হাইব্ৰিড মডেল বাদ, চেম্পিয়নছ ট্ৰফীৰ আয়োজন স্বত্বই হেৰুৱাব পাৰে পাকিস্তানে!

চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি বিচিচিআই আৰু পিচিবিৰ মাজত সংঘাতৰ অব্যাহত আছে। ভাৰতে প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেলৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বিপৰীতে পিচিবিয়ে ইয়াত সন্মতি দিবলৈ অস্বীকাৰ কৰিছে। এই সকলো চৰ্চাৰ মাজত এইবাৰ আন এক সংকটে চিন্তাত পেলাইছে পিচিবিক। এতিয়া পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ আয়োজন স্বত্ব হেৰুওৱাৰ আশংকা গা কৰি উঠিছে।

হাইব্ৰিড মডেল বাদ, চেম্পিয়নছ ট্ৰফীৰ আয়োজন স্বত্বই হেৰুৱাব পাৰে পাকিস্তানে!

পাকিস্তানত নহ’ব পাৰে চেম্পিয়নছ ট্ৰফী!

Published: 

28 Nov 2024 15:21 PM

আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাক কেন্দ্ৰ কৰি বিচিচিআই আৰু পিচিবিৰ মাজত অব্যাহত আছে সংঘাত। নিৰাপত্তাজনিত কাৰণত এই প্ৰতিযোগিতাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ নকৰে বুলি স্থিতি স্পষ্ট কৰি দিয়াৰ লগতে হাইব্ৰিড মডেলত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিছে। বিচিচিআইৰ এই স্থিতিৰ বিপৰীতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী আয়োজনৰ বাবে সন্মতি নিদিয়ে বুলি স্পষ্ট কৰি দিছে।

দুয়ো ব’ৰ্ডৰ মাজত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ বাবে এতিয়াও ঘোষণা কৰিব পৰা হোৱা নাই চেম্পিয়নছ ট্ৰফীৰ সূচী। এনে স্থিতিৰ মাজত পাকিস্তানে প্ৰতিযোগিতাখনৰ আয়োজন স্বত্ব হেৰুওৱাৰ আশংকাও ব্যক্ত কৰিছে বহু ক্ৰিকেট বিশেষজ্ঞই। এই সকলো চৰ্চাৰ মাজত এইবাৰ আন এক সংকটে চিন্তাত পেলাইছে পিচিবিক। দেশখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰাবন্দী ইমৰান খানৰ মুক্তিৰ দাবীত তেওঁৰ সমৰ্থকসকলে ব্যাপক প্ৰতিবাদ গঢ়ি তুলিছে। এই প্ৰতিবাদে দেশখনৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। শেহতীয়া এনে পৰিস্থিতিৰ বাবে আগন্তুক চেম্পিয়নছ ট্ৰফী পাকিস্তানৰ পৰা সম্পূৰ্ণৰূপে বাহিৰলৈ যোৱাৰ সম্ভাৱনা গঢ় লৈ উঠিছে। সূত্ৰ অনুসৰি দেশখনৰ এনে পৰিৱেশৰ বাবে ভাৰতৰ লগতে এতিয়া আন অংশগ্ৰহণকাৰী দেশেও নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছে।

পিচিবিয়ে নিৰাপত্তাৰ নিশ্চিতি দি দেশখনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সফলতাৰে আয়োজন কৰা হ’ব বুলি দাবী কৰি আহিছে যদিও ব’ৰ্ডৰ এই দাবীয়ে এতিয়া সংশয়মুক্ত কৰিব পৰা নাই অংশগ্ৰহণকাৰী দেশসমূহক। পাকিস্তানৰ এনে আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে শ্ৰীলংকা এ দলে পাকিস্তান এৰ বিৰুদ্ধে শেহতীয়াকৈ নিৰ্ধাৰিত সূচী সম্পূৰ্ণ নকৰাকৈয়ে ভ্ৰমণ সামৰণিৰ সিদ্ধান্ত লয়।

শ্ৰীলংকা এ দলে ভ্ৰমণ স্থগিত ৰখাৰ ফলত আগন্তুক চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰতো নিৰাপত্তাজনিত বিষয়ত স্বাভাৱিকতেই উদ্বেগৰ সৃষ্টি হৈছে। এনে উদ্বেগৰ বাবেই এতিয়া আইচিচিৰ এই প্ৰতিযোগিতা পাকিস্তানৰ বাহিৰলৈ স্থানান্তৰিত হোৱাৰ ভাবুকি আহি পৰিছে। অৱশ্যে এনে হেঁচাত পৰি পিচিবিয়ে প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত আয়োজন কৰিবলৈ সন্মতি দিব পাৰে বুলি সম্ভাৱনা আহি পৰিছে।

উল্লেখ্য যে ১৯৯৬ চনৰ পিছত পাকিস্তানে প্ৰথমবাৰৰ বাবে আইচিচিৰ কোনো মূল ইভেণ্ট আয়োজন কৰিবলৈ সাজু হৈছে যদিও দেশৰ শেহতীয়া এনে ঘটনাৰ পিছত এই প্ৰস্তুতিত ব্যাঘাত জন্মাৰ সম্ভাৱনা গা কৰি উঠিছে। লক্ষণীয়ভাৱে ২০১৩ চনত শ্ৰীলংকাৰ পুৰুষ ক্ৰিকেট দলৰ ওপৰত আক্ৰমণৰ পিছত এক দশকৰো অধিক সময় পাকিস্তানত অনুষ্ঠিত হোৱা নাছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট।

আন্তঃৰাষ্ট্ৰীয় দলসমূহে এই ঘটনাৰ পিছত পাকিস্তান ভ্ৰমণৰ বাবে অস্বীকাৰ কৰিছিল। অৱশ্যে শেহতীয়াকৈ পুনৰ দেশখনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আৰম্ভণি হৈছিল। ইংলেণ্ড, বাংলাদেশ, নিউজিলেণ্ড, শ্ৰীলংকা আদি দলে পাকিস্তানত আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লৈছে। পিছে আইচিচি ইভেণ্ট আয়োজনৰ ক্ষেত্ৰত এতিয়া পাকিস্তানৰ সমুখত আহি পৰা নতুন বাধাই চিন্তাত পেলাইছে পিচিবিক।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension