জন্মদিনৰ দিনাই এনে বিপদত পৰিল মহম্মদ ছামিৰ কন্যাঃ আবেগিক হৈ ছামিয়ে ক’লে…

পত্নী হাছিন জাহানৰ সৈতে ছামিৰ বিবাহ বিচ্ছেদৰ খবৰে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। এই বিষয়ত দুয়োৰে মাজৰ আইনী বিবাদক লৈয়ো দেশজুৰি চৰ্চা চলিছিল। পিছে এইবাৰ হাছিন জাহান আৰু তেওঁৰ কন্যা আয়ৰা এক পৃথক বিতৰ্কত সোমাই পৰিছে।

জন্মদিনৰ দিনাই এনে বিপদত পৰিল মহম্মদ ছামিৰ কন্যাঃ আবেগিক হৈ ছামিয়ে ক’লে...

বিপদত ছামিৰ কন্যা-প্ৰাক্তন পত্নী

Updated On: 

17 Jul 2025 | 04:08 PM

বিগত কিছুদিন ধৰি ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত আছে তাৰকা পেচাৰ মহম্মদ ছামি। অভিজ্ঞ পেচাৰগৰাকীৰ আগন্তুক কেৰিয়াৰক লৈয়ো শেহতীয়া সময়ছোৱাত যথেষ্ট আলোচনা পৰিলক্ষিত হৈছে। বহু ক্ৰিকেট অনুৰাগী তথা ক্ৰিকেট বিশেষজ্ঞই আনকি ছামিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটা বুলিয়ে আশংকা প্ৰকাশ কৰিছে। পিছে এইবাৰ ছামি নহয়, তেওঁৰ কন্যা আৰু পত্নীহে আহিছে চৰ্চালৈ। চুবুৰীয়াৰ সৈতে বিবাদৰ সূত্ৰে দুয়ো পৰিছে এক আইনী সমস্যাত।

পত্নী হাছিন জাহানৰ সৈতে ছামিৰ বিবাহ বিচ্ছেদৰ খবৰে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। এই বিষয়ত দুয়োৰে মাজৰ আইনী বিবাদক লৈয়ো দেশজুৰি চৰ্চা চলিছিল। পিছে এইবাৰ হাছিন জাহান আৰু তেওঁৰ কন্যা আয়ৰা এক পৃথক বিতৰ্কত সোমাই পৰিছে। হাছিন আৰু তেওঁৰ ১০ বছৰীয়া কন্যা শেহতীয়াকৈ চুবুৰীয়াৰ কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে দুয়োৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। মহম্মদ ছামিৰ সৈতে বিচ্ছেদৰ পিছত সম্প্ৰতি কন্যাৰ সৈতে পশ্চিমবংগৰ বীৰভূমত বসবাস কৰি আছে হাছিন জাহানে। বিচ্ছেদৰ পিছত আদালতৰ ৰায় অনুসাৰে হাছিন জাহান আৰু আইৰাই ছামিৰ পৰা ঘৰুৱা খৰচৰ বাবে প্ৰতিমাহে চাৰি লাখ টকা লাভ কৰিব। এতিয়া হাছিন জাহানৰ বিৰুদ্ধে অবৈধভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে।

ওচৰ-চুবুৰীয়াই হাছিনৰ এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগে লগে কাজিয়াৰ সূত্ৰপাত হয় আৰু এই ঘটনাই শাৰীৰিক আক্ৰমণৰ ফালেও ঢাল খায় বুলি কোৱা হৈছে। এই গোচৰত আৰক্ষীয়ে হাছিন জাহান আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে আজি মহম্মদ ছামিৰ কন্যা আইৰাই নিজৰ জন্মদিন উদযাপন কৰিছে।

পিছে জন্মদিনৰ দিনটোতে এতিয়া এনে পৰিস্থিতিয়ে দেখা দিছে। ইফালে কন্যা আইৰাৰ জন্মদিনত ভাবুক হৈ পৰিছে ছামি। ইনষ্টাগ্ৰাম যোগে কন্যা আইৰাক ছামিয়ে অত্যন্ত এক আবেগিক বাৰ্তাৰে জন্মদিনৰ শুভকামনা জনাইছে। পোষ্টটোত ছামিয়ে লিখিছে যে কন্যা আইৰাৰ সৈতে কটোৱা প্ৰতিটো নিশা তেওঁৰ এতিয়াও মনত আছে ৷

 

কন্যা আইৰা ইমান সোনকালে যে ডাঙৰ হৈ আহিছে সেয়া বিশ্বাস কৰিব পৰা নাই বুলি উল্লেখ কৰি তেওঁ লগতে আইৰাৰ বাবে গোটেই জীৱনটোত কেৱল শুভকামনা আছে বুলিও পোষ্টটোত কয়। তেওঁ লগতে আজিৰ লগতে প্ৰতিটো দিনৰ বাবে আইৰাক ভগৱানে প্ৰচুৰ সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে আশীৰ্বাদ কৰাৰ কামনা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব