গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন, মিক্সড দলীয়ত কামৰূপ শ্ৰেষ্ঠ

অসম বেডমিণ্টন সন্থাৰ উদ্যোগত গুৱাহাটীৰ আৰ জি ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত চলি থকা ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাত মিক্সড দলীয় শাখাৰ খিতাপ লাভ কৰিছে কামৰূপ জিলাই৷

গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন, মিক্সড দলীয়ত কামৰূপ শ্ৰেষ্ঠ

গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন

Updated On: 

13 Aug 2024 | 08:17 PM

সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। বিভিন্ন সময়ত ৰাজ্যত বহুতো খেল ধেমালি অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলৰ বিকাশৰ বাবে আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা প্ৰত্যেক জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়। খেলত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ’ল খেল-ধেমালি জৰুৰী। ই হ’ল শিশুৰ নিজৰ কাৰণেই উপভোগ্য আৰু নিজৰ দ্বাৰাই পুৰস্কৃতৰ থলী। সেয়েহে খেলা-ধূলাই শিশুক সন্তোষ প্ৰদান কৰে। খেলা-ধূলাত শিশুৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হয়।

এই কথাক আগত ৰাখি অসম বেডমিণ্টন সন্থাৰ উদ্যোগত গুৱাহাটীৰ আৰ জি ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত চলিছে ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা। এই ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাত মিক্সড দলীয় শাখাৰ খিতাপ লাভ কৰিছে কামৰূপ জিলাই৷ যোৱানিশা অনুষ্ঠিত হোৱা ফাইনেলত কামৰূপে শিৱসাগৰক পৰাস্ত কৰে৷ ইফালে, তৃতীয় স্থানত থাকি ব্ৰঞ্জ লাভ কৰে গুৱাহাটী আৰু ডিব্ৰুগড়ে৷

ইফালে, দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসম বেডমিণ্টন সন্থাই আয়োজন কৰা সাত বছৰ অনূৰ্ধৰ প্ৰতিযোগিতাত চেম্পিয়ন হৈছে শিলচৰৰ শিবাংশ শ্বৱ৷ আনহাতে, ডিগৱৈৰ ত্ৰিনয়ন বৰফুকন দ্বিতীয় আৰু গুৱাহাটীৰ লোকেছ বৰকাকতি আৰু যোৰহাটৰ জিয়াশু কাশ্যপ তৃতীয় হৈছে৷

বঁটা বিতৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বীৰেন্দ্ৰ চৌধুৰী আৰু অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ৷ চেম্পিয়নক কৃষ্ণকান্ত চৌধুৰী আৰু সৰস্বতী চৌধুৰী ট্ৰফী প্ৰদান কৰা হয়৷ উল্লেখ্য যে অহা ১৭ আগষ্টলৈ চলিব লগা প্ৰতিযোগিতাখনত ২৪ খন জিলাৰ প্ৰায় ৬৫০ গৰাকী খেলুৱৈয়ে অংশ লৈছে৷

এইবাৰ প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ সাত, আঠ আৰু এঘাৰ বছৰ অনূৰ্ধৰ একক শাখাৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩, ১৫, ১৭, ১৯ বছৰ অনূধ্বৰ্ একক তথা ডাবলছ শাখাৰ খেল হ’ব৷ আনহাতে পুৰুষ আৰু মহিলাৰ একক শাখাৰো খেল হ’ব৷

খেল কিয় গুৰুত্বপূৰ্ণ?

  • যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।
  • খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব