ভাৰতীয় ক্ৰীড়াৰ এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি; হাতত ৰেকেট লৈ আৰু ক’টত নানামে ছাইনা, সামৰিলে কেৰিয়াৰ

২০২৩ চনত নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ছাইনাই। তেতিয়াৰ পৰাই তাৰকাগৰাকী ক’ৰ্টৰ পৰা আঁতৰি আছিল। বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতীয় ক্ৰীড়াৰ এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি; হাতত ৰেকেট লৈ আৰু ক’টত নানামে ছাইনা, সামৰিলে কেৰিয়াৰ

ছাইনা নেহৱাল

Published: 

20 Jan 2026 | 10:57 AM

সমাপ্তি ঘটিল ভাৰতীয় ক্ৰীড়া জগতৰ এক বৰ্ণিল তথা গৌৰৱময় অধ্যায়ৰ। হাতত ৰেকেট ধৰি আৰু ক’ৰ্টত নানামে দেশৰ বেডমিণ্টন মহাতাৰকা ছাইনা নেহৱাল। দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পিছত আজি অৱশেষত ক্ৰীড়া জগতক বিদায় জনালে তাৰকা খেলুৱৈগৰাকীয়ে। ২০২৩ চনত নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ছাইনাই। তেতিয়াৰ পৰাই তাৰকাগৰাকী ক’ৰ্টৰ পৰা আঁতৰি আছিল। বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱসৰ সন্দৰ্ভত ছাইনাৰ মন্তব্য

শেহতীয়াকৈ এক পডকাষ্টত নিজৰ অৱসৰৰ কথা উল্লেখ কৰি ৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে কয় যে তেওঁৰ শৰীৰে এতিয়া আৰু পূৰ্বৰ দৰে সহাঁৰি নিদিয়ে। বিশেষকৈ আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত ৰখাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছে।

এই পডকাষ্টতে তেওঁ স্পষ্টকৈ কয়, “মই মোৰ চৰ্তত খেলিবলৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মোৰ চৰ্ততেই বিদায় লৈছোঁ। গতিকে সুকীয়াকৈ অৱসৰ ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই।” ছাইনাৰ অৱসৰৰ লগে লগে সামৰণি পৰিল ভাৰতীয় বেডমিণ্টনৰ এক স্বৰ্ণিল সময়ৰ।

সাফল্যৰে ভৰা কেৰিয়াৰ

নিজা সাফল্যৰে ভাৰতীয় বেডমিণ্টনক বিশ্বৰ বুকুত এক বিশেষ স্থানলৈ তুলি নিছিল ছাইনা নেহৱালে। ২০১২ চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি তেওঁ দেশক গৌৰৱান্বিত কৰি তোলে। ইয়াৰ লগে লগে অলিম্পিকৰ ইতিহাসত বেডমিণ্টনত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে তেওঁ ইতিহাস ৰচনা কৰে।

অলিম্পিকৰ উপৰিও তেওঁ ৭টা ডাঙৰ ইভেণ্টত মুঠ ১৮টা পদক জয় কৰিছে। কমনৱেলথ গেমছত ৩টা স্বৰ্ণসহ মুঠ ৫টা পদক, বিশ্ব চেম্পিয়নশ্বিপত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, এছিয়ান গেমছত ২টা ব্ৰঞ্জ, এছিয়ান চেম্পিয়নশ্বিপত ৩টা ব্ৰঞ্জৰ পদক জয় কৰে ছাইনাই। লগতে জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এটা ৰূপ আৰু এটা ব্ৰঞ্জ, উবেৰ কাপত ২টা ব্ৰঞ্জৰ পদক জয় কৰে তাৰকাগৰাকীয়ে।

সন্মান আৰু স্বীকৃতি

ধাৰাবাহিক সাফল্যৰে ২০১৫ চনত বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছিল ছাইনাই। ভাৰতীয় ক্ৰীড়াৰ প্ৰতি তেওঁৰ অৱদানৰ চিন স্বৰূপে দেশৰ কেইবাটাও সৰ্বোচ্চ ক্ৰীড়া আৰু অসামৰিক সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ ২০০৯ চনত অৰ্জুন বঁটা, ২০১০ চনত মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু পদ্মশ্ৰী তথা ২০১৬ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...