কোনো পাচলি বিক্ৰেতা, কোনো কাঠমিস্ত্ৰীৰ কন্যা! বিশ্বজয়ী ভাৰতীয় খেলুৱৈৰ জীৱনে হৃদয় স্পৰ্শ কৰিব আপোনাৰো

বিশ্বজয়ী এই প্ৰতিগৰাকী খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভৰ লক্ষ্যত অতিক্ৰম কৰিছে কণ্টকময় পথ। কিন্তু পৰিয়ালৰ অসীম সমৰ্থন আৰু নিজৰ কঠোৰ পৰিশ্ৰম, ত্যাগ, অধ্যৱসায়ৰ গুণেৰে এই খেলুৱৈসকলে আজি ভাৰতক বিশ্ব চেম্পিয়ন ৰূপে প্ৰতিষ্ঠা কৰিছে।

কোনো পাচলি বিক্ৰেতা, কোনো কাঠমিস্ত্ৰীৰ কন্যা! বিশ্বজয়ী ভাৰতীয় খেলুৱৈৰ জীৱনে হৃদয় স্পৰ্শ কৰিব আপোনাৰো

ভাৰতীয় মহিলা ক্ৰিকেট দল

Published: 

04 Nov 2025 19:01 PM

দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয়েৰে দেওবাৰে এক নতুন ইতিহাসৰ সূচনা কৰে ভাৰতীয় দলে। সততে মহিলা ক্ৰিকেটক কেন্দ্ৰ কৰি দেখা পোৱা নিন্দা-তিৰস্কাৰ-ট্ৰ’লৰ যোগ্য প্ৰত্যুত্তৰ দি হৰমনপ্ৰীত বাহিনী নেতৃত্বাধীন ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপত চুম্বন দিয়ে। বিশ্বকাপ জয়ৰ স্বৰ্ণিল সুখানুভূতিৰে দেশবাসীক আন্দোলিত কৰি তোলা প্ৰতিগৰাকী খেলুৱৈৰ ক্ৰীড়া নৈপুণ্যতা স্বাভাৱিকতেই ব্যতিক্ৰম। পিছে তেওঁলোকৰ ব্যক্তিগত জীৱনেও আপোনালোকৰ মনত এই খেলুৱৈসকলৰ প্ৰতি ভালপোৱাৰ ভাব অধিক বৃদ্ধি কৰিব।

বিশ্বজয়ী এই প্ৰতিগৰাকী খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভৰ লক্ষ্যত অতিক্ৰম কৰিছে কণ্টকময় পথ। কিন্তু পৰিয়ালৰ অসীম সমৰ্থন আৰু নিজৰ কঠোৰ পৰিশ্ৰম, ত্যাগ, অধ্যৱসায়ৰ গুণেৰে এই খেলুৱৈসকলে আজি ভাৰতক বিশ্ব চেম্পিয়ন ৰূপে প্ৰতিষ্ঠা কৰিছে।

কেৰাণীৰ কন্যাৰ নেতৃত্বত বিশ্বজয়

দেওবাৰে বিশ্বকাপ খিতাপ তুলি দিয়া মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ পিতৃ হৰমিন্দৰ সিং ভুলাৰ। হৰমিন্দৰ সিং ভুলাৰ আছিল আদালতৰ কেৰাণী। হৰমনপ্ৰীতৰ পিতৃয়েও ক্ৰিকেটাৰ হ’ব বিচাৰিছিল যদিও চাকৰি আৰু আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে তেওঁ নিজৰ লক্ষ্যৰ দিশত আগবাঢ়িব পৰা নাছিল। অৱশ্যে কন্যা হৰমনক তেওঁ সদায়েই উৎসাহিত কৰি আহিছে আৰু আজি তেওঁৰ কন্যাই ভাৰতক বিশ্ব চেম্পিয়ন কৰি তুলিছে।

কাঠমিস্ত্ৰীৰ কন্যা হ’ল বিশ্ব চেম্পিয়ন

ভাৰতক বিশ্ব চেম্পিয়ন কৰি তোলাত অল ৰাউণ্ডাৰ অমনজোত কৌৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ফাইনেলত তেওঁ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা অ’লভাৰ্ডৰ কেচ দৰ্শনীয়ভাৱে আয়ত্ব কৰি মেচখন ভাৰতৰ পক্ষলৈ ঘূৰাই আনে। এই কেচটোৰে ভাৰতৰ বিশ্বজয়ত কৌৰ হৈ পৰে অন্যতম এগৰাকী নায়িকা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিতো তেওঁ খেলিছিল চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছ। এই অমনজ্যোতৰ পিতৃ পেছাত এগৰাকী কাঠমিস্ত্ৰী।

নিজ কন্যাক ক্ৰিকেট কেৰিয়াৰ গঢ়ি তোলাত তেওঁ আৰম্ভণিৰে পৰাই সহায় কৰিছিল। গাঁৱৰ কিশোৰ-যুৱকসকলে যেতিয়া অমনজ্যোতক ক্ৰিকেট খেলাত বাধা দিছিল, পিতৃ ভূপিন্দৰ সিঙে অমনজ্যোতক তেতিয়া নিজ হাতে এখন বেট বনাই দিছিল। অমনজ্যোতৰ ১৫ বছৰ বয়সলৈকে তেওঁ কন্যাক মোহালীৰ পৰা ক্ৰিকেট একাডেমীলৈ নিয়মীয়াকৈ অনা-নিয়া কৰিছিল। পিছত অমনজ্যোতৰ ১৮ বছৰ সম্পূৰ্ণ হোৱাত কন্যাৰ সহায় হোৱাকৈ তেওঁ এখন স্কুটি ক্ৰয় কৰি দিয়ে।

গাখীৰ আৰু শাক-পাচলি বিক্ৰেতাৰ কন্যা ৰাধা

মুম্বাইত গাখীৰ আৰু শাক-পাচলিৰ ষ্টল চলোৱা এজন ব্যক্তিৰ কন্যায়ো মহিলা বিশ্বকাপৰ ফাইনেল খেলাৰ সুযোগ লাভ কৰে। তেওঁ হৈছে মুম্বাইৰ কান্দিৱলী পশ্চিমত এখন শাক-পাচলিৰ দোকান দি জীৱন নিৰ্বাহ কৰা ওম প্ৰকাশ যাদৱৰ কন্যা ৰাধা যাদৱ। সকলো অসুবিধাৰ মাজতো তেওঁ কন্যা ৰাধাৰ সপোন পূৰণৰ ক্ষেত্ৰত কোনো বাধা আহিবলৈ নিদিলে। নিজ হাতে বেট গঢ়ি দি কন্যাক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল প্ৰকাশ যাদৱে।

এইসকল খেলুৱৈয়েও অতিক্ৰম কৰিছে বহু বাধা

প্ৰথমগৰাকী বিশ্বকাপজয়ী অসমীয়া হিচাপে ইতিহাস ৰচা উমা ছেত্ৰীৰ পিতৃ এজন খেতিয়ক। আৰ্থিক সমস্যা নেওচি পৰিয়ালৰ সমৰ্থনত বোকাখাতৰ এখন সৰু গাঁৱৰ পৰা ওলাই গৈ উমা এতিয়া বিশ্বজয়ী খেলুৱৈ। বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ দীপ্তি শৰ্মাৰ পিতৃ কানপুৰৰ এজন ব্যৱসায়ী। ফাইনলৰ শ্ৰেষ্ঠ খেলুৱৈ শ্বেফালী বাৰ্মাৰ পিতৃৰ আছে এখন সৰু জুৱেলাৰী দোকান। ইফালে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতক ঐতিহাসিক জয়ৰ দিশত আগুৱাই নিয়া জেমিমা ৰড্ৰিগুৱেজৰ পিতৃ এগৰাকী ক্ৰিকেট প্ৰশিক্ষক।

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক