মহীকা শৰ্মা কোন? হাৰ্দিক পাণ্ডিয়াৰ নতুন প্ৰেমিকা নেকি? ৩৩ নম্বৰে পোহৰলৈ আনিলে এই গোপন খবৰ !
খেলৰ লগতে ব্যক্তিগত জীৱনৰ বাবে পুনৰ চৰ্চালৈ আহিছে পাণ্ডিয়া। হাৰ্দিক পাণ্ডিয়াৰ জীৱনলৈ নতুন সংগী অহা এক খবৰে ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

পাণ্ডিয়া আৰু মহীকা শৰ্মা
এছিয়া কাপ ২০২৫ ৰ মেচবোৰত ভাল প্ৰদৰ্শন কৰিছে হাৰ্দিক পাণ্ডিয়াই। কিন্তু খেলৰ লগতে ব্যক্তিগত জীৱনৰ বাবে পুনৰ চৰ্চালৈ আহিছে পাণ্ডিয়া। হাৰ্দিক পাণ্ডিয়াৰ জীৱনলৈ নতুন সংগী অহা এক খবৰে ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। কিয়নো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো, য’ত এগৰাকী মডেলে তেওঁৰ হাতত ৩৩ নম্বৰ লিখি লৈছে। এই নম্বৰটো হৈছে হাৰ্দিক পাণ্ডিয়াৰ জাৰ্চি নম্বৰ।
কেৱল এয়াই নহয়, তেওঁৰ চেলফিত দেখা গৈছে এজন ব্যক্তিক, যিজনক হাৰ্দিক পাণ্ডিয়া বুলি কোৱা হৈছে। ইনষ্টাগ্ৰামত অতি জনপ্ৰিয় মডেলগৰাকীৰ নাম মহীকা শৰ্মা। চৰ্চা হৈছে যে, হাৰ্দিক পাণ্ডিয়াৰ জেচমিন ৱালিয়াৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত এতিয়া তেওঁ মহিকা শৰ্মাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে।
মহীকা শৰ্মা কোন?
মহিকা শৰ্মা এগৰাকী উদীয়মান মডেল। তেওঁ ভাৰতীয় ফেশ্বনত এক চিনাকি নাম হৈ পৰিছে। পেছাদাৰী মডেল হোৱাৰ পূৰ্বে মহিকাই অৰ্থনীতি আৰু বিত্ত বিষয়তো ডিগ্ৰী লাভ কৰিছে। মহিকাই ভিডিঅ’ গীতৰ লগতে বহু ডাঙৰ বিজ্ঞাপনত কাম কৰি কৰিছে। ফেশ্বন জগতত মহিকাই মনীষ মালহোত্ৰা, অনিতা ডংগ্ৰে, তৰুণ তাহিলিয়ানীকে ধৰি বহু কেইগৰাকী ডাঙৰ ফেশ্বন ডিজাইনাৰ সৈতে কাম কৰিছে। ২০২৪ চনত ভাৰতীয় ফেশ্বন এৱাৰ্ডত বছৰৰ মডেল বঁটা লাভ কৰিছিল মহিকা শৰ্মাই।
দুয়োগৰাকী আত্মবিশ্বাসী
যেনেকৈ হাৰ্দিক পাণ্ডিয়াক কঠিন পৰিস্থিতিতো অতি আত্মবিশ্বাসী যেন লাগে, মহিকাও তেনেকুৱাই। ২০২৪ চনত ফেশ্বন ইভেণ্টৰ সময়ত তেওঁৰ চকুত তীব্ৰ এলাৰ্জী হৈছিল যদিও ইয়াৰ পিছতো তেওঁক আত্মবিশ্বাসেৰে ৰেম্পত খোজ কাঢ়ি থকা দেখা গৈছিল। গৌৰৱ গুপ্তাৰ এটা শ্ব’ৰ সময়ত ৰেম্পত খোজ কাঢ়ি থাকোঁতে তেওঁ গোৰোহাত আঘাত পোৱাৰ পিছতো শেষলৈকে খোজ দিছিল মহিকাই।
নাতাশাৰ সৈতে বিবাহ বিচ্ছেদ-জেচমিনৰ সৈতে ব্ৰেকআপ
শেহতীয়াকৈ হাৰ্দিক পাণ্ডিয়াই নাতাশা ষ্টেনকভিচৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। ইয়াৰ পাছত হাৰ্দিক পাণ্ডিয়াক ব্ৰিটিছ গায়িকা জেচমিন ৱালিয়াৰ সৈতে দেখা গৈছিল। হাৰ্দিক পাণ্ডিয়াৰ মেচৰ সময়তো ষ্টেডিয়ামত দেখা গৈছিল জেচমিনক। কিন্তু শেহতীয়াকৈ হাৰ্দিক পাণ্ডিয়াৰ নাম মহিকাৰ লগত জড়িত হৈ পৰিছে।