পাকিস্তানক নিষিদ্ধ কৰাৰ ধমক আইচিচিৰ! নাকভিৰ মন্তব্যৰ পৰিণতিত ভুগিব পাৰে এই ৪ কঠোৰ শাস্তি

আইচিচিয়ে স্পষ্ট কৰি দিছে যে পাকিস্তানে যদি ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰে, তেন্তে দেশখনৰ ক্ৰিকেট এক প্ৰকাৰ ধ্বংসৰ মুখলৈ যাব পাৰে। পাকিস্তানে এনে সিদ্ধান্ত ল’লে বহু দিশত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।

পাকিস্তানক নিষিদ্ধ কৰাৰ ধমক আইচিচিৰ! নাকভিৰ মন্তব্যৰ পৰিণতিত ভুগিব পাৰে এই ৪ কঠোৰ শাস্তি

নিষিদ্ধ হ’ব নেকি পাকিস্তান ক্ৰিকেট!

Updated On: 

25 Jan 2026 | 03:58 PM

আগন্তুক টি-২০ বিশ্বকাপ কাষ চাপি অহাৰ সমান্তৰালকৈ ক্ৰমাৎ অধিক বৃদ্ধি পাইছে বিতৰ্ক। প্ৰথমে বাংলাদেশৰ বহিষ্কাৰ আৰু তাৰ পিছত এতিয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিৰ মন্তব্যক কেন্দ্ৰ কৰি প্ৰবল বিতৰ্কৰ সূত্ৰপাত ঘটিছে। এনে পৰিস্থিতিত এতিয়া আইচিচি (ICC) আৰু পাকিস্তান ক্ৰিকেট বৰ্ডৰ (PCB) মাজত চলি থকা সংঘাত চৰম পৰ্যায়ত উপনীত হৈছে। সূত্ৰ মতে, টি-২০ বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিয়া পাকিস্তানক এইবাৰ কঠোৰ সকীয়নী প্ৰদান কৰিছে আইচিচিয়ে।

কিয় এই সকীয়নী

পিচিবি (PCB)ৰ মুৰব্বী মহছিন নাকভিয়ে শেহতীয়াকৈ এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ বাংলাদেশক সমৰ্থন জনাই পাকিস্তানো বিশ্বকাপৰ পৰা আঁতৰি অহাৰ ইংগিত দিছিল আৰু কৈছিল যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত পাকিস্তান চৰকাৰে ল’ব। নাকভিৰ এই স্থিতিৰ পাছতেই আইচিচিয়ে পাকিস্তানক ইয়াৰ ভয়াবহ পৰিণামৰ বিষয়ে সতৰ্ক কৰি দিছে বুলি প্ৰকাশ পাইছে।

কি কি প্ৰতিবন্ধকতাৰ সন্মুখীন হ’ব পাকিস্তান?

আইচিচিয়ে স্পষ্ট কৰি দিছে যে পাকিস্তানে যদি ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰে, তেন্তে দেশখনৰ ক্ৰিকেট এক প্ৰকাৰ ধ্বংসৰ মুখলৈ যাব পাৰে। পাকিস্তানে এনে সিদ্ধান্ত ল’লে বহু দিশত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। আইচিচিয়ে আৰোপ কৰিব পৰা সম্ভাৱ্য এনে নিষেধাজ্ঞাসমূহ হ’ল-

১/ পাকিস্তানৰ টি-২০ লীগ ‘পি এছ এল’ত বিদেশী খেলুৱৈৰ অংশগ্ৰহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। ইয়াৰ লগতে লীগখনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও কাঢ়ি লোৱা হ’ব।

২/ কোনো দেশে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলাত অংশ ল’ব নোৱাৰিব।

৩/ পাকিস্তানক এছিয়া কাপৰ পৰাও বাহিৰ কৰি দিয়া হ’ব।

৪/ আইচিচিয়ে পাকিস্তানক দিয়া পুঁজি (Funding) কৰ্তন কৰিব, যাৰ ফলত পিচিবি (PCB) চৰম আৰ্থিক সংকটত পৰিব।

চৰকাৰী সিদ্ধান্তলৈ অপেক্ষা

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ বৈদেশিক ভ্ৰমণৰ পৰা উভতি অহাৰ পাছতেই পাকিস্তান চৰকাৰে টি-২০ বিশ্বকাপত অংশগ্ৰহণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি মহছিন নাকভিয়ে জনাইছে। অৱশ্যে, আইচিচিৰ এই কঠোৰ স্থিতিৰ পাছত পাকিস্তানে নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’বনে, সেয়া হ’ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...