ভাৰত-পাকিস্তান মেচক লৈ অব্যাহত বিতৰ্কঃ মেচৰ সম্প্ৰচাৰৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

এই পত্ৰ যোগে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট মেচখন সম্প্ৰচাৰ নকৰিবলৈ চনী টিভিক দাবী জনোৱা হৈছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি পত্ৰখনত লগতে এনে যিকোনো মেচ সম্প্ৰচাৰ কৰাটো দেশবাসীৰ আৱেগৰ বিৰুদ্ধে হ’ব বুলি আঙুলিয়াই দিয়ে।

ভাৰত-পাকিস্তান মেচক লৈ অব্যাহত বিতৰ্কঃ মেচৰ সম্প্ৰচাৰৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

ভাৰত-পাক মেচৰ সম্প্ৰচাৰৰ বিৰোধিতা

Published: 

13 Sep 2025 09:52 AM

চলিত এছিয়া কাপ ২০২৫ত কাইলৈ বহু চৰ্চিত ভাৰত আৰু পাকিস্তানৰ মেচ ক্ৰিকেট বিশ্বৰ এই দুই শক্তিৰ মেচ বুলিলেই সাধাৰণতে বহুদিন পূৰ্বৰে পৰা উৎকণ্ঠা দেখা যায়, এয়া তেনেই এক চিনাকি দৃশ্য পিছে এইবাৰ ভাৰতপাক মেচৰ চৰ্চাৰ আঁৰত আছে এক বিশেষ কাৰণ পাকিস্তান মূলৰ সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা আক্ৰমণ আৰু তাৰ পিছত হোৱা অপাৰেচন সেন্দূৰ তথা দুই দেশৰ মাজৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ভাৰতে ক্ৰীড়াক্ষেত্ৰতো পাকিস্তানৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পোষকতা কৰিছে দেশৰ অধিকাংশ লোকে

বিশেষকৈ ক্ৰিকেটত দুয়ো দেশৰ মাজত কোনো কাৰণতে মেচ অনুষ্ঠিত হোৱাটো বিচৰা নাই দেশবাসীয়ে কিন্তু এনে আহ্বানৰ পিছতো শেহতীয়াকৈ ভাৰতৰ ক্ৰীড়া মন্ত্ৰালয়ে এছিয়া কাপত বলগা মেচখনৰ বাবে সেউজ সংকেত প্ৰদান কৰে চৰকাৰৰ এনে সিদ্ধান্তত স্বাভাৱিকতেই ক্ষোভিত হৈছে সকলো আনকি সামাজিক মাধ্যমত বয়কট এছিয়া কাপ শীৰ্ষক এক প্ৰতিবাদো দেখা গৈছে

দেশবাসীৰ এই ক্ষোভৰ মাজতে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগা মেচখনক লৈ আপত্তি উত্থাপন কৰিছে ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লয়িজে (FWICE) আনকি এই ভাৰত আৰু পাকিস্তানৰ মেচ ভাৰতত সম্প্ৰচাৰ নকৰিবলৈ দাবী জনাই FWICE- চনী টিভি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে এই ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লয়িজ (FWICE) ৩৬ টা ভিন্ন প্ৰকাৰৰ কাৰিকৰী আৰু কলা শাখাৰ লোকেৰে গঠিত হৈছে এই সংস্থাটোৱে এতিয়া পত্ৰ যোগে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট মেচখন সম্প্ৰচাৰ নকৰিবলৈ চনী টিভিক দাবী জনাইছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি FWICE- পত্ৰখনত এনে যিকোনো মেচ সম্প্ৰচাৰ কৰাটো দেশবাসীৰ আৱেগৰ বিৰুদ্ধে হ’ব বুলি আঙুলিয়াই দিয়ে।

পত্ৰখনত লগতে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণৰ কথাও উল্লেখ কৰা হৈছে সেই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ জন জোৱানৰ বলিদানে আজিও প্ৰতিজন ভাৰতীয়ৰ হৃদয় গভীৰভাৱে স্পৰ্শ কৰিছে আৰু এনে সময়ত পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট মেচ সম্প্ৰচাৰ কৰাটো আমাৰ শ্বহীদসকলৰ বলিদানক আওকাণ কৰি তেওঁলোকৰ তেজক অপমান কৰা যেন লাগে বুলি পত্ৰত কয় FWICE-এ।

একে সময়তে পহলগামত সংঘটিত আক্ৰমণৰ দোহাই দি FWICE- পত্ৰখনত ভাৰতপাক মেচৰ সম্প্ৰচাৰৰ দ্বাৰা কেৱল মনোৰঞ্জন আৰু লাভৰ স্বাৰ্থত দেশৰ আৱেগক আওকাণ কৰা হৈছে বুলি অভিযোগ কৰে। FWICE-এ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্ধৃতি দি ভাৰতীয় সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক পাকিস্তান বা দেশখনৰ শিল্পীসকলৰ সহযোগিতা বন্ধ কৰাৰ দিশো আঙুলিয়াই দিয়ে।

FWICEৰ মুৰব্বী অশোক জয়ে এই পত্ৰত স্বাক্ষৰ কৰি কয় যে যিকোনো ধৰণৰ মনোৰঞ্জন বা ব্যৱসায়িক লাভতকৈ জাতীয় স্বাৰ্থ আৰু আমাৰ নাগৰিকৰ মৰ্যাদাক সদায় অগ্ৰাধিকাৰ দিয়া উচিত। চ’নী টিভিয়ে এই দিশত যিকোনো পদক্ষেপ গ্ৰহণ কৰিলে দেশ তথা দেশবাসীৰ আৱেগক সন্মান জনোৱাৰ প্ৰতীক হ’ব বুলিও তেওঁ লগতে মন্তব্য কৰে।

দেহত পানীৰ অভাৱত হ’ব পাৰে চিন্তনীয় সমস্যা, এই ৫ বিধ পানীয়ই দিব তাৎক্ষণিক সকাহ
শাৰদীয় নৱৰাত্ৰিত কেতিয়াও নকৰিব এনে ভুল, বিপদত পৰিব আপুনি!
কিয় বৃদ্ধি হৈছে ডিপ্ৰেচন? জানক কি উপায়েৰে ডিপ্ৰেচনৰ পৰা মুক্ত হ'ব
আৰ্থিক সংকটৰ লগতে পাপৰ পৰাও সহজে লভিব মুক্তি, মাত্ৰ কৰক তুলসীৰ এনে বিধান