বিপদত ৰাইনা আৰু ধাৱন! ED য়ে জব্দ কৰিলে ১১.১৪ কোটি টকাৰ সম্পত্তি, কাৰণ কি…

বিপদত পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শেখৰ ধাৱন। শেহতীয়াকৈ দুয়োৰে পৰা ইডিয়ে কোটি কোটি টকা সম্পত্তি জব্দ কৰিছে। এই সম্পত্তি অবৈধ বেটিং এপৰ দ্বাৰা সংগ্ৰহ কৰাৰ অভিযোগ।

বিপদত ৰাইনা আৰু ধাৱন! ED য়ে জব্দ কৰিলে ১১.১৪ কোটি টকাৰ সম্পত্তি, কাৰণ কি...

ৰাইনা আৰু ধাৱন

Published: 

06 Nov 2025 | 05:11 PM

বিপদত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱন। শেহতীয়াকৈ ইডিয়ে দুয়োৰে পৰা মুঠ ১১.১৪ কোটি টকা (প্ৰায় ১.১৪ বিলিয়ন ডলাৰ)ৰ সম্পত্তি জব্দ কৰিছে। ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ), ২০০২ৰ অধীনত এই বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰা হৈছে। জব্দ কৰা সম্পত্তিৰ ভিতৰত সুৰেশ ৰাইনাৰ নামত আছে ৬.৬৪ কোটি টকাৰ মিউচুৱেল ফাণ্ড বিনিয়োগ আৰু শিখৰ ধাৱনৰ নামত ৪.৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

ঘটনাটো কি

বিভিন্ন ৰাজ্যত দাখিল হোৱা এজাহাৰৰ ভিত্তিত ইডিয়ে তদন্ত কৰে। এই তদন্ত অনলাইন বেটিং এপ  1xBet ৰ সৈতে জড়িত। তদন্তত প্ৰকাশ পাইছে যে, 1xBet আৰু ইয়াৰ চেৰ’গেট ব্ৰেণ্ড—1xBat আৰু 1xBat Sporting Lines-এ ভাৰতত অনুমোদন অবিহনে অনলাইন পণ আৰু জুৱাৰ প্ৰচাৰ চলাইছিল।

ইডিৰ মতে, এই প্লেটফৰ্মসমূহ প্ৰচাৰৰ বাবে ৰাইনা আৰু ধাৱনে বিদেশী কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিছিল। লগতে বিদেশী চেনেলৰ জৰিয়তে ধনৰ লেনদেন হৈছিল। এই ধন অবৈধ জুৱাৰ জৰিয়তে উপাৰ্জন কৰা হৈছিল আৰু তেওঁলোকৰ পৰিচয় লুকুৱাই ৰাখিবলৈ জটিল লেনদেন কৰা হৈছিল।

তদন্তত কি প্ৰকাশ পালে

  • ভাৰতত হাজাৰ হাজাৰ বেংক একাউণ্টৰ জৰিয়তে 1xBet এ ধনৰ লেনদেন চলিছিল।
  • এই পৰ্যন্ত ৬ হাজাৰৰো অধিক ভুৱা একাউণ্ট চিনাক্ত কৰা হৈছে।
  • এই একাউন্টসমূহৰ ধাৰা জুৱাৰ পৰা লাভ কৰা ধন গেটৱেৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল। প্ৰকৃত পৰিচয় লুকুৱাই ৰাখিবলৈ এনে কৰা হৈছিল।
  • কেইবাটাও পেমেণ্ট গেটৱেই কে ৱাই চি ভেৰিফিকেচন অবিহনে কৰি আছিল।
  • ধন সৰবৰাহৰ পৰিমাণ প্ৰায় ১০০০ কোটি অতিক্ৰম কৰিছে।

ইডিৰ তদন্ত

এই গোচৰত ইডিয়ে চাৰিটা পেমেণ্ট গেটৱেত অভিযান চলাই ৬০টাতকৈও অধিক বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে। এতিয়ালৈকে ৪ কোটিতকৈ অধিক ধন ফ্ৰীজ কৰা হৈছে। এনে ক্ষেত্ৰত ইডিয়ে জনতাক যিকোনো প্ৰকাৰৰ অনলাইন জুৱা বা প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। ইডিয়ে কয় যে, অবৈধ পণ আৰু জুৱাৰ ফলত আৰ্থিক লোকচান হোৱাৰ লগতে অন্যান্য অবৈধ কাম-কাজৰ বাবেও উৎসাহিত কৰে। ইয়াৰোপৰি জনতাই কোনো সন্দেহজনক অনলাইন বিজ্ঞাপন বা লেনদেন দেখিলে লগে লগে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে।

 

 

অন্য খবৰ পঢ়কঃ শব্দ হোৱাৰ পাছতো কেতিয়াবা ATM ৰ পৰা টকা নোলাই নেকি? সাৱধান, হ’ব পাৰে ডাঙৰ লোকচান…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...