Womens World Cup 2025: একেলগে তিনিখন মেচত পৰাজয়, তাৰ পিছতো ছেমিৰ আশা ভাৰতৰ! চাওক সমীকৰণ

দেওবাৰে ইন্দোৰত ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দল জয়ৰ প্ৰায় কাষ চাপিও মাত্ৰ চাৰি ৰানত পৰাস্ত হয়। এটা সময়ত নিশ্চিত জয়ৰ সম্ভাৱনা গঢ়ি তুলিলেও বেটাৰৰ ব্যৰ্থতাৰ বাবে হাতত থকা মেচ হেৰুৱায় ভাৰতে। এই পৰাজয়ৰ পিছত ভাৰতীয় দলৰ বাবে ছেমিফাইনেলৰ পথ হৈ পৰিছে কণ্টকময়।

Womens World Cup 2025: একেলগে তিনিখন মেচত পৰাজয়, তাৰ পিছতো ছেমিৰ আশা ভাৰতৰ! চাওক সমীকৰণ

ভাৰতীয় ক্ৰিকেট দল

Published: 

20 Oct 2025 15:20 PM

চলিত মহিলা বিশ্বকাপত আশাপ্ৰদ আৰম্ভণি ঘটাইছিল ভাৰতীয় ক্ৰিকেট দলে এনে আৰম্ভণিৰে ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপত চুম্বন দিয়াৰ সম্ভাৱনাই সৃষ্টি কৰিছিল হৰমনপ্ৰীত বাহিনীয়ে কিন্তু ইয়াৰ পিছতে ছন্দপতন ঘটে দলৰ প্ৰথমে দক্ষিণ আফ্ৰিকা আৰু তাৰ পিছত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হোৱাৰ পিছত দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধেও পৰাজয় স্বীকাৰ কৰে ভাৰতে এইদৰে ক্ৰমাগত তিনিখন মেচত পৰাজয় সূত্ৰে ভাৰতীয় দলৰ বিশ্বকাপ অভিযান অন্ত পৰাৰ শংকাই গা কৰি উঠিছে

দেওবাৰে ইন্দোৰত ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দল জয়ৰ প্ৰায় কাষ চাপিও মাত্ৰ চাৰি ৰানত পৰাস্ত হয়। এটা সময়ত নিশ্চিত জয়ৰ সম্ভাৱনা গঢ়ি তুলিলেও বেটাৰৰ ব্যৰ্থতাৰ বাবে হাতত থকা মেচ হেৰুৱায় ভাৰতে এই পৰাজয়ৰ পিছত ভাৰতীয় দলৰ বাবে ছেমিফাইনেলৰ পথ হৈ পৰিছে কণ্টকময়

ছেমিফাইনেলত প্ৰৱেশ কৰিবনে ভাৰত?

অৱশ্যে ইংলেণ্ডৰ বিপক্ষে পৰাজয়ৰ পিছতো ভাৰতৰ ছেমিফাইনেলৰ আশা অন্ত পৰা নাই এতিয়াও ভাৰতীয় দলে প্ৰৱেশ কৰিব পাৰে প্ৰতিযোগিতাৰ ছেমিত, কিন্তু এইক্ষেত্ৰত আগন্তুক পৰিস্থিতি ভাৰতৰ বাবে হৈ পৰিছে ডু-অৰ-ডাই স্বৰূপ। এইপৰ্যন্ত ভাৰতে পাঁচখন মেচৰ দুখনত জয় আৰু তিনিখনত পৰাজয়েৰে সংগ্ৰহ কৰিছে ৪ পইণ্ট

অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডে ইতিমধ্যে প্ৰতিযোগতাৰ ছেমিত প্ৰৱেশ কৰাৰ পিছত চতুৰ্থটো দলৰ স্থান এতিয়া বাকী আছে অৱশ্যে সম্প্ৰতি চতুৰ্থ স্থানতে আছে ভাৰত নিউজিলেণ্ডৰো এইপৰ্যন্ত সংগ্ৰহ ৪ পইণ্ট যদিও নেট ৰান ৰেটৰ হাৰ অনুসৰি ভাৰত আগবাঢ়ি আছে এতিয়া ছেমিত প্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ বাবে আটাইতকৈ সহজ পথ হ’ল অন্তিম দুখন মেচত জয়

ভাৰতীয় দলে এতিয়া অন্তিম মেচ দুখন নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিব এই মেচকেইখনত জয়লাভ কৰিলে ভাৰতীয় দলৰ ছেমিত স্থান নিশ্চিত কিন্তু এখনো মেচত যদি ভাৰত পৰাস্ত হয়, তেতিয়া নিউজিলেণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰতৰ আশা লগতে ভাৰতীয় দলো আনখন মেচত বৃহৎ ব্যৱধানত জয়ী হ’ব লাগিব।

কাহৰ সমস্যাত পাণ-মৌৰ মহৌষধি, কিদৰে সকাহ দিয়ে আপোনাক জানেনে?
কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...
শৰীৰত চুগাৰৰ পৰিমাণ হ্ৰাস পালে কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা...