‘বাপু’ৰ কান্ধত নেতৃত্বৰ দায়িত্বঃ দিল্লী কেপিটেলছে অন্ত পেলালে অনুৰাগীৰ অপেক্ষা

কেৰিয়াৰৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই অক্ষৰে প্ৰমাণ কৰি আহিছিল নিজৰ যোগ্যতা। কিন্তু এনে প্ৰদৰ্শনৰ পিছতো তেওঁ লাভ কৰা নাছিল প্ৰাপ্য চৰ্চা বা স্থান। পিছে এতিয়া লাভ কৰা সুযোগৰ সদ্ব্যৱহাৰ কৰি তাৰকা অলৰাউণ্ডাৰগৰাকী হৈ পৰিল দলৰ অভিন্ন অংগ। খেলপথাৰৰ বাহিৰে ভিতৰে ‘বাপু’ হৈ পৰিল এক চৰ্চিত নাম। এইবাৰ বাপুৱে লাভ কৰিছে অধিনায়কৰ দায়িত্ব।

‘বাপু’ৰ কান্ধত নেতৃত্বৰ দায়িত্বঃ দিল্লী কেপিটেলছে অন্ত পেলালে অনুৰাগীৰ অপেক্ষা

দিল্লী কেপিটেলছে ঘোষণা কৰিলে অধিনায়কৰ নাম

Published: 

14 Mar 2025 | 03:32 PM

একালৰ বৃন্দাবন একালত পৰে চন, মানুহৰ মুখে মুখে প্ৰায়ে শুনা যায় এই বাক্যশাৰী। এই বাক্যশাৰীয়ে কি সূচায়, সেয়া বহলাই বাখ্যা নকৰিলেও সকলোৱে বুজি পায়। পিছে কেতিয়াবা এই বাক্যশাৰীৰ সম্পূৰ্ণ বিপৰীত কাৰ্যও ঘটে। এনে কাৰ্যৰেই জিলিকি উঠিছে অক্ষৰ পেটেল। তাৰকা অলৰাউণ্ডাৰগৰাকী সম্প্ৰতি নিজৰ অনন্য প্ৰদৰ্শনেৰে ভাৰতীয় দলৰ এগৰাকী অন্যতম সদস্য হৈ পৰিছে। বেটিং, বলিং, ফিল্ডিং প্ৰতিটো দিশতে অক্ষৰে দেখুৱাইছে চমক। অৱশ্যে এই চমক অক্ষৰে এতিয়াহে দিছে বুলি ক’লে প্ৰকৃততে ভুলহে হ’ব।

কেৰিয়াৰৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই অক্ষৰে প্ৰমাণ কৰি আহিছিল নিজৰ যোগ্যতা। যেতিয়াই সুযোগ পাইছিল, তেতিয়াই আগবঢ়াইছিল উন্নত প্ৰদৰ্শন। কিন্তু এনে প্ৰদৰ্শনৰ পিছতো তেওঁ লাভ কৰা নাছিল প্ৰাপ্য চৰ্চা বা স্থান। পিছে খেলপথাৰত দাঙি ধৰা ধাৰাবাহিকতাই লাহে লাহে ভাগ্যৰ দ্বাৰ মুকলি কৰিলে অক্ষৰৰ। লাভ কৰা সুযোগৰ সদ্ব্যৱহাৰ কৰি তাৰকা অলৰাউণ্ডাৰগৰাকী হৈ পৰিল দলৰ অভিন্ন অংগ। খেলপথাৰৰ বাহিৰে ভিতৰে ‘বাপু’ হৈ পৰিল এক চৰ্চিত নাম।

টি-২০ বিশ্বকাপ আৰু শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলৰো গুৰুত্বপূৰ্ণ অংগ হিচাপে দেখা গ’ল অক্ষৰ। নিজৰ প্ৰতিভাৰ বলতে বাপু এতিয়া ভাৰতীয় টি-২০ দলৰ সহ-অধিনায়কো। নিজৰ যোগ্যতাৰ বলতে ‘বাপু’ অক্ষৰে এইবাৰ লাভ কৰিছে নিজ কেৰিয়াৰৰ আন এক সুখৰ খবৰ। প্ৰথমবাৰৰ বাবে এইবাৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিবলৈ সাজু হৈছে অক্ষৰ পেটেল। বাপুক এই গুৰুদায়িত্ব প্ৰদান কৰিছে দিল্লী কেপিটেলছে।

অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। প্ৰতিযোগিতালৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত দিল্লী কেপিটেলছে আজি অক্ষৰ পেটেলৰ নাম অধিনায়ক হিচাপে ঘোষণা কৰে। ইয়াৰ পূৰ্বে ঋষভ পণ্টে দলটোৰ নেতৃত্ব বহন কৰিছিল যদিও এই ছিজনত তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কৰ দায়িত্ব ল’ব। দিল্লীৰ পূৰ্বে ইতিমধ্যে আটাইকেইটা ফ্ৰেন্সাইজিয়েই অধিনায়কৰ নাম ঘোষণা কৰিছিল।

কেৱল দিল্লীয়েহে দলৰ অধিনায়কৰ নাম ঘোষণা কৰা নাছিল আৰু সেয়ে অনুৰাগীৰ মাজতো এই বিষয়ত চৰ্চা চলি আছিল। আজি ফ্ৰেন্সাইজিটোৱে অক্ষৰক এই দায়িত্ব দি চৰ্চাৰ অন্ত পেলায়। উল্লেখ্য যে অক্ষৰ পেটেলে এই পৰ্যন্ত ১৫০ খন আই পি এল মেচ খেলিছে আৰু প্ৰায় ১৩১ ষ্ট্ৰাইক ৰেটেৰে ১৬৫৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও তেওঁ ৭.২৮ ইকনমি ৰেটেৰে ১২৩টা উইকেটো দখল কৰিছে। অৰ্থাৎ আই পি এল কেৰিয়াৰতো সফল বুলিব পাৰি অক্ষৰক।

অৱশ্যে ইয়াৰ পূৰ্বে এনে বৃ্হৎ মঞ্চত তেওঁৰ অধিনায়ক হিচাপে কোনো অভিজ্ঞতা নাই। কিন্তু তেওঁৰ অভিজ্ঞতা আৰু প্ৰদৰ্শনৰ ওপৰত আস্থা ৰাখি দিল্লীয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অক্ষৰৰ বিপৰীতে এই ছিজনত দলটোত যোগদান কৰা কে এল ৰাহুলৰ নামো অধিনায়ক পদৰ ক্ষেত্ৰত যথেষ্ট চৰ্চাত আছিল। ৰাহুলে ইতিপূৰ্বে ভাৰতীয় দলকো নেতৃত্ব দিয়াৰ অভিজ্ঞতা অৰ্জন কৰি থৈছে।

লগতে আই পি এলতো পঞ্জাব কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কত্বৰ অভিজ্ঞতাৰে পুষ্ট ৰাহুল। সেয়ে তেওঁকে এইবাৰ দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে দেখা যাব পাৰে বুলি অনুমান কৰা হৈছিল যদিও ৰাহুলে এই দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৰাহুলৰ অস্বীকাৰৰ পিছত ফ্ৰেন্সাইজিটোৰ মেনেজমেণ্টে অক্ষৰক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ