মেডেল নহয়, ডিঙিত বৰমাল্য পিন্ধিলে গ’ল্ডেন বয় নীৰজেঃ এইগৰাকী যুৱতী হ’ল জীৱন সংগী…

পডিয়ামত থিয় হৈ ডিঙিত বাৰে বাৰে মেডেল পিন্ধা নীৰজ চোপ্ৰাক সকলোৱে দেখি আহিছে। পিছে এইবাৰ মেডেল নহয়, ডিঙিত বৰমাল্যহে আঁৰিলে নীৰজ চোপ্ৰাই। হয়, ঠিকেই শুনিছে। বিবাহপাশত আৱদ্ধ হৈছে গ’ল্ডেন বয় নীৰজ। সকলোকে আচৰিত কৰি বিবাহৰ পিছতহে এই বিষয়ে জানিবলৈ দিছে নৱ বিবাহিত নীৰজে।

মেডেল নহয়, ডিঙিত বৰমাল্য পিন্ধিলে গ’ল্ডেন বয় নীৰজেঃ এইগৰাকী যুৱতী হ’ল জীৱন সংগী…

বিবাহপাশত আৱদ্ধ হ’ল নীৰজ চোপ্ৰা

Updated On: 

19 Jan 2025 23:22 PM

দেশৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰা। ক্ৰীড়া বিশ্বত এইগৰাকী তাৰকা খেলুৱৈয়ে কেতিয়াও নিৰাশ কৰা দেশবাসীক। হাতত জেভলিন লৈ দুৰন্ত গতিৰে ভেদ কৰিছে ইপ্সিত লক্ষ্য, গৌৰৱেৰে আন্দোলিত কৰিছে দেশক। অলিম্পিকেই হওক বা আন কোনো আগশাৰীৰ প্ৰতিযোগিতাই হওক, দুহাতে জাতীয় পতাকা ধৰি জয়ৰ হাঁহিৰে জিনিছে সকলোকে। পডিয়ামত থিয় হৈ ডিঙিত বাৰে বাৰে পিন্ধিছে মেডেল। পিছে এইবাৰ মেডেল নহয়, ডিঙিত বৰমাল্যহে আঁৰিলে নীৰজ চোপ্ৰাই। হয়, ঠিকেই শুনিছে। বিবাহপাশত আৱদ্ধ হৈছে গ’ল্ডেন বয় নীৰজ।

নিজৰ ক্ৰীড়া নিপুণতাৰে চৰ্চিত নীৰজে পিছে পূৰ্বে চৰ্চালৈ আহিবলৈ নিদিলে তেওঁৰ এই সাংসাৰিক কেৰিয়াৰৰ খবৰ। সকলোকে আচৰিত কৰি বিবাহৰ পিছতহে এই বিষয়ে জানিবলৈ দিছে নৱ বিবাহিত নীৰজে। আজি নিজা সামাজিক মাধ্যম একাউণ্ট যোগে বিবাহৰ খবৰ ৰাজহুৱা কৰিছে তাৰকাগৰাকীয়ে। হিমানী নামৰ এগৰাকী যুৱতীৰ সৈতে নীৰজে আৰম্ভ কৰিছে সাংসাৰিক জীৱন। এই খবৰে স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তুলিছে।

নীৰজে নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পত্নী হিমানীৰ সৈতে তেওঁৰ বিয়াৰ ফটো শ্বেয়াৰ কৰিছে। এই ফটোত পৰিয়ালৰ দুই এজন সদস্যকহে মঞ্চত বহি  থকা দেখিবলৈ পোৱা গৈছে। পত্নীৰ লগতে মাতৃৰ সৈতেও এখন ফটো শ্বেয়াৰ কৰিছে নীৰজে। ফটোকেইখনৰ কেপচনত তেওঁ লিখিছে, “পৰিয়ালৰ সৈতে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছো।” অৱশ্যে জীৱন সংগী হিমানী সন্দৰ্ভত নীৰজে কোনো তথ্য প্ৰকাশ কৰা নাই।

 

তদুপৰি তেওঁলোকৰ সম্পৰ্ক পূৰ্বৰে পৰা চলি আহিছিল নেকি, সেই বিষয়েও তেওঁ উল্লেখ কৰা নাই। উল্লেখ্য যে ভিন্ন সাক্ষাৎকাৰত নীৰজক প্ৰেমৰ সম্পৰ্ক তথা বিবাহ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল যদিও তেওঁ এই বিষয়ে কোনো প্ৰতিক্ৰিয়াই প্ৰকাশ কৰা নাছিল। তেওঁৰ পৰিয়ালকো এই বিষয়ত সোধা হৈছিল যদিও পৰিয়ালেও এই বিষয়ত কোনো মন্তব্য কৰা নাছিল। আৰু আজি সকলোকে আচৰিত কৰি তেওঁ নীৰৱে আৰম্ভ কৰিলে জীৱনৰ এই নতুন অধ্যায়।

উল্লেখ্য যে নীৰজৰ জন্মস্থান হৈছে হাৰিয়ানাৰ পানীপট জিলাৰ খন্দৰা নামৰ এখন সৰু গাঁও। এক সাধাৰণ পৰিয়ালৰ অসাধাৰণ প্ৰতিভাশালী সন্তান নীৰজে হাতত জেভলিন ধৰি বিশ্বজয়ৰ স্বপ্ন দেখিছিল। ২০১৬ চনত ২০ বছৰ অনুৰ্ধ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ জয়েৰে প্ৰথমবাৰৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল নীৰজে। ইয়াৰ পিছত আৰু উভতি চোৱা নাই তাৰকাগৰাকীয়ে। তাৰ পিছতে তেওঁ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰে।

অৱশেষত ২০২১ চনৰ টকিঅ’ অলিম্পিকত দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাসমাৰোহত আকাংক্ষিত স্বৰ্ণ জয়েৰে কেৰিয়াৰ উচ্চ শিখৰলৈ তুলি নিয়াৰ লগতে এথলেটিকছত অলিম্পিক পদক, সেয়াও সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈ দেশক গৌৰৱান্বিত কৰি তোলে তাৰকাগৰাকীয়ে।

ইয়াৰ পিছতে পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰি নীৰজে নিজৰ এই কৃতিত্বক আন এক পৰিচয় দিয়ে। তদুপৰি নীৰজে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু ডাইমণ্ড লীগ জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপেও পৰিগণিত হয়। এনে ঐতিহাসিক সাফল্যৰে বাৰে বাৰে দেশক গৌৰৱৰ সুযোগ প্ৰদান কৰা নীৰজক আজি জীৱনৰ এই বিশেষ ক্ষণটিত সকলোৱে শুভকামনাৰে উপচাই দিছে।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...