হিন্দী ভাষাক লৈ অশ্বিনৰ মন্তব্যই লগাইছে চাঞ্চল্যঃ কি ক’লে অশ্বিনে, চাওক….

ভাৰতীয় ক্ৰিকেটলৈ নিজৰ প্ৰদৰ্শনেৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা অশ্বিনে ক্ৰিকেট কেৰিয়াৰ সামৰাৰ পিছত কিদৰে ভৱিষ্যতৰ কেৰিয়াৰ আগবঢ়াব, সেয়া জানিবলৈ সকলো উৎসুক হৈ আছে। অনুৰাগীৰ এনে উৎসুকতাৰ মাজতে সংবাদ শিৰোনামলৈ আহিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। হিন্দী ভাষাক লৈ ৰবিচন্দ্ৰন অশ্বিনে কৰা এক বক্তব্যই সমগ্ৰ দেশতে বিতৰ্কৰ সূচনা কৰিছে।

হিন্দী ভাষাক লৈ অশ্বিনৰ মন্তব্যই লগাইছে চাঞ্চল্যঃ কি ক’লে অশ্বিনে, চাওক….

অশ্বিনৰ মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ

Published: 

10 Jan 2025 15:08 PM

ভাৰতীয় ক্ৰিকেটপ্ৰেমীক হচকিত কৰি সদ্যসমাপ্ত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক বিদায় দিয়ে তাৰকা ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। ২২ গজত নিজৰ স্পীন ঘূৰ্ণীৰে বেটাৰক শলঠেকত পেলোৱা অশ্বিনৰ এই আকস্মিক সিদ্ধান্তই সকলোকে হতভম্ভ কৰি তোলে। ভাৰতীয় ক্ৰিকেটলৈ নিজৰ প্ৰদৰ্শনেৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা অশ্বিনে ক্ৰিকেট কেৰিয়াৰ সামৰাৰ পিছত কিদৰে ভৱিষ্যতৰ কেৰিয়াৰ আগবঢ়াব, সেয়া জানিবলৈ সকলো উৎসুক হৈ আছে।

অনুৰাগীৰ এনে উৎসুকতাৰ মাজতে সংবাদ শিৰোনামলৈ আহিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। শেহতীয়াকৈ অশ্বিনে দিয়া এক বিবৃতিৰ বাবে সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ। হিন্দী ভাষাক লৈ ৰবিচন্দ্ৰন অশ্বিনে কৰা এক বক্তব্যই সমগ্ৰ দেশতে বিতৰ্কৰ সূচনা কৰিছে। হিন্দী ভাষা আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় বুলি অশ্বিনে এক মন্তব্য কৰিছিল আৰু এই মন্তব্যই এতিয়া বিতৰ্কৰ কাৰণ হৈ পৰিছে। চেন্নাইৰ এখন কলেজত ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত অশ্বিনে এই মন্তব্য কৰিছিল।

চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে অশ্বিনে। বাৰ্তালাপৰ সময়ত অশ্বিনে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কোনোৱে তেওঁক হিন্দী ভাষাত প্ৰশ্ন কৰিবলৈ আগ্ৰহী নেকি বুলি প্ৰশ্ন কৰে। অশ্বিনৰ এই প্ৰশ্নৰ প্ৰতি সেইস্থানত উপস্থিত থকা কোনো লোকেই আগ্ৰহ প্ৰকাশ কৰা নাছিল। ইয়াৰ পিছতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ‘হিন্দী দেশৰ ৰাষ্ট্ৰীয় ভাষা নহয়, বৰঞ্চ কেৱল চৰকাৰী ভাষাহে’ বুলি মন্তব্য কৰে

লক্ষণীয়ভাৱে আজি অৰ্থাৎ ১০ জানুৱাৰীত উদযাপন কৰা হৈছে ‘বিশ্ব হিন্দী দিৱস’। আৰু  তাৰ পূৰ্বে কালি অৰ্থাৎ ৯ জানুৱাৰীত এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি অশ্বিনে এই বক্তব্য প্ৰদান কৰে। অৱশ্যে অশ্বিনে কোৱাৰ দৰেই হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। তথাপি ভাৰতীয় সংবিধানে হিন্দীক চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দীয়ে এই মৰ্যাদা লাভ কৰে।

উল্লেখ্য যে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰবিচন্দ্ৰন অশ্বিনে। ব্রিজবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ অন্তত অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ভাৰতৰ হৈ অশ্বিনে ২৮৭খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ৭৬৫টা উইকেট দখল কৰে। অনিল কুম্বলে (৬১৯)ৰ পাছত টেষ্টত অশ্বিন (৫৩৭) দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...