পেৰিছ অলিম্পিকৰ পৰা বাহিৰ এইগৰাকী ভলীবল খেলুৱৈ? জানক সবিশেষ | dutch rapist volleyball player eliminated from olympics know more Assam news - Assam Tv9

পেৰিছ অলিম্পিকৰ পৰা বাহিৰ এইগৰাকী ভলীবল খেলুৱৈ? জানক সবিশেষ

Updated On: 

05 Aug 2024 23:15 PM

পেৰিছ অলিম্পিকৰ পৰা পৰাস্ত হৈ নেদাৰলেণ্ডৰ ভলীবল খেলুৱৈয়ে সংগীৰ সৈতে বাহি হ'ল। আমি ক'বলৈ লৈছো ২০১৬ চনত এগৰাকী ব্ৰিটিছ ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত ষ্টিভেন ভান ডি বল্ডৰ কথা।

1 / 5পেৰিছ অলিম্পিকৰ পৰা আঁতৰি আছে নেদাৰলেণ্ডৰ ২৯ বছৰীয়া ভলীবল খেলুৱৈ ষ্টিভেন ভান ডি বল্ডে। তেওঁ আৰু তেওঁৰ সংগী মেথিউ ইমাৰ্ছে ব্ৰাজিলৰ হাতত ষ্ট্ৰেইট ছেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

পেৰিছ অলিম্পিকৰ পৰা আঁতৰি আছে নেদাৰলেণ্ডৰ ২৯ বছৰীয়া ভলীবল খেলুৱৈ ষ্টিভেন ভান ডি বল্ডে। তেওঁ আৰু তেওঁৰ সংগী মেথিউ ইমাৰ্ছে ব্ৰাজিলৰ হাতত ষ্ট্ৰেইট ছেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

2 / 5

২০১৬ চনত ষ্টিভেন ভান ডি বল্ডে এগৰাকী ১২ বছৰীয়া ব্ৰিটিছ কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে তেওঁক ১৩ মাহৰ কাৰাদণ্ডও দিয়া হৈছিল।

3 / 5

এই কাৰণেই পেৰিছ অলিম্পিকত ষ্টিভেন ভান ডি বল্ডক অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন হৈছিল, যিটো আই অ’ চিয়ে মানি লোৱা নাছিল। আই অ’ চিয়ে কয় যে যোগ্যতা অৰ্জন কৰি ইয়াত উপনীত হোৱা খেলুৱৈক বাদ দিয়াটো তেওঁলোকৰ অধিকাৰৰ বাহিৰত।

4 / 5

১৬ ৰাউণ্ডত ব্ৰাজিলৰ হাতত পৰাস্ত হোৱাৰ পিছত পেৰিছ অলিম্পিকত ষ্টিভেন ভান ডি বল্ডৰ যাত্ৰাৰ অন্ত পৰিল। কিন্তু, অতি সোনকালে তেওঁক ইউৰোপীয় চেম্পিয়নশ্বিপত খেলা দেখা যাব।

5 / 5

ষ্টিভেন ভান ডি বল্ডৰ সংগী মেথিউ ইমাৰ্ছে কয় যে দুয়োকে ইউৰোপীয় চেম্পিয়নশ্বিপ আৰু তাৰ পিছত অলিম্পিকৰ এসপ্তাহৰ পিছত অনুষ্ঠিত হ’বলগীয়া ডাচ চেম্পিয়নশ্বিপত একেলগে খেলা দেখা যাব।

দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...