অপেক্ষা ২৯ নৱেম্বৰলৈ ! চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হ’বনে ? চূড়ান্ত সিদ্ধান্ত ল’ব আইচিচিয়ে…

চেম্পিয়নছ ট্ৰফী আৰু পাকিস্তানত ইয়াৰ আয়োজন সন্দৰ্ভত অহা ৭২ ঘণ্টাৰ ভিতৰত সিদ্ধান্ত হ’ব আইচিচিয়ে। আইচিচিয়ে ২৯ নৱেম্বৰত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পৰিষদৰ বৈঠক আহ্বান কৰিছে । এই বৈঠকত চেম্পিয়নছ ট্ৰফীৰ সূচী অনুমোদন জনোৱা হ’ব আৰু ইভেণ্টৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

অপেক্ষা ২৯ নৱেম্বৰলৈ ! চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হবনে ? চূড়ান্ত সিদ্ধান্ত লব আইচিচিয়ে...

চেম্পিয়নছ ট্ৰফী ২০২৫

Updated On: 

26 Nov 2024 21:58 PM

চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত নিজৰ স্থিতিত অটল পাকিস্তান ক্ৰিকেট ব’ৰ্ড। অহা বছৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে টিম ইণ্ডিয়াই পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে হাইব্ৰিড মডেলত খেলসমূহ অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলাই আহিছে যদিও পাকিস্তান ক্ৰিকেট বৰ্ডে এই কথাত সন্মতি দিয়াৰ পৰা বিৰত আছে ।

কিন্তু চেম্পিয়নছ ট্ৰফী আৰু পাকিস্তানত ইয়াৰ আয়োজন সন্দৰ্ভত অহা ৭২ ঘণ্টাৰ ভিতৰত সিদ্ধান্ত হ’ব আইচিচিয়ে। আইচিচিয়ে ২৯ নৱেম্বৰত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পৰিষদৰ বৈঠক আহ্বান কৰিছে । এই বৈঠকত চেম্পিয়নছ ট্ৰফীৰ সূচী অনুমোদন জনোৱা হ’ব আৰু ইভেণ্টৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, ২৬ নৱেম্বৰ মঙলবাৰে আইচিচিয়ে ঘোষণা কৰে যে ২৯ নৱেম্বৰ শুকুৰবাৰে তেওঁলোকৰ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব । য’ত চেম্পিয়নছ ট্ৰফীৰ সূচী অনুমোদন জনোৱা হ’ব। ভাৰ্চুৱেলী আয়োজন কৰাৰ এই বৈঠকত সকলো ব’ৰ্ডৰ সদস্যই অনলাইন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, আই চি চিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৈতে জড়িত প্ৰতিটো বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ।

মনকৰিবলগীয়া যে, পাকিস্তানে কেইমাহমান পূৰ্বে চেম্পিয়নছ ট্ৰফীৰ সম্ভাৱ্য সূচী প্ৰকাশ কৰিছিল । সেই সূচী অনুসৰি, চেম্পিয়নছ ট্ৰফী ১৯ ফেব্ৰুৱাৰীৰ আৰম্ভ হোৱাৰ লগতে ৯ মাৰ্চত অন্ত পৰিব। লাহোৰ, ৰাৱালপিণ্ডি আৰু কৰাচীত প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছিল পাকিস্তান ক্ৰিকেট বৰ্ডে।

এই সূচীত পিচিবিয়ে নিৰাপত্তাৰ কথা উল্লেখ কৰি টিম ইণ্ডিয়াৰ সকলো খেল লাহোৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু বিচিচিআইয়ে তথাপিও টিম ইণ্ডিয়াক প্ৰতিযোগিতাখনৰ বাবে পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰে। উল্লেখ্য যে, দুয়োখন দেশৰ মাজৰ বেয়া সম্পৰ্ক আৰু নিৰাপত্তাজনিত কাৰণত ২০০৮ চনৰ পৰা টিম ইণ্ডিয়া পাকিস্তান ভ্ৰমণৰ পৰা বিৰত আছে ।

এনে পৰিস্থিতিত বি চি চি আইয়ে টিম ইণ্ডিয়াৰ সকলো মেচ, এখন ছেমি ফাইনেল আৰু ফাইনেল পাকিস্তানৰ বাহিৰত, সম্ভৱতঃ ইউ এ ইত অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে। বিচিচিআইয়ে এই দাবী আইচিচিক অৱগত কৰিছিল আৰু আইচিচিয়ে পিচিবিক জনাইছিল। কিন্তু পিচিবিয়ে এই দাবী নাকচ কৰি নিজৰ দেশতে সমগ্ৰ প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লয়।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...