৱসান ঘটোৱাৰ উদ্দেশ্যেই আইচিচিয়ে এই বৈঠকৰ আয়োজন কৰিছিল।

পিছে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই বৈঠক মাত্ৰ ১০ৰ পৰা ১৫ মিনিটৰ বাবেহে অনুষ্ঠিত হয়। ইয়াৰ পিছত এই বৈঠক ৩০ নৱেম্বৰলৈ অৰ্থাৎ কাইলৈৰ বাবে পিছুৱাই দিয়া হয়। এতিয়া কাইলৈৰ বৈঠকতে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। এতিয়া আইচিচিয়ে প্ৰতিযোগিতাখনৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

উল্লেখ্য যে ২০০৮ চনৰ পিছত ভাৰতীয় দলে এবাৰো পাকিস্তান ভ্ৰমণ কৰা নাই। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক বিবাদৰ পৰিপ্ৰেক্ষিতত দুয়োটা দলৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই। কেৱল আইচিচিৰ মূল ইভেণ্ট বা এছিয়া কাপতহে দুয়োটা দল মুখামুখি হৈছে। ৰাজনৈতিক বিবাদৰ বাবেই বিচিচিআইয়ে পাকিস্তান ভ্ৰমণৰ পৰিৱৰ্তে হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী আয়োজনৰ প্ৰস্তাৱ দিছে।

একে সময়তে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে শেহতীয়াকৈ আইচিচিক চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলৰ ক্ষেত্ৰত সমৰ্থন নজনায় বুলি স্থিতি স্পষ্ট কৰি দিছে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমে আনকি পিচিবিয়ে ভাৰতীয় দলৰ অবিহনেই চেম্পিয়নছ ট্ৰফী আয়োজনৰ বাবে সাজু হোৱা বুলিও দাবী কৰিছে। অৱশ্যে ভাৰতীয় দল অবিহনে পিচিবিয়ে প্ৰতিযোগিতাখন যে আয়োজন কৰিবলৈ সক্ষম হ’ব, তাৰ সম্ভাৱনা অত্যন্ত কম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব