অব্যাহত চেম্পিয়নছ ট্ৰফী বিতৰ্কঃ বিচিচিআইলৈ এনে পৰোক্ষ আহ্বান জনালে আফ্ৰিদীয়ে

চেম্পিয়নছ ট্ৰফীৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত পাকিস্তানৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও এই বিতৰ্ক সন্দৰ্ভত বিচিচিআই বা ভাৰতৰ নাম নোলোৱাকৈয়ে আফ্ৰিদীয়ে এক টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অব্যাহত চেম্পিয়নছ ট্ৰফী বিতৰ্কঃ বিচিচিআইলৈ এনে পৰোক্ষ আহ্বান জনালে আফ্ৰিদীয়ে

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত শ্বাহিদ আফ্ৰিদীৰ প্ৰতিক্ৰিয়া

Published: 

14 Nov 2024 13:55 PM

আগন্তুক চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ অংশগ্ৰহণক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। বিচিচিআইয়ে এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে পাকিস্তানৰ অনুৰাগী তথা প্ৰাক্তন ক্ৰিকেটাৰসকল। দল প্ৰেৰণ সন্দৰ্ভত বিচিচিআইৰ এই স্থিতিক সমালোচনা কৰিছে বিভিন্নজনে। পাকিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও এই বিতৰ্ক সন্দৰ্ভত মত প্ৰকাশ কৰিছে। বিচিচিআই বা ভাৰতৰ নাম নোলোৱাকৈয়ে আফ্ৰিদীয়ে এক টুইট যোগে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলষ্ট’ন হিচাপে অভিহিত কৰে প্ৰাক্তন তাৰকাগৰাকীয়ে। আফ্ৰিদীৰ মতে, সত্তৰৰ দশকৰ পিছত প্ৰথমবাৰৰ বাবে ক্ৰিকেটত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। একে সময়তে তেওঁ নাম উল্লেখ নকৰাকৈয়ে বিচিচিআইক পৰোক্ষভাৱে অহং মনোভাৱ পৰিহাৰ কৰিবলৈ অনুৰোধ জনায়। আফ্ৰিদিৰ পূৰ্বে বাছিত আলী, ৰছিদ লতিফকে ধৰি বহু পাকিস্তানী ক্ৰিকেটাৰেও নিজৰ মতামত প্ৰকাশ কৰিছে।

পোষ্টটোত আফ্ৰিদীয়ে কয় যে শ্বাহিদ আফ্ৰিদীয়ে কয় যে সম্প্ৰতি ক্ৰিকেট এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত থিয় দিছে আৰু সম্ভৱতঃ ১৯৭০ চনৰ পিছত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই সময়ত বিভেদৰ কথা পাহৰি ক্ৰীড়াৰ স্বাৰ্থত একত্ৰিত হ’বলৈ আহ্বান জনাইছে আফ্ৰিদীয়ে। ঐতিহাসিক কাৰণত বিভক্ত দেশবোৰ যদি অলিম্পিকৰ স্বাৰ্থত একত্ৰিত হ’ব পাৰে, তেন্তে ক্ৰিকেট আৰু চেম্পিয়নছ ট্ৰফীৰ বাবেও একে কাম কিয় কৰিব নোৱাৰি বুলি ভাতৃত্ববোধৰ পোষকতা কৰে আফ্ৰিদীয়ে।

‘ক্ৰিকেটৰ পৃষ্ঠপোষক হিচাপে অহং ভাৱ নিয়ন্ত্ৰণ কৰি ক্ৰিকেটৰ উন্নয়নত মনোনিৱেশ কৰাটো আমাৰ দায়িত্ব’ বুলি আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে আফ্ৰিদীয়ে। উল্লেখ্য যে প্ৰায় ২৮ বছৰৰ পাছত পাকিস্তানে আয়োজন কৰিবলৈ ওলাইছে আই চি চি প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ লক্ষ্যৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে যথেষ্ট অৰ্থ ব্যয় কৰিছে। আৰ্থিক সংকটৰ সন্মুখীন হোৱা পাকিস্তান ব’ৰ্ডে এই প্ৰতিযোগিতাৰ পৰা বৃ্হৎ লাভৰ আশা প্ৰকাশ কৰিছিল।

কিন্তু বিচিচিআইয়ে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত পাকিস্তান ব’ৰ্ডৰ এই আশা ভংগ হোৱাৰ উপক্ৰম হৈছে। এনে অৱস্থাত বিচিচিআইয়ে বিচৰাৰ দৰেই হাইব্ৰিড মডেলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিবলগা হ’ব পাৰে পাকিস্তানে। কিন্তু এইপৰ্যন্ত হাইব্ৰিড মডেলৰ প্ৰতি সমৰ্থন জনোৱা নহ’ব বুলিয়েই স্থিতি গ্ৰহণ কৰি আছে পাকিস্তানে। এনে অৱস্থাত চেম্পিয়নছ ট্ৰফীৰ আয়োজন স্বত্ব পাকিস্তানৰ হাতৰ পৰা যাব পাৰে বুলিও চৰ্চা চলিছে।

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...