বিশ্বকাপ জিনিও ICCৰ শ্ৰেষ্ঠ দলত স্থান নহ’ল হৰমনৰ, অন্তৰ্ভুক্ত এইকেইগৰাকী ভাৰতীয়
আশ্চৰ্যজনকভাৱে ঘোষিত এই শ্ৰেষ্ঠ দলটোৰ অধিনায়কৰ দায়িত্ব পোৱা নাই ভাৰতক প্ৰথমটো মহিলা বিশ্বকাপৰ খিতাপৰ সোৱাদ দিয়া অধিনায়ক হৰমনপ্ৰীত কৌৰে। অধিনায়কৰ দায়িত্ব বাদেই, এই শ্ৰেষ্ঠ দলটোত আইচিচিয়ে হৰমনপ্ৰীত কৌৰক অন্তৰ্ভুক্তই কৰা নাই।

মহিলা বিশ্বকাপ জয়ী ভাৰতীয় দল
ইতিহাস সৃষ্টি কৰি দেওবাৰে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ দখল কৰে ভাৰতীয় দলে। এনে ঐতিহাসিক সাফল্যৰ ক্ষেত্ৰত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰি হৰমনপ্ৰীত কৌৰে ভাৰতীয় ক্ৰিকেটত নতুন যুগৰ সূচনা কৰে। বিশ্বকাপৰ অন্ত পৰাৰ পিছত এতিয়া ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে এতিয়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ একাদশ ঘোষণা কৰিছে। বিশ্বকাপত অংশ লোৱা দলসমূহৰ মাজৰ পৰা এই একাদশ ঘোষণা কৰা হৈছে। দলত আছে বিশ্বজয়ী ভাৰতীয় দলৰ খেলুৱৈও।
আশ্চৰ্যজনকভাৱে ঘোষিত এই শ্ৰেষ্ঠ দলটোৰ অধিনায়কৰ দায়িত্ব পোৱা নাই ভাৰতক প্ৰথমটো মহিলা বিশ্বকাপৰ খিতাপৰ সোৱাদ দিয়া অধিনায়ক হৰমনপ্ৰীত কৌৰে। অধিনায়কৰ দায়িত্ব বাদেই, এই শ্ৰেষ্ঠ দলটোত আইচিচিয়ে হৰমনপ্ৰীত কৌৰক অন্তৰ্ভুক্তই কৰা নাই। অৱশ্যে হৰমনৰ সতীৰ্থ তিনি খেলুৱৈ অন্তৰ্ভুক্ত হৈছে এই দলটোত।
আজি আইচিচিয়ে মহিলা বিশ্বকাপ ২০২৫ৰ বাবে শ্ৰেষ্ঠ মূল একাদশ ঘোষণা কৰে। বিশ্বকাপৰ ৰাণাৰ্ছ আপ দল দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা অ’লভাৰ্ডক বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। উল্লেখ্য যে ফাইনেলত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হ’লেও অ’লভাৰ্ডে অধিনায়কোচিত বেটিঙেৰে শতক অৰ্জন কৰিছিল।
শ্ৰেষ্ঠ দলত অন্তৰ্ভুক্ত তিনিগৰাকী ভাৰতীয় খেলুৱৈ
আইচিচিৰ মহিলা বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশত ভাৰতৰ তিনিগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। এই খেলুৱৈকেইগৰাকী হৈছে স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেজ আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ দীপ্তি শৰ্মা। দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী খেলুৱৈ ক্ৰমে অধিনায়ক ল’ৰা অ’লভাৰ্ড, নাডিন ডি ক্লাৰ্ক, মাৰিজান কেপক অন্তৰ্ভুক্ত কৰা হয় এই দলটোত।
এই খেলুৱৈসকলে পালে স্থান
অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ এছ গাৰ্ডনাৰ, এনাবেল চাথাৰলেণ্ড আৰু লেগ স্পিনাৰ এলানা কিঙক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইংলেণ্ডৰ ছফী এক্লেষ্টোন আৰু পাকিস্তানৰ উইকেটকীপাৰ ছিদ্ৰা নৱাজক এই শ্ৰেষ্ঠ একাদশত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় দলৰ উইকেটকীপাৰ ৰিচা ঘোষে প্ৰতিযোগিতাত বেটিঙেৰে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল যদিও উইকেটকীপিং প্ৰদৰ্শনৰ সুবাদত নৱাজে স্থান পায়।
কিয় বাদ পৰিল হৰমনপ্ৰীত কৌৰ?
খিতাপ জয়ী অধিনায়ক হ’লেও হৰমনপ্ৰীত কৌৰৰ প্ৰদৰ্শন প্ৰতিযোগিতাত বিশেষ উন্নত বুলিব নোৱাৰি। সদ্যসমাপ্ত প্ৰতিযোগিতাখনত হৰমনপ্ৰীত কৌৰে ৩২.৫০ গড়ে ৮ ইনিংছত ২৬০ ৰান সংগ্ৰহ কৰিছিল। আনহাতে প্ৰটিয়াছ অধিনায়ক ল’ৰা অ’লভাৰ্ডে ৯টা ইনিংছত ৭১.৩৮ গড়ে ৫৭১ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছিল।