দলৰ পৰা বাদ পৰাৰ পিছতে বিপদত নীতিশ ৰেড্ডী, ৰুজু হ’ল গোচৰ! আঁৰত আছে এই কাৰণ…

ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাটোত নীতিশে দুখন মেচ খেলাৰ সুযোগ লাভ কৰিছিল যদিও বিশেষ সফল হোৱা নাছিল। ইয়াৰ পিছত চলিত চতুৰ্থ টেষ্টৰ পূৰ্বে নীতিশ ৰেড্ডীয়ে প্ৰশিক্ষণৰ সময়ত আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাদ পৰে। তাৰ পিছতে এতিয়া এক নতুন বিপদত পৰিছে তাৰকাগৰাকী।

দলৰ পৰা বাদ পৰাৰ পিছতে বিপদত নীতিশ ৰেড্ডী, ৰুজু হ’ল গোচৰ! আঁৰত আছে এই কাৰণ...

নীতিশৰ বিৰুদ্ধে গোচৰ

Published: 

27 Jul 2025 | 04:24 PM

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ মাজতে দলৰ পৰা বাহিৰ বলগা হয় ভাৰতৰ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আঘাতৰ বাবে তৃতীয় টেষ্টৰ পিছতে নীতিশ শৃংখলাৰ পৰা বাদ পৰে স্বাভাৱিকতেই এগৰাকী খেলুৱৈৰ বাবে যথেষ্ট হতাশাজনক এই পৰিস্থিতি পিছে এনে পৰিস্থিতিৰ মাজতে এইবাৰ আন এক বিপদৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেটাৰগৰাকী আঘাতৰ সমস্যাৰ সৈতে যুঁজি থকাৰ সময়তে নীতিশ কুমাৰ ৰেড্ডীৰ বিৰুদ্ধে উত্থাপন হৈছে ৫ কোটিতকৈ অধিক বকেয়া ধন পৰিশোধ নকৰাৰ অভিযোগ। এই বিষয়ত তেওঁৰ বিৰুদ্ধে এক গোচৰো ৰুজু কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি বেংগালুৰুস্থিত টেলেণ্ট মেনেজমেণ্ট এজেঞ্চি স্কোৱাৰ দ্য ৱানে নীতিশ কুমাৰ ৰেড্ডীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। এনে অভিযোগ সন্দৰ্ভত সংস্থাটোৱে আদালতৰ কাষ চাপিছে আৰু এখন আবেদন দাখিল কৰিছে দিল্লী উচ্চ ন্যায়ালয়ত সংস্থাটোৰ এই আবেদনৰ শুনানি হ’ব বুলি জানিব পৰা গৈছে।

পোহৰলৈ অহা তথ্য মতে অষ্ট্ৰেলিয়াৰ বিপক্ষে ৰ্ডাৰগাভাস্কাৰ ট্ৰফীৰ সময়ত নীতিশ কুমাৰ ৰেড্ডী আৰু তেওঁৰ পূৰ্বৰ মেনেজমেণ্ট সংস্থা স্কোৱাৰ দ্য ৱানৰ মাজত কোনো বিষয়ত বিবাদৰ সূত্ৰপাত হৈছিল। ইয়াৰ পিছতে নীতিশে দলৰ এগৰাকী ক্ৰিকেটাৰৰ সহায়ত এক নতুন মেনেজমেণ্ট এজেঞ্চিৰ সৈতে চুক্তিবদ্ধ হয়

আনহাতে স্কোৱাৰ দ্য ৱানৰ সৈতে নীতিশৰ ৩ বছৰৰ চুক্তি আছিল। এনে পৰিস্থিতিত স্কোৱাৰ দ্য ৱান প্ৰাইভেট লিমিটেডৰ সঞ্চালক শিৱ ধাৱানে নীতিশ ৰেড্ডীয়ে চুক্তি উলংঘা কৰাৰ বাবদ বকেয়া ধন পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰে। ২৮ জুলাই অৰ্থাৎ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এই আবেদনৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।

স্কোৱাৰ দ্য ৱানৰ চুক্তিৰ সময়ত নীতিশ ৰেড্ডীক সংবাদ মাধ্যমৰ প্ৰচাৰত বহুবাৰ দেখা গৈছিল যদিও বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা তেওঁক খুব কমেইহে এইদৰে দেখা গৈছে। ইফালে সংস্থাটোৱে আদালতত আবেদন দাখিল কৰাৰ পিছত নীতিশ কুমাৰ ৰেড্ডীও এই বিষয়ত আদালতলৈ যাবলৈ সাজু বুলি প্ৰকাশ পাইছে।

জানিব পৰা মতে নীতিশে স্কোৱাৰ দ্য ৱানক কোনো ধৰণৰ ধন দিবলৈ অস্বীকাৰ কৰিছে। নীতিশে নিজেই এণ্ডাৰছমেণ্ট চুক্তি নিশ্চিত কৰিছিল আৰু ইয়াত এজেন্সীৰ কোনো ভূমিকা নাছিল বুলি দাবী কৰা বুলি প্ৰকাশ পাইছে। অৱশ্যে এই বিষয়ত এতিয়ালৈকে নীতিশ ৰেড্ডীয়ে কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাটোত নীতিশে দুখন মেচ খেলাৰ সুযোগ লাভ কৰিছিল যদিও বিশেষ সফল হোৱা নাছিল ইয়াৰ পিছত চলিত চতুৰ্থ টেষ্টৰ পূৰ্বে নীতিশ ৰেড্ডীয়ে প্ৰশিক্ষণৰ সময়ত আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাদ পৰে। তাৰ পিছতে এতিয়া এই বিপদত পৰিছে তাৰকাগৰাকী

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...