বৰ্ষাপাৰাতে আজি সূৰ্য বাহিনীৰ হাতত শৃংখলা দখলৰ সুযোগ, আনন্দৰ সুযোগ পাবনে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে!

প্ৰথম দুখন মেচত জয়েৰে প্ৰবল আত্মবিশ্বাসী হৈ থকা ভাৰতৰ বাবে এই মেচখনতে শৃংখলা হস্তগত কৰাৰ সুযোগ থাকিব। আনহাতে কিৱি বাহিনীৰ লক্ষ্য হ’ব প্ৰত্যাৱৰ্তনৰ। এনে পৰিস্থিতিত আজিৰ মেচখন অনুৰাগীৰ বাবে যথেষ্ট উপভোগ্য হৈ উঠাৰ সম্ভাৱনা আছে।

বৰ্ষাপাৰাতে আজি সূৰ্য বাহিনীৰ হাতত শৃংখলা দখলৰ সুযোগ, আনন্দৰ সুযোগ পাবনে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে!

আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয় টি-২০

Updated On: 

25 Jan 2026 | 06:12 PM

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা ৫ খনীয়া মেচৰ টি-২০ শৃংখলাত এইপৰ্যন্ত ভাৰতীয় দলে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছে। ইতিমধ্যে হৈ যোৱা প্ৰথম দুখন মেচত দুৰ্দান্ত প্ৰদৰ্শন কৰি ভাৰতে শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শৃংখলাৰ তৃতীয়খন মেচ। প্ৰথম দুখন মেচত জয়েৰে প্ৰবল আত্মবিশ্বাসী হৈ থকা ভাৰতৰ বাবে এই মেচখনতে শৃংখলা হস্তগত কৰাৰ সুযোগ থাকিব। আনহাতে কিৱি বাহিনীৰ লক্ষ্য হ’ব প্ৰত্যাৱৰ্তনৰ।

এনে পৰিস্থিতিত আজিৰ মেচখন অনুৰাগীৰ বাবে যথেষ্ট উপভোগ্য হৈ উঠাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে নিশ্চিতভাৱে বৰ্ষাপাৰাৰ বুকুত ভাৰতীয় দলৰ জয়ৰ কামনাৰে এই মেচ উপভোগ কৰিব। এইক্ষেত্ৰত ভাৰতীয় দলৰ পৰা পুনৰ এবাৰ শক্তিশালী প্ৰদৰ্শনৰ আশা কৰিছে অনুৰাগীয়ে।

প্ৰথম দুখন মেচত ভাৰতৰ প্ৰদৰ্শন

চলিত শৃংখলাটোৰ প্ৰথম দুখন মেচত ভাৰতীয় দলৰ প্ৰদৰ্শন তুলনামূলকভাৱে সন্তোষজনক। চেমচনক বাদ দি বেটত ৰান পাইছে প্ৰতিজন বেটাৰে। আজিৰ মেচতে চেমচনেও হেৰুৱা ফৰ্ম ঘূৰাই পোৱাৰ আশা কৰিছে দল তথা অনুৰাগীয়ে। ইফালে দলৰ বলিং লাইন আপৰ পৰা অৱশ্যে পূৰ্বৰ মেচ দুখনতকৈ কিছু উন্নত প্ৰদৰ্শন আশা কৰিব পাৰি।

শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতৰ মূল একাদশৰ অংশ নাছিল অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু যশপ্ৰীত বুমৰাহ। আজিৰ মেচত এই দুইগৰাকী তাৰকাই প্ৰত্যাৱৰ্তন ঘটাব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। যদি তেনে হয়, হৰ্ষিত ৰাণা, অৰ্শদীপৰ সিং আৰু কুলদীপ যাদৱৰ মাজত কোনোবা দুগৰাকীয়ে হয়তো মূল একাদশত স্থান নাপাব পাৰে।

বৰ্ষাপাৰাত পূৰ্বৰ প্ৰদৰ্শন

উল্লেখ্য যে বৰ্ষাপাৰা ষ্টেডিয়ামখনত ভাৰতীয় দলে এতিয়ালৈকে তিনিখন টি-২০ মেচত অৱতীৰ্ণ হৈছে। ইয়াৰে দুখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয় সহিবলগা হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে জয়ী হৈছে। অৰ্থাৎ এই খেলপথাৰত ভাৰতীয় দলৰ পূৰ্বৰ প্ৰদৰ্শন বিশেষ আশাপ্ৰদ নহয়।

কিন্তু বৰ্তমানৰ ফৰ্মৰ আধাৰত ভাৰতে আজি বৰ্ষাপাৰাত নিজৰ প্ৰদৰ্শনৰ ইতিহাস সলনি কৰিব বুলি সকলোৱে আশা কৰিছে। আনহাতে নিউজিলেণ্ডে বৰ্ষাপাৰাত খেলিব নিজৰ প্ৰথমখন মেচ খেলিব। সেই দিশৰ পৰাও ভাৰতীয় দল কিছু শক্তিশালী স্থিতিত থাকিব। এতিয়া অৱশ্যে ভাৰতে বৰ্ষাপাৰাতে শৃংখলা নিশ্চিত কৰিব পাৰিব নে নোৱাৰে, সেয়াহে লক্ষণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...